ETV Bharat / state

Artificial flood in Assam: কৃত্ৰিম বানত হাহাকাৰ নগৰবাসীৰ

author img

By

Published : Jun 17, 2022, 1:59 PM IST

নেৰানেপেৰা বৰষুণত ওফন্দি উঠিছে নৈ-উপনৈৰ জলপৃষ্ঠ । প্ৰলয়ংকাৰী বানত ককবকাইছে সমগ্ৰ ৰাজ্যবাসীয়ে(Flood in Assam 2022) । বাঢ়নি পানীত বুৰ গৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । আনফালে অপৰিকল্পিত নগৰ নিৰ্মাণৰ ফলত কৃত্ৰিম বানত ককবকাইছে নগৰ-চহৰৰ বাসিন্দাই(Artificial floods in cities) ।

different parts of assam in artificial flood
Flood in Assam 2022: বলিয়া বানত জুৰুলা ৰাজ্য: কৃত্ৰিম বানত হাহাকাৰ নগৰবাসীৰ

নিউজ ডেস্ক, ১৭ জুন: ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে ৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নৈ-উপনৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বানত বুৰ গৈছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল । ব্যাহত হৈ পৰিছে জনজীৱন । সপোনৰ ঘৰখনো এতিয়া পানীৰ তলত । আনফালে অপৰিকল্পিত নগৰ নিৰ্মাণৰ ফলত মহানগৰাকীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলা কৃত্ৰিম বানত ডুব গৈছে(Artificial floods in cities) ।

ৰঙিয়া নগৰত সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত হাৰাশাস্তি ভুগিছে ৰঙিয়া নগৰৰ এন টি ৰোডৰ ৰাইজৰ লগতে পথেৰে যাতায়ত কৰা সহস্ৰাধিক লোকে(Artifical flood in Rangia) । পানীত একাকাৰ হৈছে নলা-নৰ্দমা, ঘৰ-দুৱাৰ, বাট-পথ সকলো । কাৰোবাৰ ঘৰত যদি একাঠু পানী আন কাৰোবাৰ ঘৰত আকৌ কঁকাল পৰ্যন্ত পানী ।

বিচনাৰ ওপৰত বিচনা জোৰা দি ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য হৈছে সৰ্বসাধাৰণ জনতা । ইফালে কৃত্ৰিম বানৰ ফলত বন্ধ ৰাখিব লগা হৈছে ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় । কিয়নো কাৰ্যালয়ৰ ভিতৰত একঁকাল বান । বানত ডুব গৈছে কেইবাখনো বিদ্যালয় । বন্ধ কৰি ৰাখিব লগা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।

ৰঙিয়া পৌৰসভাৰ পৰা নলা-নৰ্দমাসমুহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰা আৰু ভালদৰে জাৱৰ-জোথৰ চাফা নকৰাৰ ফলত এই গুৰুত্বপূৰ্ণ পথটো কৃত্ৰিম বানৰ সৃষ্ৰটি হোৱাৰ অভিযোগ কৰিছে স্থানীয় লোকে । পথটো পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত সৃষ্টি হৈছে হাঁহাকাৰময় পৰিস্থিতিৰ । ৰঙিয়া নগৰৰ পৰা পানী ওলাই যাব পৰা বিজ্ঞান সন্মত নলা নথকাৰ বাবেই কৃত্ৰিম বানৰ সমস্যা দিনক দিনে বৃদ্ধি পোৱা বুলি নগৰবাসীয়ে মন্তব্য কৰিছে ।

ইফালে বৰপেটাতো কৃত্ৰিম বানে সৃষ্টি কৰিছে হাহাকাৰময় পৰিস্থিতিৰ । বৰপেটা জিলাৰ বহৰি হাট বজাৰ এতিয়া কৃত্ৰিম বানৰ কৱলত । ধাৰাসাৰ বৰষুণৰ ফলত বৃহস্পতিবাৰে বজাৰখনত সৃষ্টি হয় কৃত্ৰিম বানৰ । বজাৰখনত পানী নিষ্কাষণৰ কোনো সু-ব্যৱস্থা নথকাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । বজাৰখনৰ মহলদাৰৰ লগতে প্ৰশাসনে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

একেদৰে কৃত্ৰিম বানৰ কৱলত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বিস্তীৰ্ণ অঞ্চল । বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ ফলতে জলমগ্ন হৈ পৰিছে মৈৰাবাৰীৰ বিভিন্ন অঞ্চল । বিশেষকৈ মৈৰাবাৰীৰ হাইস্কুল,মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ যোৱা একমাত্ৰ পথচোৱাতো একাঠুৰ পৰা এককাললৈ পানী ৷ বিভাগীয় কৰ্তৃপক্ষৰ চৰম অবহেলাত মৈৰাবাৰীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে দূৰ্ভোগ ভূগিবলগীয়া হোৱাৰ অভিযোগ ।

এনেদৰেই এফালে যদি নৈ-উপনৈৰ বাঢ়নি পানীয়ে বুৰাইছে বিস্তীৰ্ণ অঞ্চল । আনফালে অপৰিকল্পিত নগৰ নিৰ্মাণৰ ফলত কৃত্ৰিম বানত ককবকাইছে বিভিন্ন প্ৰান্তৰ ৰাইজে । শীঘ্ৰেই কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে কৃত্ৰিম বানত দুৰ্ভোগ ভোগা ৰাইজে ।

লগতে পঢ়ক: লণ্ডনৰ আদালতে দোষমুক্ত কৰিলে ডাঃ মুকুল হাজৰিকাক: আলফা(স্বা)ৰ সভাপতি নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.