ETV Bharat / state

বকোৰ ৰায়পাৰাত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jan 6, 2021, 4:50 PM IST

massive fire broke out at raipara in boko
বকোৰ ৰায়পাৰাত ভয়ংকৰ অগ্নিকাণ্ড

বকোৰ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল পাকঘৰ ৷ বকোৰ ৰায়পাৰাত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷ অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজক সহযোগত জুই নিৰ্বাপন ৷

বকো, 6 জানুৱাৰী: মঙলবাৰে নিশা বকোৰ ৰায়পাৰাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ মঙলবাৰে নিশা সংঘটিত এই অগ্নিকাণ্ডত ৰায়পাৰাৰ ৰাজা চৌধুৰী নামৰ লোকজনৰ পাকঘৰটো সম্পূৰ্ণৰূপে জাহ যায় বুলি জানিব পৰা গৈছে ৷ ৰাজা চৌধুৰীৰ বাসগৃহত হঠাৎ সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি গৃহস্থই সন্দেহ প্ৰকাশ কৰিছে ৷

massive fire broke out at raipara in boko
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ

জানিব পৰা মতে ভোক্তভুগী ৰাজা চৌধুৰীয়ে হাঁহ-কুকুৰা বিক্ৰী কৰি পৰিয়ালটো পোহপাল দি আহিছে ৷ উক্ত অগ্নিকাণ্ডৰ ফলত কিছুসংখ্যক কুকুৰাৰো মৃত্যু হোৱাত দৰিদ্ৰ পৰিয়ালটো এতিয়া দুখত ভাগি পৰিছে ৷

উল্লেখ্য যে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে অঞ্চলটোত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু জুই নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ কিন্তু অগ্নি নিৰ্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় ৰাইজে মিলি জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

massive fire broke out at raipara in bokomassive fire broke out at raipara in boko
অগ্নিকাণ্ডৰ ফলত কুকুৰাৰ মৃত্যু

উক্ত ঘটনাত কোনো লোক আহত হোৱা নাই যদিও বিদ্যুত বিভাগৰ চৰম গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ৷

লগতে পঢ়ক:শিলচৰত অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.