ETV Bharat / state

লাম্পীত অসমৰ জোৱানৰ বিৰুদ্ধে খাচী জনগোষ্ঠীৰ মহিলাক ধৰ্ষণৰ অভিযোগ

author img

By

Published : Feb 10, 2021, 10:18 PM IST

লাম্পীত অসমৰ জোৱানৰ বিৰুদ্ধে খাচী জনগোষ্ঠীৰ মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ
লাম্পীত অসমৰ জোৱানৰ বিৰুদ্ধে খাচী জনগোষ্ঠীৰ মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ

পুনৰ অশান্ত হৈ পৰিছে অসম-মেঘালয় সীমান্তৰ লাম্পী । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ লাম্পীৰ ভূমি আগ্ৰাসনৰ বাবে চেষ্টা চলাই অহা চুবুৰীয়া ৰাজ্য মেঘালয়ে এইবাৰ অসমৰ বি অ' পি জোৱানৰ বিৰুদ্ধে উত্থাপন কৰিলে ধৰ্ষণৰ অভিযোগ । খাচী জনগোষ্ঠীৰ তিনিগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি সীমান্ত পহৰা চকী ঘেৰাও কৰে খাচী জনগোষ্ঠীৰ একাংশ লোকে ।

বকো, ১০ ফেব্ৰুৱাৰী: প্ৰাকৃতিক সৌন্দৰ্যৰে সুশোভিত অসম-মেঘালয় সীমান্তৱৰ্তী অসমৰ পাহাৰীয়া ভূ-খণ্ড লাম্পীত মঙলবাৰৰ পৰা পুনৰ অশান্ত পৰিৱেশে বিৰাজ কৰিছে । বিভিন্ন চল-চাতুৰি‌ৰে অসমৰ লাম্পীৰ ভূমি আগ্ৰাসনৰ চেষ্টা কৰি থকা চুবুৰীয়া ৰাজ্য মেঘালয়ে এইবাৰ অসমৰ সীমান্ত পহৰা চকী(বি অ' পি)ৰ জোৱানক বলাৎকাৰীৰ অপযশ দি অপমানিত কৰিলে ।

এইয়া মেঘালয়ৰ ভূমি আগ্ৰাসনৰ আন এক কৌশল বুলি সন্দেহ উপজিছে । দীৰ্ঘদিন ধৰি অসমৰ লাম্পীত থকা ৪ৰ্থ বেটেলিয়ন সীমান্ত পহৰা চকী উঠাই দিয়াৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে মেঘালয়ে ।

লাম্পীত অসমৰ জোৱানৰ বিৰুদ্ধে খাচী জনগোষ্ঠীৰ মহিলাক ধৰ্ষণৰ অভিযোগ

উক্ত সীমান্ত পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপাল সিং অধিকাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, সীমান্ত পহৰা চকীৰ তিনিজন জোৱানক নতুন কৌশলেৰে এইবাৰ টাৰ্গেট কৰি লোৱা হৈছে । মঙলবাৰে জোৱান কেইজন পহৰা চকীৰ বাহিৰত থকা দোকানলৈ বুলি ওলাই যোৱাৰ সময়তে তিনিগৰাকী খাচী জনগোষ্ঠীৰ মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰে ।

অসমৰ লাম্পীত থকা মেঘালয়ৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ একাংশ লোকে আপাৰ লাম্পীৰ অসমৰ সীমান্ত পহৰা চকী ঘেৰাও কৰি জোৱান তিনিজনক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে । আনহাতে, এই তিনিওজন জোৱান নিৰপৰাধী বুলি মন্তব্য কৰে ভূপাল সিং অধিকাৰীয়ে ।

উল্লেখ্য যে, বিগত কিছু দিন ধৰি উক্ত আৰক্ষী চকীৰ সমীপত খেতি কৰাৰ বাবে জংঘল চাফা কৰি ঠাই মুকলি কৰি থকা কাৰ্যত মেঘালয়ৰ একাংশ লোকক বাধা প্ৰদান কৰি আহিছিল অসমৰ জোৱানসকলে । ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে সেই লোকসকল আনকি, আৰক্ষীৰ জোৱানসকলৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ তুলিব বুলিও খাচী জনগোষ্ঠীৰ লোকসকলে ভাবুকি দিয়ে ।

