ETV Bharat / state

Flood affect of Assam : মূৰে কপাল হাত দিছে কৃষকে, নিৰ্বিকাৰ ভূমিকাত ৰাজ্য চৰকাৰ

author img

By

Published : Jul 14, 2023, 2:13 PM IST

বছৰৰ প্ৰথমটো বলিয়া বানত ক্ষতিগ্ৰস্ত ৰঙিয়াৰ কৃষক । মূৰে-কপাল হাত দিছে ৰঙিয়াৰ হাচানটুকৰ কৃষকে ৷ নিৰ্বিকাৰ ভূমিকাত ৰাজ্য চৰকাৰ তথা কৃষি বিভাগ ৷

Flood affect of Assam
মূৰে কপাল হাত দিছে কৃষকে

বানত ক্ষতিগ্ৰস্ত ৰঙিয়াৰ কৃষক

ৰঙিয়া, 14 জুলাই : ৰাজ্যৰ প্ৰথমটো বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল । বিশেষকৈ ৰঙিয়াৰ হাচানটুকত বিভিন্ন শাক-পাচলিৰ খেতি কৰা খেতিয়কসকলে এতিয়া মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । কাৰণ কৃষকৰ সপোনৰ পথাৰখনত এতিয়া বালিৰ দম বান্ধিছে । বানে পথাৰ মহতিয়াই নিয়াই নহয়, এফালৰ পৰা শেষ কৰি গ'ল চহা খেতিয়কৰ ফচল । অঞ্চলটোৰ কেইবা শতাধিক কৃষকে ৰ'দ - বৰষুণক আওকাণ কৰি কপালৰ ঘাম মাটিত পেলাই আৰম্ভ কৰিছিল পাচলিৰ খেতি । কিন্তু ৰুদ্ৰ ৰূপ ধাৰণ কৰি অহা বানত লহপহকৈ বাঢ়ি অহা পথাৰৰ শস্য অকালতে মৰহি গ'ল ।

কিছুদিন পূৰ্বে শস‍্যৰে নদন বদন হৈ থকা খেতি পথাৰখনত এতিয়া চৌদিশে মৰুভূমি সদৃশ পৰিৱেশ । বৃহত্তৰ অঞ্চলটোত খেতিয়কৰ সপোন এনেদৰেই শেষ হৈ গৈছে বলিয়া বানত । কিছুদিন পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত বৰলীয়া বানে বুৰাই পেলাইছিল হাচানটুক অঞ্চল । যাৰ ফলত নষ্ট হ'ল প্ৰায় এহেজাৰ বিঘা ৰবি শস্যৰ ।

Flood affect of Assam
মূৰে কপাল হাত দিছে কৃষকে

লাউ, জিকা, ভোল, কেৰেলা, তিয়হ, ভেন্দি আদি পাচলিৰ বিশাল খেতি পথাৰখনত এতিয়া ঠায়ে ঠায়ে বালিৰ দুইৰ পৰা সাত ফুট ওখ ডাঠ তৰপ পৰিছে । কিছু কিছু ঠাইত আকৌ পানীয়ে ডোঙা বান্ধি আছে কেইবা শতাধিক কৃষকৰ সপোনৰ খেতি পথাৰখনত । ঋণ লৈ খেতি কৰা কৃষকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ঋণ পৰিশোধ কৰাৰ পৰা পৰিয়াল চলোৱালৈকে নানানটা চিন্তাই কৃষকসকলক জুমুৰি দি ধৰিছে ।

প্ৰায় এহেজাৰ বিঘা খেতি বানত নষ্ট হোৱাৰ পিছতো খেতিয়কৰ কল্যাণৰ বাবে দেদাউৰি দিয়া বিয়াগোম কৃষি বিভাগৰ কোনো লোকে অদ্যাপি খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰঙিয়া প্ৰশাসনেও খেতিয়কসকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত উপায়ন্তৰ হৈ পৰিছে ৰঙিয়াৰ হাচানটুক অঞ্চলৰ খেতিয়কসকল ।

লগতে পঢ়ক : Erosion in Bongaigaon : মানাহ নদীৰ খহনীয়াত জাহ গৈছে হাজাৰ হাজাৰ কৃষিভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.