ETV Bharat / state

Corruption in road construction : ৰঙিয়াত পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Nov 16, 2021, 5:05 PM IST

ৰঙিয়াৰ চেপ্তি-বিহদিয়া পকী পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ । নিৰ্মাণৰ পিছতে এৰি আহিছে কোটি টকীয়া পথৰ ব্লেক টপিং । নিম্নমানৰ সামগ্ৰীৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে ৰাইজে ।

Pathetic condition of newly constructed road in Rangia
ৰঙিয়াত পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

ৰঙিয়া, ১৬ নৱেম্বৰ: চৰকাৰে পথ নিৰ্মাণ(Road construction)ৰ নামত ধন আবণ্টন দিয়ে ঠিকেই; কিন্তু একাংশ বিষয়া আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে নিৰ্মাণ কাৰ্যত ব্যাপক বিসংগতি হোৱা দেখা যায় । এনে এক ঘটনাই এতিয়া ক্ষোভিত কৰিছে ৰঙিয়া(Rangia)ৰ মধুকুছিবাসীক । বহুবাৰ চেপ্তি-বিহদিয়া পথ(Septi-Bihdia road)টো নিৰ্মাণৰ বাবে আহ্বান জনোৱাৰ পাচত পথ নিৰ্মাণৰ নামত ধন আবণ্টন হৈছিল । স্থানীয় ৰাইজৰ অভিযোগ মতে, কিছুদিন পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা কোটি টকীয়া পথটোৰ এটা অংশৰ কাম সুন্দৰকৈ সম্পন্ন হৈছে যদিও মধুকুছি(Madhukuchi)ত পথটো অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে ।

কিয়নো, মধুকুছিত পথটোৰ ব্লেক টপিং(Black topping) হাতেৰে উঠাই আনিলেই চপৰা-চপৰে এৰি আহে । গোটেই পথচোৱাৰ কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই জহি-খহি গৈছে পথৰ এটা অংশ । লোক নিৰ্মাণ বিভাগৰ বিষয়া আৰু ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

ৰঙিয়াত পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

তেওঁলোকৰ মতে, লোক নিৰ্মাণ বিভাগ(PWD) আৰু ঠিকাদাৰক ৰাইজে বাৰে বাৰে অভিযোগ দিয়াৰ পিছতো নিজৰ মইমতালিৰে নিৰ্মাণ কৰিছে পকী পথটো ।

আনকি, পথ নিৰ্মাণৰ কামত নিয়োজিত লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়েও কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিছে যে, পথটোৰ কাম সঠিকভাৱে হোৱা নাই । নিৰ্মাণকাৰ্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰী লাভ নকৰাৰ বাবে এনেদৰে পথটো জহি খহি গৈছে বুলি দায় সৰা মন্তব্য় কৰিলে বিভাগীয় বিষয়াজনে । এতিয়া প্ৰশ্ন হৈছে যে, ঠিকাদাৰৰ দুৰ্নীতি(Corruption)ৰ বাবে ৰাইজে আকৌ দুৰ্ভোগ ভূগিব লাগিব নেকি ? দুৰ্নীতিৰ ক্ষেত্রত শূন্য সহনশীলতা নীতি অৱলম্বন কৰা বুলি দাবী কৰি অহা বিজেপি(BJP) চৰকাৰ এই ক্ষেত্রত কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক:Goalpara Murder : আকৌ ওলাইছে পৰশুৰাম ! মাতৃহন্তাক কৰায়ত্ত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.