ETV Bharat / state

Poor Infrastructure of Govt School: বছৰটোৰ অধিকাংশ সময় পানীৰ তলত থকা এখন চৰকাৰী বিদ্যালয়

author img

By

Published : Aug 10, 2023, 8:16 PM IST

Poor Infrastructure of Govt School
বছৰটোৰ অধিকাংশ সময় পানীৰ তলত থকা এখন চৰকাৰী বিদ্যালয়

বিকশিত অসমৰ অবিকশিত ছবি এয়া ৷ সুদীৰ্ঘ পাঁচ বছৰে পানীৰ তলত বিদ্যালয়খন । কি ৰ’দ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে পানীত ডুব গৈ থাকে বিদ্যালয়খন ।

বছৰটোৰ অধিকাংশ সময় পানীৰ তলত থকা এখন চৰকাৰী বিদ্যালয়

ৰঙিয়া, ১০ আগষ্ট: চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাই উদঙাইছে চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ । সুদীৰ্ঘ পাঁচ বছৰে পানীৰ তলত বিদ্যালয়খন । কি ৰ’দ, কি বৰষুণ, কি বাৰিষা, কি খৰালি সকলো সময়তে পানীত ডুব গৈ থাকে বিদ্যালয়খন । নৰক-যন্ত্রণাৰ মাজত অস্বাস্থ্যকৰ পৰিবেশত চলিছে পাঠদান ।

হয়, আমি ক'বলৈ ওলাইছোঁ ৰঙিয়া নগৰৰ মাজ মজিয়াৰ ৫নং ৱাৰ্ডত থকা হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কথা । ১৯৬১ চনতে স্থাপিত হৈছিল এই বিদ্যালয়খন । বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্রেণীলৈ প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে । বৰ্তমানত এই বিদ্যালয়খনৰ জলাশয় সদৃশ পৰিৱেশ । বিদ্যালয়খনৰ চাৰিওফালে পানী ভৰি থকাৰ বাবেই হাবি-জংঘলে আৱৰি ধৰিছে বিদ্যালয়খন । যাৰ ফলত বিদ্যালয় চৌহদত বিল সদৃশ পৰিৱেশ ।

বিদ্যালয়খনৰ ১১টা শ্ৰেণীকোঠা বৰ্তমানেও পানীৰ তলত । বিদ্যালয়খনৰ বাৰান্দাত আঠুৰ ওপৰত লেতেৰা পানী । বিদ্যালয় কৰ্তৃপক্ষই বিভাগীয় কৰ্তৃপক্ষক বিদ্যালয়ৰ সমস্যা সমাধানৰ ক্ষেত্রত বাৰাম্বাৰ আবেদন জনাই অহাৰ পিছতো আজিকোপতি গা-নলৰিল বিদ্যালয়খনৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত । চকু মুদা কুলিৰ ভাওত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰঙিয়া পৌৰসভা ।

এতিয়া প্ৰশ্ন হয়, যি সময়ত চৰকাৰে শিক্ষাখণ্ডৰ ওপৰত অধিক গুৰুত্ব দি অহা বুলি সামাজিক মাধ্যমত ঢাক-ঢোল বজাই আছে । তেনে সময়তে নগৰ এখনৰ মাজমজিয়াত থকা বিদ্যালয়খনৰ এনেকুৱা দুৰৱস্থা হৈ থকাটো চিন্তনীয় বিষয় নহয়নে ! এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক: Teachers involving in student politics :শিক্ষকে ৰাজনৈতিক মোহৰ থকা ছাত্ৰ সংগঠনত যোগদান কৰাটো গ্ৰহণযোগ্য নহয়; শংকৰজ্যোতি বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.