ETV Bharat / state

বকোত পোৱালি হাতীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 14, 2020, 3:45 PM IST

বকোৰ গামেৰীমূৰা দৰেং সংৰক্ষিত এলেকাত দেওবাৰে পুৱাৰ ভাগত এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বন বিভাগৰ লোকে পশু চিকিৎসক মোতায়েন কৰি হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

Elephant calf dead body recovered in boko
Elephant calf dead body recovered in boko

বকো, 14 জুনঃ দেওবাৰে পুৱাৰ ভাগত এটা মৃহ হাতী পোৱালি উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে বকোৰ গামেৰীমূৰা দৰেং সংৰক্ষিত এলেকাত ৷ পুৱাৰ ভাগত পথাৰত পৰি থকা অৱস্থাৰ উদ্ধাৰ হয় হাতীটোৰ মৃতদেহ ৷ প্ৰায় এবছৰীয়া পোৱালি হাতীটোৰ মত্যু কাৰণ এতিয়াও জানিব পৰা যোৱা নাই ৷

বকোত হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে, শনিবাৰে নিশা অঞ্চলটোত এটা হাতীৰ জাকে উপদ্ৰৱ চলাইছিল আৰু দেওবাৰে পুৱাই উদ্ধাৰ হয় পোৱালিটোৰ মৃতদেহ ৷ ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত বন্দাপাৰা বন বিভাগৰ দল আৰু বকো আৰক্ষী চকীৰ এটা আৰক্ষীৰদল ৷ বন বিভাগৰ লোকে পশু চিকিৎসক মোতায়েন কৰি হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷

লগতে পঢ়কঃ চৰকাৰী সাহায্যৰ অপেক্ষাত এটা অসহায় পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.