ETV Bharat / state

ৰঙিয়াত শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Jul 30, 2021, 1:12 PM IST

Congress pays tribute to martyrs at Rangia
শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰঙিয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কংগ্ৰেছৰ

ৰঙিয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কংগ্ৰেছৰ । অসম-মিজোৰামৰ সীমান্তত মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুওৱা ৬ জন অসম আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনায় কংগ্ৰেছৰ কৰ্মকৰ্তাই । ৰঙিয়াস্থিত ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।

ৰঙিয়া, ৩০ জুলাই : কাছাৰৰ অসম-মিজোৰামৰ সীমান্ত(Assam-Mizoram border)ত মিজোৰ আৰক্ষীৰ বৰ্বৰ আক্ৰমণক ধিক্কাৰ দিছে সমগ্ৰ ৰাজ্যবাসীয়ে । আনহাতে, মিজো আৰক্ষীৰ গুলীত অসম আৰক্ষীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাক লৈ মৰ্মাহত হৈ পৰিছে অসমবাসী । ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বিভিন্ন দল-সংগঠনে । বৃহস্পতিবাৰে ৰঙিয়াত কংগ্ৰেছে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰে । ৬ গৰাকী শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনায় কংগ্ৰেছৰ কৰ্মকৰ্তাই ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশমৰ্মে ৰঙিয়াৰ ৰাজীৱ ভৱনত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত ভাগৱত পাঠৰ লগতে কোৰাণ পাঠ কৰা হয় । এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কামৰূপ জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰঙিয়াৰ প্ৰাক্তন বিধায়ক তথা কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি ঘনশ‍্যাম কলিতাই সংবাদ মাধ্যমৰ আগত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

Congress pays tribute to martyrs at Rangia
শ্বহীদ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰঙিয়াত সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ আয়োজন কংগ্ৰেছৰ

লগতে ৰাজ‍্যসমূহৰ মুখ্যমন্ত্ৰীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিয়ন্ত্ৰণ নাই বুলিও কটাক্ষ কৰে । আনহাতে, মিজোৰামক মাটি এৰি দিয়াৰ বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰো তেওঁ সমালোচনা কৰে ।

উল্লেখ্য যে, সোমবাৰে কাছাৰৰ অসম-মিজোৰামৰ সীমান্তত মিজো আৰক্ষীয়ে অসম আৰক্ষীৰ ওপৰত অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰিছিল । এই ঘটনাত অসম আৰক্ষীৰ ৬ জন জোৱান শ্বহীদ হয় । আনহাতে, এগৰাকী নাগৰিকেও প্ৰাণ হেৰুৱায় । ইফালে, মিজো আৰক্ষীৰ আক্ৰমণত কেইবাজনো আৰক্ষী বিষয়া গুলীবিদ্ধ হৈ বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে । এই ঘটনাই এতিয়া অসমত ক্ষোভৰ উদ্গীৰণ ঘটাইছে ।

মিজোৰামৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে অসমৰ বিভিন্ন প্ৰান্তত । অসম-মিজোৰামৰ সীমা বিবাদ অন্ত পেলোৱাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈও প্ৰশ্ন উত্থাপিত হৈছে । আনহাতে, অসমত বিজেপি আৰু মিজোৰামত এন ডি এৰ মিত্ৰ দলৰ চৰকাৰৰ শাসন চলি থকাৰ পাছত এনে ঘটনা সংঘটিত হোৱাক লৈ কেন্দ্ৰীয় চৰকাৰে(central government) কিয় এই সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে বিৰোধী আৰু আন সংগঠনবোৰে ।

লগতে পঢ়ক: অমলেট খাবলৈ নাপাই তোতা মিঞাই পত্নীক কি কৰিলে জানে নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.