ETV Bharat / state

এম্বুলেঞ্চৰ চালকৰ আসনত বিধায়িকা নন্দিতা দাস

author img

By

Published : Feb 11, 2021, 5:19 PM IST

mla-nandita-das-donats-an-ambulance
এম্বুলেঞ্চেৰ চালকৰ আসনত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস

এইবাৰ এম্বুলেঞ্চৰ চালকৰ আসনত বহি চিকিৎসালয়ত উপস্থিত হ'ল জন প্ৰতিনিধি ৷ বকোৰ সোণতলী ৰাজপথত চাইৰেণ বজাই সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ৰোগীৰ সুবিধাৰ্থে তথা ৰাইজৰ সেৱাৰ বাবে বিধায়ক পুঁজিৰ ধনেৰে এম্বুলেঞ্চ আগবঢ়ালে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ৷

বকো,11 ফেব্ৰুৱাৰী: কোনো চৰকাৰী বাহন অথবা ব্যক্তিগত বাহনত নহয় ৷ এইবাৰ এম্বুলেঞ্চৰ চালকৰ আসনত বহি চিকিৎসালয়ত উপস্থিত হ'ল জন প্ৰতিনিধি ৷ বুধবাৰে চালকৰ আসনত বহি চিকিৎসালয়ত পদাৰ্পণ কৰা জন প্ৰতিনিধিগৰাকী হৈছে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস। বকোৰ সোণতলী ৰাজপথত চাইৰেণ বজাই সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱা বিধায়িকাগৰাকীক ব্যতিক্ৰমী ৰূপত দেখি স্বাভাৱিকতে উৎসুক হৈ পৰে স্থানীয় ৰাইজ ৷

এম্বুলেঞ্চেৰ চালকৰ আসনত বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস

জানিব পৰা মতে, সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিধায়িকাগৰাকীয়ে ৰোগীৰ সুবিধাৰ্থে তথা ৰাইজৰ সেৱাৰ বাবে আনুষ্ঠানিকভাৱে এম্বুলেঞ্চখন হস্তান্তৰ কৰে ৷ সোণতলীৰ বৃহত্তৰ এলেকাক সামৰি বিধায়ক পুঁজিৰ ধনেৰে আগবঢ়োৱা হৈছে এম্বুলেঞ্চখন ৷ আনহাতে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে সোণতলীবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰা তথা বিধায়িকাগৰাকীৰ এনে প্ৰশংসনীয় পদক্ষেপক সকলোৱে এতিয়া আদৰণি জনাইছে ।

লগতে পঢ়কঃডেকা সত্ৰীয়া পদৰ নিৰ্বাচনলৈ সাজু বৰপেটা জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.