ৰঙিয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Sep 7, 2021, 6:02 PM IST

Kanikuchi pathetic road condition

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিতে পথৰ বিধ্বস্ত ৰূপ । বছৰৰ পিছত বছৰ ধৰি পথটো মেৰামতি কৰিবলৈ আহৰি নহ'ল চৰকাৰৰ । ৰঙিয়াৰ কানিকুছি-বালিসত্ৰ সংযোগী পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ ।

ৰঙিয়া, ৭ ছেপ্টেম্বৰ: কিমান আৰু পথ মেৰামতিৰ বাবে জন প্ৰতিনিধিক আহ্বান জনাব । ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰ তথা জন প্ৰতিনিধিৰ । সেয়েহে, পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিতে পথৰ জৰাজীৰ্ণ অৱস্থা ।

ৰঙিয়াৰ কানিকুছি আৰু বালিসত্ৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ বিধ্বস্ত অৱস্থাই হাৰাশাস্তি ভোগাইছে স্থানীয় ৰাইজক । যাতায়াতৰ নামত ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে । উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে ৰঙিয়াত শতাধিক পথৰ আধাৰশিলা স্থাপন কৰিছিল সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । কিন্তু এই পৰ্যন্ত পথটোৰ নিৰ্মাণৰ বাবে জন প্ৰতিনিধিগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ৰঙিয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

এই বিষয়ে ৰাইজে কেইবাবাৰো বিধায়ক ভৱেশ কলিতাক অৱগত কৰাৰ স্বত্বেও পথটো মেৰামতি নহ'ল । চৰকাৰ তথা জন প্ৰতিনিধিৰ অৱহেলাত বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি ৰৈছে অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ এই পথছোৱা । ফলত ছাত্র-ছাত্ৰীসকলৰ লগতে বৃদ্ধ আৰু মহিলা সকলো এই পথটোৰেই অহা-যোৱা কৰিবলগীয়া হৈছে ।

এজাক বৰষুণতে বোকা-পানীৰে ভৰি পৰে পথটো । পথটোত থকা প্ৰকাণ্ড গাঁতবোৰো এজাক বৰষুণতে পুখুৰী সদৃশ হৈ পৰে । ইতিমধ্যে পথটোত বহু দুৰ্ঘটনা সংঘটিত হৈছে । আনফালে, জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সৃষ্টি হৈছে ।

বৰষুণৰ বতৰত চাৰিচকীয়া বাহন পথটোৰে পাৰ হোৱাটো কষ্টকৰ হৈ পৰে । কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ৰজাঘৰীয়াৰ । বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথটো মেৰামতি নকৰাত ক্ষুদ্ধ হৈ সোমবাৰে ৰাইজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে ৰাইজৰ সমস্যাক গুৰুত্ব দি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:জল জীৱন মিছন : ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.