ETV Bharat / state

Liquor Seized in Chhaygaon: ২৯ কাৰ্টন বিলাতী সুৰাসহ তিনিজন আটক

author img

By

Published : Dec 5, 2021, 5:15 PM IST

illegal-liquor-seized-at-chhaygaon
ছয়গাঁৱত ২৯ কাৰ্টন বিলাতী সুৰাসহ তিনিজন আটক

ছয়গাঁও আৰক্ষীয়ে সুৰাসহ তিনিজন যুৱকক কৰায়ত্ত কৰে(Illegal Liquor Seized at Chhaygaon) ৷ শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷

ছয়গাঁও , 5 ডিচেম্বৰ : নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Assam police anti drugs operation)৷ সমান্তৰালভাৱে এইক্ষেত্ৰত ছয়গাঁও আৰক্ষীও তৎপৰ হৈ উঠিছে ৷ শনিবাৰে নিশা ছয়গাঁও আৰক্ষীয়ে সুৰাসহ(Illegal liquor Seized at Chhaygaon) তিনিগৰাকী লোকক আটক কৰে ৷

প্ৰাপ্ত তথ্য মতে, এক গোপন সূত্ৰৰ পম খেদি ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কপিল পাঠকৰ নেতৃত্বত এটা দলে অভিযান চলাই 29 টা কাৰ্টনত 1120 টা সুৰা বটলসহ তিনিগৰাকী লোকক কৰায়ত্ত কৰে ৷ এই ধৃত লোককেইজন হ'ল ছয়গাঁও বিহদিয়াৰ কৃষ্ণ কলিতা, নন্দো দাস আৰু অৰূপ দাস ।

লগতে ঘটনাস্থলীৰ পৰা AS01CC-1934 নম্বৰৰ সুৰা ভৰ্তি মেজিক এখনো জব্দ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে কৰায়ত্ত কৰা লোকক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ লগতে অনাগত দিনত ছয়গাঁও আৰক্ষীয়ে এনেকুৱা ধৰণৰ অবৈধ কাৰ্যাকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Drugs Seized at Geetanagar : গীতানগৰত ড্ৰাগছসহ যুৱক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.