ETV Bharat / state

ATM hacking: হাততে থাকিল এটিএম কাৰ্ড, দুষ্ট চক্ৰই নবাবৰ একাউন্টৰ পৰা উলিয়াই নিলে ধন

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:01 AM IST

Cyber Crime
হাততে থাকিল এটিএম কাৰ্ড

এটিএম কাৰ্ড ব্যৱহাৰ কৰোতে আপুনিও সাৱধান হওক ৷ গ্ৰাহকৰ হাতত এটিএম কাৰ্ড থকাৰ পাচতো একাউন্টৰ পৰা হৰলুকি ধন ৷ দুষ্ট চক্ৰই ব্যৱসায়ীৰ পৰা হৰলুকি কৰিলে বৃহৎ পৰিমাণৰ ধন ৷

হাততে থাকিল এটিএম কাৰ্ড

ৰঙিয়া,6 ছেপ্টেম্বৰ : এটিএম কাৰ্ড ব্যৱহাৰ কৰোতে আপুনি সাৱধানতা অৱলম্বন কৰক ৷ অন্যথা দুষ্ট চক্ৰই আপোনাৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰি হৰলুকি কৰিব পাৰে কষ্টৰে উপাৰ্জিত ধন ৷ ৰঙিয়াত তেনে এক ঘটনা পোহৰলৈ আহিছে ৷ ঘটনা অনুসৰি নবাব আলী নামৰ ব্যৱসায়ীজনৰ এছবিআইৰ এটিএম কাৰ্ডৰ জৰিয়তে টকা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

জানিব পৰা মতে ৰঙিয়াৰ গোগমালেচাৰ নিবাসী তথা ব‍্যৱসায়ী নবাব আলীৰ এছ বি আইৰ এটিএম কাৰ্ডখন লগতে থকাৰ পিচতো এটিএম যোগে নবাব আলীৰ একাউন্টৰ পৰা টকা উলিওৱা তথ্য লাভ কৰে ৷ 3 ছেপ্তেম্বৰত প্ৰথমে 9500 টকা আৰু উক্ত দিনাই দ্বিতীয়বাৰত 3000 টকা এটিএম যোগে উলিওৱাৰ মেছেজ পাইছিল নবাবে । তাৰ পিচত ৫ ছেপ্টেম্বৰত পুনৰ দুবাৰকৈ 9500 টকা আৰু তৃতীয়বাৰত 3000 টকা এটিএমৰ যোগে টকা উলিওৱাৰ মেছেজ লাভ কৰিছিল নবাবে ৷

দুটা দিনত পাঁচবাৰকৈ মুঠ 34,500 টকা একাউন্টৰ পৰা হৰলুকি কৰে । আচৰ্যজনকভাৱে এটিএমৰ পৰা প্ৰতিবাৰে টকা উলিওৱাৰ সময়ত গ্ৰহকজনৰ এটিএম কাৰ্ডখন তেওঁৰ লগতেই আছিল । এই সমগ্ৰ ঘটনাটোৰ বিষয়ে নবাব আলীয়ে তেওঁৰ বন্ধুক জনোৱাৰ পিচতে সকলোৱে তেওঁৰ কাৰ্ডখন কোনোবাই দোকানত বা আন ঠাইত সলনি কৰাৰ সন্দেহ প্ৰকাশ কৰে ।

কিন্তু নবাব আলীৰ লগত থকা কাৰ্ডখনত নবাৱ আলীৰ নাম স্পষ্টকৈ থকাৰ পিচত প্ৰাথমিকভাৱে গ্ৰহকজনে তেওঁৰ কাৰ্ডখন সলনি হোৱা নাই বুলি নিশ্চিত হয় । এতিয়া প্ৰশ্ন হয় যে গ্ৰাহকজনৰ হাতত এটিএম কাৰ্ডখন থকাৰ পিচতো কেনেকৈ নবাবৰ একাউন্টৰ পৰা এটিএমৰে ধন উলিয়াই নিবলৈ সক্ষম হ'ল । এই সন্দৰ্ভত ইতিমধ্যে নবাব আলীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে । ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্তত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: Protest in Rangia: ৰঙিয়াত BJP ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.