ETV Bharat / state

এনটি ৰোডৰ নিৰ্মাণৰ দাবীত সৰৱ ৰঙিয়াবাসী

author img

By

Published : Aug 28, 2020, 5:57 PM IST

সদাব্যস্ত এনটি ৰোডৰ পুনৰ নিৰ্মাণৰ দাবীত সৰৱ হৈছে স্থানীয় ৰাইজৰ লগতে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা ৷ বানে উক্ত পথছোৱাৰ বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত ইয়াত সৃষ্টি হৈছিল দ গাঁতৰ ৷ এই পথছোৱা ৰঙিয়া মহকুমাৰ আটাইতকৈ ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথ ৷

Poor road conditions due to flood in rangia kamrup rural assam etv bharat news
এনটি ৰোডৰ নিৰ্মাণৰ দাবীত সৰৱ ৰঙিয়াবাসী

ৰঙিয়া,28 আগষ্ট: বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বানে ক্ষতি কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়া মহকুমাৰো ভিন্ন অঞ্চলত বানে ক্ষতি কৰাৰ ফলত দুৰ্ভোগ ভূগিছিল জনসাধাৰণে ৷ বিশেষকৈ বানে পথসমূহ ছিগি বিধ্বস্ত কৰাৰ ফলত ব্যাঘাত জন্মিছিল যাতায়াতৰ ক্ষেত্ৰত ৷ মহকুমাটোৰ মাজেৰে পাৰ হৈ যোৱা এন টি ৰোডটো হৈছে ৰঙিয়াৰ অন্যতম ব্যস্ত পথ ৷ এই পথটোৱে সংযোগ কৰিছে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ৷ ইয়াৰোপৰি ৰঙিয়াৰ ৰে’ল জংচন, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, ছেচন ক’ৰ্ট আদিৰ উপৰিও বিদ্যুৎ বিভাগৰ দুটাকৈ কাৰ্যালয়লৈ যাবলৈ পথচাৰীয়ে ব্যৱহাৰ কৰে এই পথ ৷ ৰঙিয়াৰ মূল বজাৰৰ লগতে সাপ্তাহিক বজাৰলৈও যাবলৈ এই পথেই হৈছে পথচাৰীৰ একমাত্ৰ ভৰসাৰ থলী ৷

এনটি ৰোডৰ নিৰ্মাণৰ দাবীত সৰৱ ৰঙিয়াবাসী

কিন্তু বিগত সময়ছোৱাত বানে পথছোৱাৰ বিস্তৰ ক্ষতিসাধন কৰাৰ ফলত ইয়াত সৃষ্টি হৈছে দ গাঁতৰ ৷ সেয়ে বৰ্তমান এজাক বৰষুণতে পানী ভৰ্তি হয় উক্ত পথত ৷ সম্প্ৰতি গড়কাপ্তানী বিভাগে এই পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত যমৰ যাতনা ভূগিবলগীয়া হৈছে প্ৰতিগৰাকী পথচাৰীয়ে ৷ সেয়ে ৰাইজৰ লগতে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পথটোৰ পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৷

লগতে চাওকঃ এবছৰ পূৰ্ণ হোৱাৰ দিশে এনআৰচিৰ চূড়ান্ত তালিকাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.