ETV Bharat / state

ক্ষতিপূৰণ বিচাৰি বকোত আলু খেতিয়কৰ প্ৰতিবাদ

author img

By

Published : Dec 29, 2020, 9:05 PM IST

সোণতলীত কৃষকৰ প্ৰতিবাদ ৷ হাতে হাতে আলু লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে ৷ কৃষি বিভাগৰ পৰা ক্ষতিপূৰণ বিচাৰিছে কৃষক সকলে ৷

farmer-protest-against-agriculture-minister-in-boko
ক্ষতিপূৰণ বিচাৰি বকোত আলু খেতিয়কৰ প্ৰতিবাদ

বকো, 29 ডিচেম্বৰ : দক্ষিণ কামৰূপৰ সোণতলীত খেতি পথাৰত কৃষকৰ প্ৰতিবাদ ৷ হাতে হাতে আলু লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক সকলে ৷ কপালৰ ঘাম মাটিত পেলাই কৃষক সকলে কৰা আলু নষ্ট হৈ যোৱাৰ বাবে কৃষি বিভাগৰ পৰা ক্ষতিপূৰণ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰে কৃষক সকলে ৷

আলু খেতিয়ক সকলৰ অভিযোগ অনুসৰি, সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্বাধিকাৰী মহিবুল হক, বৰ আৰিকাটিৰ শ্বহিদুল ইছলাম, ছয়গাঁও মহাবীৰ পথাৰৰ ওমেদ আলীয়ে সোণতলী অঞ্চলৰ প্ৰায় 40 জনকৈ কৃষকক প্ৰতি কুইন্টলত 7 হাজাৰ টকাৰ পৰা 8 হাজাৰ টকা পৰ্যন্ত লৈ যোগান ধৰিছিল আলুৰ বীজ। আলুৰ বীজ সমূহ বিজ্ঞানসন্মত নোহোৱাৰ বাবে অঞ্চলটোৰ আলু খেতিয়কে বৰ্তমান মুৰে কপালে হাত দিব লগা হৈছে ৷

ক্ষতিপূৰণ বিচাৰি বকোত আলু খেতিয়কৰ প্ৰতিবাদ

লগতে পঢ়ক : ব্যক্তিগতকৰণ সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থাক হাইজেক কৰাৰ এটি আহিলাঃৰতন ভৌমিক

সোণতলী কাছাৰীপাম অঞ্চলৰ খেতিয়কসকলে বহু লাখ টকা খৰচ কৰি কৰা আলু খেতিৰ বৰ্তমান এই অৱস্থা দেখি কৃষকসকল নিৰুপায় হৈ পৰিছে ৷ আনকি, তেওঁলোকে কৃষি বিভাগৰ পৰা ক্ষতিপূৰণ বিচাৰিছে ৷

আনহাতে, দুৰ্ভগীয়া কৃষকসকলে সোণতলী কৃষি বিকাশ কেন্দ্ৰৰ স্বত্বাধিকাৰী মহিবুল হক, শ্বহিদুল ইছলাম আৰু ওমেদ আলীৰ বিৰুদ্ধে মঙলবাৰে সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ।

লগতে পঢ়ক : অজন্তা নেওগৰ বিজেপি গমনক লৈ ৰকিবুল ইছেইনৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.