ETV Bharat / state

এম্বুলেঞ্চ চালকৰ ৰূপত বকোৰ বিধায়িকা

author img

By

Published : Jul 24, 2020, 6:03 PM IST

Boko
নন্দিতা দাস

অসম চৰকাৰৰ 'ভৈয়াম জাতি আৰু পিচপৰা শ্ৰেণীৰ কল্যাণ পুঁজি' আচঁনিৰ অধীনত লাভ কৰা এম্বুলেঞ্চখন বকো প্ৰাথমিক চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ হেমন্ত কুমাৰ বৰাৰ হাতত আনুষ্ঠানিকভাৱে চাবি আৰু নথিপত্ৰসহ ৰোগীৰ সেৱাৰ বাবে অৰ্পণ কৰে ৷

বকো, 24 জুলাই : শুকুৰবাৰে এক ব্যতিক্ৰমী ৰূপত দেখা গ'ল বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসক ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ মাজত বকো সমষ্টিৰ কংগ্ৰছী বিধায়িকা নন্দিতা দাসে ৰোগীৰ সহায়ৰ বাবে বকো প্ৰাথমিক চিকিৎসালয়ক প্ৰদান কৰে প্ৰায় 16 লাখ টকা মূল্যৰ এখন অত্যাধুনিক এম্বুলেঞ্চ ৷ উল্লেখ্য যে,বকো আগছিয়াস্থিত বিধায়িকাৰ বাসগৃহৰ পৰা এম্বুলেঞ্চখন নিজে চলাই আনি চিকিৎসালয় কৰ্তৃপক্ষৰ হাতত আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰে নন্দিতা দাসে ৷

এম্বুলেঞ্চ চালকৰ ৰূপত বকোৰ বিধায়িকা

লগতে পঢ়কঃ কদৰ্যময় পৰিৱেশতে দিন পাৰ কৰিছে বৰপেটাৰ একাংশ বন্যাৰ্তই

জানিব পৰা মতে,অসম চৰকাৰৰ 'ভৈয়াম জাতি আৰু পিচপৰা শ্ৰেণীৰ কল্যাণ পুঁজি' আচঁনিৰ অধীনত লাভ কৰা এম্বুলেঞ্চখন বকো প্ৰাথমিক চিকিৎসালয়ৰ উপ-অধীক্ষক ডাঃ হেমন্ত কুমাৰ বৰাৰ হাতত আনুষ্ঠানিকভাৱে চাবি আৰু নথিপত্ৰসহ ৰোগীৰ সেৱাৰ বাবে অৰ্পণ কৰে ৷ উক্ত অনুষ্ঠানত বকো প্ৰাথমিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ মহিতোষ বেনাৰ্জী,বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা প্ৰমূখ্যে চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.