ETV Bharat / state

কংগ্ৰেছৰ মহাজোঁটে লাভ কৰিব 80+ আসন : নন্দিতা দাস

author img

By

Published : Jan 22, 2021, 4:51 PM IST

বিজেপিয়ে যদি 100+ ৰ সপোন দেখিছে, কংগ্ৰেছেও দেখিছে 80+ ৰ সপোন ৷ বকোৰ বিধায়িকা নন্দিতা দাসৰ মতে 80+ আসন লাভ কৰিছে কংগ্ৰেছৰ মহাজোঁটে ৷

nandita das urged regional parties to come with congress
nandita das urged regional parties to come with congress

নিউজ ডেস্ক, 22 জানুৱাৰী : নিৰ্বাচনী বতাহজাক লাহে লাহে প্ৰৱল হ’বলৈ ধৰিছে অসমত ৷ ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ হৈছে ৰাজনৈতিক দলৰ কুচকাৱাজ ৷ বিজেপিয়ে যদি 100+ ৰ সপোন দেখিছে, কংগ্ৰেছেও দেখিছে 80+ ৰ সপোন ৷ ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছে মহাজোঁট বন্ধন ৷ ৰাজ্যৰ নৱ গঠিত দুটা আঞ্চলিক দলেও সমানে প্ৰস্তুতি চলাইছে ৷ কিন্তু দুয়োটা দলকে যেন বিশেষ গুৰুত্ব দিব বিচৰা নাই বিজেপি মিত্ৰজোঁট কিম্বা কংগ্ৰেছে ৷

nandita das urged regional parties to come with congress
বিধায়িকা নন্দিতা দাসেও কৰিছে নিৰ্বাচনী অংক

বকোৰ বিধায়িকা নন্দিতা দাসেও কৰিছে নিৰ্বাচনী অংক ৷ তেওঁৰ মতে 80+ আসন লাভ কৰিছে কংগ্ৰেছৰ মহাজোঁটে ৷ আনহাতে, নতুন দল সন্দৰ্ভত তেওঁ কয় যে, অসমৰ ৰাইজে নতুন দলক বিশ্বাস নকৰে ৷ সেয়ে কা বিৰোধী শক্তিক একত্ৰিত হৈ নিৰ্বাচনী যুঁজ দিায়ৰ আহ্বান বিধায়িকা গৰাকীৰ ৷ বকোৰ সোণতলীত এটা মছজিদৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি এইদৰে মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷

লগতে পঢ়ক : ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.