Meghalaya assembly election 2023: মেন্দিপথাৰত নিৰ্বাচনী ৰণ ডংকা বজালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

author img

By

Published : Jan 19, 2023, 11:49 AM IST

Meghalaya assembly election 2023

বুধবাৰে মেঘালয়ৰ মেন্দিপথাৰত নিৰ্বাচনী ৰণ ডংকা বজালে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ এই নিৰ্বাচনী সভাতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক কটাক্ষ কৰি বৰ্তমানৰ চৰকাৰখনক দুৰ্নীতিগ্ৰস্ত দুটা ইঞ্জিন চালিত চৰকাৰ বুলি মন্তব্য কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মেঘালয়ত মমতাৰ নিৰ্বাচনী প্ৰচাৰ

বকো, 19 জানুৱাৰী: অৱশেষত ঘোষণা কৰা হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ দিন (ECI announces poll date of NE states elections)৷ নিৰ্বাচনী আয়োগে ঘোষণা কৰা অনুসৰি, আগন্তুক 26 ফেব্ৰুৱাৰীত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন ৷ একেদৰে নাগালেণ্ড আৰু মেঘালয়ত 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ আনহাতে, তিনিওখন ৰাজ্যতে ভোট গণনা হ’ব 2 মাৰ্চত (Vote counting date of NE states elections) ৷

নিৰ্বাচন আয়োগে উত্তৰ-পূৰ্বৰ ৰাজ্য কেইখনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎতপৰ হৈছে ৰাজ্য কেইখনৰ ৰাজনৈতিক দলসমূহ ৷ ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজতো আৰম্ভ হৈছে নিৰ্বাচনী কুজ-কাৱাজ ৷ উত্তৰ-পূৰ্বৰ তিনিওখন ৰাজ্যৰ ভিতৰত মেঘালয় অন্যতম ৷

নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগেই বুধবাৰে মেঘালয়ত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee campaign for Meghalaya election 2023) । বুধবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাকে ধৰি ৰাজ্যখনৰ তৃণমূল কংগ্ৰেছৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায় ৷

নিৰ্বাচনী প্ৰচাৰতে মেঘালয়ৰ বৰ্তমানৰ চৰকাৰখনক দুৰ্নীতিগ্ৰস্ত দুটা ইঞ্জিনেৰে চালিত চৰকাৰ বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । লগতে বিজেপি আৰু এন পি পি দলক ‘‘PROXY GOVERNMENT’’ বুলি কটাক্ষ কৰে তৃণমূল কংগ্ৰেছৰ অধ্যক্ষাগৰাকীয়ে ।

তেওঁ আৰু কয় যে সীমা বিবাদকে ধৰি মেঘালয়ৰ বহু কেইটা গুৰুত্বপূৰ্ণ সমস্যা যোৱা পাঁচ বছৰে সমাধান কৰিব নোৱাৰিলে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক প্ৰত্যাহ্বান জনাই ভাষণ প্ৰসংগত পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চাংমাক ৰাইজৰ উন্নয়নৰ হকে কৰা কামৰ খাটিয়ান দাঙি ধৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, মেঘালয় বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 60 খন ৷ মেঘালয়ৰ শেষৰটো নিৰ্বাচন অনুষ্ঠিত হৈছিল 2018 চনৰ 27 ফেব্ৰুৱাৰীত ৷ সেই নিৰ্বাচনত কংগ্ৰেছে 21 খন আসনত জয় লাভ কৰাৰ বিপৰীতে এন পি পিয়ে জয়লাভ কৰিছিল 19 খন আসনত ৷

বিজেপিয়ে দুখন, এইছ এছ পি ডি পিয়ে দুখন, পি ডি পিয়ে 6 খন, ইউ ডি পিয়ে 4 খন, নিৰ্দলীয়ই 3 খন আসন লাভ কৰিছিল ৷ কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলে এই ডি পি, পি ডি এফ, বিজেপি, এইছ এছ পি ডি পি আৰু নিৰ্দলীয়ক লগত লৈ মৰ্চা চৰকাৰ গঠন কৰে ৷ কিন্তু এইবাৰ অকলেই নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে এন পি পি ৷

লগতে পঢ়ক : Election date declared: 16 ফেব্ৰুৱাৰীত ত্ৰিপুৰাত, 27 ফেব্ৰুৱাৰীত মেঘালয়-নাগালেণ্ডত নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.