ETV Bharat / state

BJP MLA criticises APCC: ভূপেন বৰাৰ কথা দলীয় বিধায়কে বুলি ক’লে দিগন্ত কলিতাই

author img

By

Published : Jul 22, 2022, 10:23 PM IST

‘‘সভাপতি পদ ত্যাগ কৰক ভূপেন কুমাৰ বৰাই ৷ ৰাজীৱ ভৱনত বহাৰ বিপৰীতে গাঁৱে গাঁৱে ঘূৰক সভাপতিগৰাকী ৷ কিয়নো ভূপেন বৰাৰ কথা নামানে দলীয় বিধায়কে’’ ৷ শুকুৰবাৰে কমলপুৰত আয়োজিত এখনি সভাত এই মন্তব্য প্ৰদান কৰে বিধায়ক দিগন্ত কলিতাই (Diganta Kalita criticized APCC president Bhupen Kumar Borah)৷

Congratulate to newly elected President Droupadi Murmu
ভূপেন বৰাৰ কথা নামানে দলীয় বিধায়কে : দিগন্ত কলিতা

বাইহাটা, 22 জুলাই : দেশৰ প্ৰথম নাগৰিক হ’ল দ্ৰৌপদী মূৰ্মু (First citizen of India Droupadi Murmu) ৷ পোন প্ৰথমবাৰৰ বাবে প্ৰথমগৰাকী জনজাতীয় মহিলাই ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ল । তাৰ পাচতে জনজাতীয় লোকসকলৰ লগতে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ।

ইফালে নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক(President Droupadi Murmu) অভিনন্দন জ্ঞাপন কৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ৷ যিসকলে NDA প্ৰাৰ্থীগৰাকীক ভোট দি জয়যুক্ত কৰালে তেওঁলোককো অভিনন্দন জনায় বিধায়কগৰাকীয়ে ৷ বিশেষকৈ বিৰোধী দলৰ যিসকল বিধায়কে NDA প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুক ভোট প্ৰদান কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক দিগন্ত কলিতাই ৷

ভূপেন বৰাৰ কথা নামানে দলীয় বিধায়কে : দিগন্ত কলিতা

শুকুৰবাৰে বিয়লি কমলপুৰ থানাত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক দিগন্ত কলিতাই কয় যে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ৰাজীৱ ভৱনত বহি নাথাকি গাঁৱে গাঁৱে ঘূৰিব লাগে ৷ লগতে তেওঁক কংগ্ৰেছ দলৰ সভাপতি পদ ত্যাগ কৰিবলৈও পৰামৰ্শ আগবঢ়ায় বিধায়কগৰাকীয়ে ৷

বৰ্তমান সময়ত সভাপতি ভূপেন বৰাৰ কথা দলীয় বিধায়কে নামানে বুলিও কটাক্ষ কৰি বুজন সংখ্যক বিধায়কে তেওঁৰ আহ্বানক নস্যাৎ কৰি NDA প্ৰাৰ্থীগৰাকীকহে ভোট দিয়া বুলি উল্লেখ কৰে (Diganta Kalita on cross vote in president election) ৷

এইটোৱেই অদূৰ ভৱিষ্যতে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছমুক্ত ভাৰতবৰ্ষৰ ইংগিত বহন কৰে বুলি তীৰ্যক মন্তব্য আগবঢ়ায় বিধায়ক দিগন্ত কলিতাই ৷

লগতে পঢ়ক : First woman tribal president of India : ডিব্ৰুগড়ত বিজয় উৎসৱ উদযাপন চাহ শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.