ETV Bharat / state

ড্ৰাগছৰ কবলত যুৱ প্ৰজন্ম

author img

By

Published : Mar 5, 2021, 12:01 PM IST

ড্ৰাগছৰ কবলত যুৱ প্ৰজন্ম
ড্ৰাগছৰ কবলত যুৱ প্ৰজন্ম

উত্তৰ গুৱাহাটী ফুলুঙত বৃহস্পতিবাৰে যুৱতীসহ দুই ড্ৰাগছ আসক্ত যুৱকক আটক ৷ আটকাধীন দুই যুৱকৰ নাম ৰোহিত বড়ো আৰু নয়নজ্যোতি ভূঞা ৷

গুৱাহাটী, 4মাৰ্চ: উত্তৰ কামৰূপত গঢ়ি উঠিছে ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক ৷ বিশেষকৈ যুৱ প্ৰজন্মক নিচাযুক্ত সামগ্ৰীৰ প্ৰতি ঢাল খোৱা দেখিবলৈ পোৱা গৈছে ৷ আমিনগাঁৱৰ পাছত এইবাৰ উত্তৰ গুৱাহাটী ফুলুঙত বৃহস্পতিবাৰে যুৱতীসহ দুই ড্ৰাগছ আসক্ত যুৱকক আটক কৰা হয় ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ফলুঙবাসী ৰাইজে নিশা ড্ৰাগছ সেৱনকাৰী দলটোক হাতে লোটে ধৰি আৰক্ষীক গতাই দিয়ে । জানিব পৰা মতে, আটকাধীন দুই যুৱকৰ নাম ৰোহিত বড়ো আৰু নয়নজ্যোতি ভূঞা ৷

ড্ৰাগছৰ কবলত যুৱ প্ৰজন্ম

ড্ৰাগছ আসক্ত যুৱকদ্বয়ে জনোৱা মতে, উত্তৰ কামৰূপত ড্ৰাগছ সৰৱৰাহকাৰীৰ আছে এটা বৃহৎ চক্ৰ । দীৰ্ঘ দিনৰ পৰা জলাহত ৰাজা, বাইহাটাত মামা, চিলা চাংসাৰীত আলতাফে চলাই আহিছে ড্ৰাগছৰ বেহা । আনহাতে, প্ৰতি ড'জত ছশ টকাকৈ ড্ৰাগছ ব্যৱসায়ীৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ কথাও ব্যক্ত কৰে আটকাধীন যুৱকদ্বয়ে ৷ বিশেষকৈ এই বৰবিহ ৰূপী ড্ৰাগছৰ কৱলত পৰা পৰিলক্ষিত হৈছে কলেজীয়া শিক্ষাৰ্থী ৷ ইয়াৰ ফলত অসহায় হৈ পৰিছে কামৰূপ আৰক্ষী ৷ এই ক্ষেত্ৰত বিশেষকৈ কামৰূপ আৰক্ষীক কঠোৰ হ’বলৈ আহ্বান জনাইছে আমিনগাঁৱৰ ফলুঙ বাসী ৷

লগতে পঢ়ক: বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰছ ছিৰিয়াচ নহয় !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.