ETV Bharat / state

ছয়গাঁৱত চোৰাং গৰুসহ এজন আটক

author img

By

Published : Nov 2, 2021, 4:58 PM IST

One person arrested with cow in Chaygaon
ছয়গাঁৱত চোৰাং গৰু সহ এজন আটক

ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়েও অব্যাহত ৰাখিছে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান ৷ ইতিমধ্যে আৰক্ষীয়ে এই ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

ছয়গাঁও, হোজাই; ২ নৱেম্বৰ : ছয়গাঁও আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই চাৰিটা গৰুসহ এজন লোকক আটক কৰে । ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযানত জব্দ কৰা হয় গৰুকেইটাসহ সৰবৰাহকীৰটোক ৷

One person arrested with cow in Chaygaon
ছয়গাঁৱত চোৰাং গৰু সহ এজন আটক

আৰক্ষীৰ দলটোৱে ছয়গাঁৱৰ আটকাধীন সৰবৰাহকাৰীটো গৰৈমাৰী হাতীপাৰাৰ মীৰ হুছেইন বুলি জানিব পৰা হৈছে ৷ মীৰ হুছেইনে গৰু চাৰিটা লৈ গৈ থকা অৱস্থাত বৰটৰী অঞ্চলৰ পৰা আৰক্ষীৰ দলে আটক কৰে সৰবৰাহকাৰীটোক ৷

One person arrested with cow in Chaygaon
ছয়গাঁৱত চোৰাং গৰু সহ এজন আটক

আনহাতে, হোজাই জিলাৰ ভালুকমাৰীৰ ইটাগাঁৱত মঙলবাৰে পুৱা স্থানীয় ৰাইজে চোৰাংকৈ গৰু সৰবৰাহৰ কৰাৰ সন্দেহৰ ভিত্তিত এখন বলেৰ’ পিকআপ ভান আবদ্ধ কৰি ৰাখে ৷ স্থানীয় লোকে বলেৰ’ পিকআপ ভানসহ গৰুকেইটাক উদ্ধাৰ কৰি শংকৰদেৱ নগৰ আৰক্ষীক গতাই দিয়ে । গৰুকেইটা নখুঁটিৰ পৰা লংকাৰ লস্কৰপথাৰলৈ নি থকা বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, অসম আৰক্ষীয়ে গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি ইতিমধ্যে কেইবাটাও চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা গৰু জব্দ কৰাৰ লগতে বহুকেইটা সৰবৰাহীকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : গুৱাহাটী-চিৰাঙৰ পৰা আটক দুজনকৈ ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.