ETV Bharat / state

নিৰ্বাচনৰ তৎপৰতাঃ আমিনগাঁৱত ইখনৰ পিছত সিখনকৈ বৈঠক নাড্ডাৰ

author img

By

Published : Jan 12, 2021, 12:34 PM IST

আমিনগাঁৱত ইখনৰ পিছত সিখনকৈ বৈঠক নাড্ডাৰ
আমিনগাঁৱত ইখনৰ পিছত সিখনকৈ বৈঠক নাড্ডাৰ

সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা শিলচৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে নাড্ডাই অংশগ্ৰহণ কৰে বহুকেইখন বৈঠকত ৷ বৈঠকত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ য'ত নিৰ্বাচনী বিষয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে ৷

গুৱাহাটী,১১ জানুৱাৰী : সোমবাৰে সন্ধিয়া শিলচৰৰ পৰা বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ ইয়াৰ পাচতেই নাড্ডাই আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত অনুষ্ঠিত হোৱা বহুকেইখন সভাত অংশগ্ৰহণ কৰে ৷ মূলতঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ বাবেই এইদৰে ধাৰাবাহিক বৈঠকত মিলিত হয় বিজেপি সভাপতিগৰাকীয়ে ।

ইফালে,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই গুৱাহাটীত উপস্থিত হোৱাৰ পাচতেই বিজেপিৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ সৈতে দুখনকৈ বৈঠকতো ভাগ লয় ৷ দুয়োখন গুৰুত্বপূৰ্ণ বৈঠকতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ লগতে দলটোৰ সকলো শীৰ্ষ নেতা আৰু নিৰ্বাচনী বিষয়াসকল উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: সামৰণি পৰিল নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.