ETV Bharat / state

ৰঙিয়াত অন্ত পৰিল বিকশিত ভাৰত সংকল্প যাত্ৰা

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 12:13 PM IST

Sankalpa Yatra concludes in Rangia
ৰঙিয়া বিধানসভা সমষ্টিত অন্ত পৰিল বিকশিত ভাৰত সংকল্প যাত্ৰা

বৃহস্পতিবাৰে ৰঙিয়া বিধানসভা সমষ্টিত অন্ত পৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী । অন্তিম দিনটোৰ কাৰ্যসূচীত বিধায়ক ভৱেশ কলিতাই ৰাইজক সংকল্প পাঠ কৰোৱায় (Rangia Viksit Bharat Sankalp Yatra) ৷

ৰঙিয়া বিধানসভা সমষ্টিত অন্ত পৰিল বিকশিত ভাৰত সংকল্প যাত্ৰা

ৰঙিয়া, 15 ডিচেম্বৰ : বৃহস্পতিবাৰে ৰঙিয়া বিধানসভা সমষ্টিত অন্ত পৰে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী । বৃহস্পতিবাৰে সামৰণি পৰা এই কাৰ্যসূচীত ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অংশগ্ৰহণ কৰে । অন্তিম দিনটোৰ কাৰ্যসূচীৰ প্ৰথমতে 5 নং ডিমু ডোবক পঞ্চায়তত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয় । অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰি বিধায়ক ভৱেশ কলিতাই উপস্থিত ৰাইজক শুভেচ্ছা জনায় ।

আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শিপ্ৰা দাসে আঁতধৰা অনুষ্ঠানটোত প্ৰথমে উপস্থিত হিতাধিকাৰী তথা ৰাইজক ভৱেশ কলিতাই শপত বাক্য পাঠ কৰোৱায় । ইয়াৰ পিচতে ৰাইজৰ উদ্দেশ্যে প্ৰস্তুত কৰা বিশেষ তথ্য চিত্ৰ এখন প্ৰদৰ্শন কৰা হয় । এই সংকল্প যাত্ৰা কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে কেন্দ্ৰীয় চৰকাৰে যিসমূহ আঁচনি হিতাধিকাৰীক প্ৰদান কৰিছে, এইসমূহ আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকল কেনেদৰে উপকৃত হৈছে সেয়া পৰীক্ষা কৰা ৷ লগতে চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত অৱগত কৰা ।

এই অনুষ্ঠানৰ জৰিয়তে ৰাইজৰ অভাৱ-অভিযোগৰো বুজ লোৱা হয় । সংকল্প যাত্ৰাৰ লগত সংগতি ৰাখি মহিলাৰ নাম, নাটক আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত স্থানীয় খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিনামূলীয়াকৈ এক স্বাস্থ্য পৰীক্ষা শিবিৰৰো আয়োজন কৰা হয় ।

এই শিবিৰত স্থানীয় লোকসকলৰ বিনামূলীয়াকৈ ৰক্তচাপ, মধুমেহ আৰু ৰক্তহীনতাৰ পৰীক্ষা কৰা হয় । সংকল্প যাত্ৰা অনুষ্ঠানটোত কৃষি বিভাগে প্ৰদৰ্শন কৰা দ্ৰোণৰ কাৰুকাৰ্য প্ৰত্যক্ষ কৰি উপস্থিত ৰাইজ যথেষ্ট আপ্লুত হয় । বিধায়কগৰাকীয়ে আশা ব‍্যক্ত কৰে যে এই বিকশিত ভাৰত সংকল্প যাত্ৰাই নিশ্চিতভাৱে ৰঙিয়াবাসীক লাভান্বিত কৰিব ।

লগতে পঢ়ক : পুৰণিক বিদায় আৰু নতুনক আদৰাৰ প্ৰস্তুতিত সুৰাপান কৰিবলৈ গৈ বিপদ চপাই নল’ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.