ETV Bharat / state

Drugs smuggling in Assam: ৰঙিয়াত আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 1:37 PM IST

Anti Drugs mission in Assam
ৰাজ্য়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ইয়াৰ মাজতে ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে আফিং সৰবৰাহকাৰীক ৷

ৰাজ্য়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ৰঙিয়া, ১৫ ছেপ্টেম্বৰ: ৰঙিয়া আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই আফিং আৰু হেৰ'ইন জব্দ কৰিছে । আৰক্ষীয়ে প্ৰথমটো অভিযানত ৰঙিয়াৰ বনগাঁৱত প্ৰায় ৪৫ লাখ টকাৰ আফিং জব্দ কৰিবলৈ সক্ষম হয় । অভিযানৰ সময়ত আৰক্ষীয়ে দুই সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰী দুটা হৈছে ৰাজীৱ আলী আৰু ঘগ্ৰপাৰ বৰকুকুৰীয়াৰ নুৰ ইছলাম । ৰঙিয়া আৰক্ষীৰ দলটোৱে বনগাঁৱৰ ৰাজীৱ আলীৰ বাসগৃহত অভিযান চলায় । অভিযানৰ সময়ত ৰাজীৱ আলীৰ বাসগৃহৰ পৰা ৯.১৯৩ কিলোগ্ৰাম আফিং, নগদ ২৫ হেজাৰ টকা,জোখমাখৰ এটা মেচিন, চাৰিটা মোবাইল ফোন, এটা লাইটাৰ পিস্তল আৰু কিছু অন্যান্য সামগ্ৰী জব্দ কৰে ।

উদ্ধাৰ হোৱা আফিংখিনি ধৃত লোক দুটাই পাঞ্জাবত বিক্ৰী কৰিবলৈ ব‍্যৱস্থা কৰিছিল । আনহাতে, দ্বিতীয়টো অভিযানত আৰক্ষীয়ে এখন মটৰচাইকেলত গৈ থকা অৱস্থাত নিষিদ্ধ হেৰ'ইন জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰে । আটক হোৱা সৰবৰাহকাৰীটো হ'ল ৰঙিয়া এক নং ৱাৰ্ডৰ নাজিবুল হক । আৰক্ষীৰ দলটোৱে এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়া ফাটেমা কনভেণ্ট স্কুলৰ সমুখত এখন AS01DW 0917 নম্বৰৰ বাইকত আহি থকা এটা সৰবৰাহকাৰীক তালাচী চলাই । তালাচীৰ সময়ত অভিযানকাৰী দলটোৱে সৰবৰাহকাৰীটোৰ পৰা তিনিটা চাবোনৰ বাকচত ৩৫ গ্ৰাম নিষিদ্ধ হেৰ'ইন উদ্ধাৰ কৰে ।

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি সৰবৰাহকাৰীটোৱে তিনিটা চাবোনৰ বাকচত হেৰ'ইনখিনি সৰবৰাহ কৰিছিল । লগতে আৰক্ষীয়ে নগদ ৭৫০০ টকা আৰু এটা মোবাইল ফোন জব্দ কৰে । জব্দ হোৱা হেৰ'ইন খিনিৰ বজাৰ মূল‍্য প্ৰায় চাৰি লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । এই সন্দৰ্ভত আৰক্ষীয়ে নাজিবুল হক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে তিনিবাৰ কৈ ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰঙাঘৰৰ আলহী হৈছে নাজিবুল হক ।

লগতে পঢ়ক:Riniki Bhuyan Sarma land scam: মুখ্যমন্ত্ৰী পত্নীৰ 10 কোটিৰ ৰাজসাহাৰ্য বিতৰ্ক; অভিযোগ প্ৰমাণিত হ’লে ৰাজহুৱা জীৱনৰ পৰা পদত্যাগ কৰিব মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.