ETV Bharat / state

দলীয় কৰ্মীৰ মুখতে কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাস গ’ বেক ধ্বনি

author img

By

Published : Mar 21, 2021, 7:56 AM IST

বকোৰ সোণতলীত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ ৷ বকো সমষ্টিত বিগত ৫বছৰীয়া কাৰ্যকালত বিধায়িকা গৰাকীয়ে কোনো উন্নয়ন মূলক কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিবাসী তথা একাংশ কংগ্ৰেছীয়ে ৷

বকোত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ
বকোত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

বকো, 21মাৰ্চ: নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে ৰাজনৈতিক পথাৰত চিপৰাং মাৰিবলৈও প্ৰস্তুত হৈ পৰিছে একাংশ ৰাজনৈতিক দলৰ নেতা কৰ্মী । ইয়াৰ মাজতেই শনিবাৰে বকোত একাংশ কংগ্ৰেছ কৰ্মীয়ে ৪৮ নং বকো বিধান সভা সমষ্টিৰ বিধায়িকা তথা ২১ৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নন্দিতা দাসৰ বিৰুদ্ধে বকোৰ সোণতলীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৷

কেৱল ফেচবুকত ৰাজনীতি কৰিছে নন্দিতা দাসে: কংগ্ৰেছ কৰ্মী

উল্লেখ্য যে, বকো সমষ্টিত বিগত ৫ বছৰীয়া কাৰ্যকালত বিধায়িকা গৰাকীয়ে কোনো উন্নয়ন মূলক কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিবাসী তথা একাংশ কংগ্ৰেছীয়ে ৷ বিধায়িকা গৰাকীয়ে ফেচবুকত কেৱল উন্নয়নৰ ঢাক-ঢোল বজাই অহাৰ অভিযোগ উত্থাপন কৰে ক্ষুব্ধ একাংশ কংগ্ৰেছ কৰ্মীসকলে । আনকি ৪৮ নং বকো বিধানসভা সমষ্টিৰ সোণতলীত একাংশ কংগ্ৰেছ দলৰ সমৰ্থকসকলে নন্দিতা দাস গ’ বেক, নন্দিতাক হটাও বকো বাছাওক আদি শ্ল’গানেৰে এক উত্তাল পৰিস্থিতি সৃষ্টি কৰি তোলে ।

লগতে পঢ়ক: পাঁচটা গেৰাণ্টিৰ উপৰিও কংগ্ৰেছৰ ইস্তাহাৰত কি কি আছে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.