ETV Bharat / state

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ

author img

By

Published : Jan 7, 2021, 6:45 AM IST

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী হৈছে বকোৰ লাংকোনাৰ ভাতৃদ্বয় জিতু বড়ো আৰু হেমেন বড়ো ৷ কিন্তু তেওঁলোকে আজিলৈ এই ক্ষেত্ৰত চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ
কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ

বকো, 7 জানুৱাৰী: বকোৰ দুগৰাকী ভাতৃয়ে ৰাইজলৈ আগবঢ়াই দিছে সুস্বাদু কাঠফুলা ৷ বকোৰ লাংকোনাৰ দুই ভাই-ককায়ে চৰকাৰ তথা কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নোহোৱাকৈয়ে কাঠফুলাৰ খেতি কৰাৰ লগতে সেইসমূহ বিক্ৰী কৰি পোহপাল দিছে পৰিয়াল ৷ যোৱা প্ৰায় ৬ বছৰে কাঠফুলাৰ ব্যৱসায়ৰে আৰ্থিকভাৱে টনকিয়াল হৈ পৰিছে বকোৰ ভাতৃদ্বয় জিতু বড়ো আৰু হেমেন বড়ো ৷

কাঠফুলাৰ খেতিৰে স্বাৱলম্বী বকোৰ দুই ভাতৃ

প্ৰতি কিলোগ্ৰাম কাঠফুলাৰ পাইকাৰী মূল্য ১৬০ টকা যদিও তেওঁলোকৰ উৎপাদিত কাঠফুলাৰ খুচুৰা মূল্য 200 ৰ পৰা 300 টকা পৰ্যন্ত ৷ বিগত বৰ্ষসমূহৰ দৰে এই বছৰ প্ৰথমাৱস্থাত কৰা খেতিত তেওঁলোকে ভালদৰে বীজ ৰোপন কৰিব নোৱাৰিলে যদিও, খেতিৰ ফচল ক্ৰমান্বয়ে ভললৈ আহিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা আৰম্ভ বাঘ গণনা প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.