ইয়াৰ পিছতে মঙলবাৰে অসমৰ তিনিজন জোৱানৰ বিৰুদ্ধে ধৰ্ষণৰ মিছা অভিযোগ উত্থাপন কৰে সেই লোকসকলে । বুধবাৰে জোৱান তিনিজনক বেটেলিয়ন 'হেডকোৱাটাৰ ক্লজ' কৰে । বুধবাৰেও লাম্পীত উত্তেজনা অব্যাহত আছে ।

উল্লেখ্য যে, বিগত দিন বোৰত বিভিন্ন চক্ৰান্তৰে মেঘালয়ে লাম্পীত আগ্ৰাসন অব্যাহত ৰাখিছে । অসমৰ সীমান্ত আৰক্ষী চকী নিৰ্মাণৰ বাবে লাম্পীৰ উমালিত মাটি জৰীপ কৰিবলৈ যোৱা অসমৰ আৰক্ষীৰ সঁজাতি দলক মেঘালয় আৰক্ষীয়ে উভতাই পঠাইছিল ।অসমৰ ভূমিতে অসম আৰক্ষী নিৰুপায় হৈ উভতি আহিবলৈ বাধ্য হৈছিল ।

ইয়াৰ বিপৰীতে উমালিত মেঘালয়ে সীমান্ত আৰক্ষী চকী নিৰ্মাণ কৰি থকা দেখা গৈছে । মুঠতে, মেঘালয়ে চাৰ্ভে অৱ ইণ্ডিয়াৰ মানচিত্ৰ নামানে । একমাত্ৰ অসম চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে অসম-মেঘালয় সীমান্তৱৰ্তী অসমৰ অঞ্চলসমূহত চুবুৰীয়া ৰাজ্যসমূহে আগ্ৰাসন চলাই আহিছে ।

লাম্পীৰ স্থানীয় যুৱক বিকাশ চেত্ৰীয়ে কয় যে, এয়া হৈছে মেঘালয়ৰ আগ্ৰাসনৰ আন এক কৌশল । লাম্পীখন মেঘালয়ৰ বুলি দাবী তুলি অসমৰ সীমান্ত আৰক্ষী চকী উঠাই দিয়াৰ বাবে এয়া মাথোঁ মেঘালয়ৰ ষড়যন্ত্ৰ ।

অসমৰ লাম্পীত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ কৰি অসমৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ ভোটাৰসকলক মেঘালয়ত ভোট প্ৰদান কৰাৰ বাবে বাধ্য কৰোৱা হৈছে । সীমান্তৰ পৰা অসমৰ প্ৰায় ১০ কিলোমিটাৰ ভিতৰলৈ আগ্ৰাসন চলাই লাম্পীত বাট-পথ, বিদ্যালয়, বিদ্যুৎ যোগান, খোৱাপানীৰ ব্যৱস্থা কৰি কৰিছে মেঘালয় চৰকাৰে ।

উল্লেখ্য যে, প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ দ্বিতীয় শ্বিলংখ্যাত অসমৰ লাম্পীখন মেঘালয়ৰ পশ্চিম খাচী পাহাৰ জিলাৰ অন্তৰ্ভুক্ত বুলি দাবী কৰি আহিছে মেঘালয়ে আৰু লাম্পীত বিভিন্ন ধৰণে অশান্তিৰ সৃষ্টি কৰি আহিছে । মেঘালয়ৰ প্ৰৰোচনাত লাম্পীত সংঘৰ্ষৰ সৃষ্টি হৈ ইতিমধ্যে বহুজনে প্ৰাণ হেৰুওৱাৰ লগতে বহুলোক আহত হ'বলগীয়া হৈছে ।

লগতে পঢ়ক:অমিত শ্বাহৰ চিৰাং ভ্ৰমণে প্ৰভাৱ পেলাৱ অসম, পশ্চিম বংগৰ নিৰ্বাচনত!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.