ETV Bharat / state

জলসিঞ্জন বিভাগত দুৰ্নীতিৰ বজাৰ!

author img

By

Published : Apr 27, 2019, 5:30 PM IST

Updated : Apr 27, 2019, 7:22 PM IST

জলসিঞ্চন বিভাগত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি APW ৰ সচিব প্ৰধান অভিজিত শৰ্মাৰ সংবাদমেল ৷ বিভাগটোৰে মন্ত্ৰী ভৱেশ কলিতাৰ এজন ঘনিষ্ঠৰ বিৰুদ্ধে উত্থাপন কৰিছে দুৰ্নীতিৰ অভিযোগ ৷

জলসিঞ্জন বিভাগত দুৰ্নীতিৰ বজাৰ!

গুৱাহাটী , 27 এপ্ৰিল : জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা মনেশ্বৰ ডেকাৰ জৰিয়তে মন্ত্ৰী ভবেশ কলিতাই উৎকোচ লোৱাৰ অভিযোগ ৷ বিভাগটোৰ খালী হোৱা পদৰ বাবদ 3 লাখকৈ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন ৷

লগতে পঢ়ক : নিৰ্বাচনে প্ৰভাৱ পেলাই নেকি দেশৰ অৰ্থনীতিত? এখন সুস্থিৰ চৰকাৰৰ অপেক্ষাত বাণিজ্য ক্ষেত্ৰ


মন্ত্ৰী ভৱেশ কলিতা , মনেশ্বৰ ডেকা তথা এই দুৰ্নীতি কাণ্ডৰ লগত জড়িত থকা ব্যক্তি কেইজনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় অভিজিত শৰ্মাই ৷ জলসিঞ্চন বিভাগৰ খালী পদসমূহত হ'বলগীয়া নিযুক্তিৰ বাবদ বিভাগটোত চলি থকা দুৰ্নীতি বন্ধ কৰিবলৈ তথা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদমেলখনত বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷ ইয়াৰোপৰি বিভাগটোৰ দুৰ্নীতি গ্ৰস্ত বিষয়া সকলক বদলি কৰি নিকা বিষয়াক নিযুক্তি দিবলৈয়ো তেওঁলোকে দাবী জনায় ৷

Intro:শনিবাৰে মহানগৰীৰ গৌৰী সদনত APW ৰ সচিব প্ৰধান অভিজিত শৰ্মাই সম্বোধন কৰে এক সংবাদমেল । জলসিঞ্চন বিভাগৰ দূৰ্নীতিক লৈ সংবাদমেলত সম্বোধন কৰে এই সংবাদমেল ।অভিজিত শৰ্মাৰ অভিযোগ জলসিঞ্চন বিভাগত চাকৰি কৰি আছে মনেশ্বৰ ডেকা নামৰ এজন সহকাৰী অভিযন্তা ই । এই সহকাৰী অভিযন্তা জন মন্ত্ৰী ভবেশ কলিতাৰ ঘনিষ্ঠ । ভবেশ কলিতাই এই ঘনিষ্ঠ জনৰ হতুৱাই সংগ্ৰহ কৰে ধন ।লগতে আৰু অভিযোগ কৰে যে কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত স্থবিৰ হৈ পৰিছে জলসিঞ্চন বিভাগৰ কাম ।সংবাদমেলত কয় যে SDO মনেশ্বৰ ডেকাক কিয় কাৰ্যবাহী অভিযন্তা পাতিব লগা হল । ইয়াৰ উপৰিও শীঘ্ৰে জলসিঞ্চন বিভাগত ৮০০ পদৰ নিযুক্তি হব । এই খালী হোৱা পদৰ বাবে ৩ লাখকৈ টকা সংগ্ৰহ কৰা বুলি অভিযোগ কৰে । WPT ৰ ১২০ কোটি টকা কত খৰচ হল বুলিও সংবাদমেলত অভিযোগ কৰে । এই ধন খিনি প্ৰমিলা ৰানী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰত খৰচ কৰা হল নেকি বুলিও মন্তব্য কৰে অভিজিত শৰ্মাই ।


Body:লিপিকা ডেকা


Conclusion:গুৱাহাটী
Last Updated : Apr 27, 2019, 7:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.