ETV Bharat / state

All India Youth Congress:সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস

author img

By

Published : Aug 9, 2023, 9:28 PM IST

প্ৰতিষ্ঠা দিৱস উপলক্ষে যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ৰঙিয়া বিধানসভা যুৱ কংগ্ৰেছৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চকু চিকিৎসা শিবিৰৰ আয়োজন ৷

All India Youth Congress
যুৱ কংগ্ৰেছৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস

যুৱ কংগ্ৰেছৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস

ৰঙিয়া, 9 আগষ্ট : সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ ৬৩ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে বুধবাৰে কামৰূপ জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু ৰঙিয়া বিধানসভা যুৱ কংগ্ৰেছৰ সৌজন্যত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । তুলসীবাৰী লাচিত জ্যোতি সংঘত অনুষ্ঠিত শিবিৰটোত তিনি শতাধিক লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চকুৰ চিকিৎসা গ্ৰহণ কৰে ।

শিবিৰটোত চাৰিগৰাকী চিকিৎসকে ৰোগীসকলক চিকিৎসা সেৱা প্ৰদান কৰে । শিবিৰটোত স্বাস্থ্য সেৱা গ্ৰহণ কৰা সকলৰ মাজত বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয় । ইফালে দিনটোৰ দ্বিতীয়টো কাৰ্যসূচী হিচাপে যুৱ কংগ্ৰেছৰ এটা দলে ৰঙিয়াৰ ষ্টেডিয়াম কলনিৰ হৰিজন কলনীত উপস্থিত হৈ অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলক সম্বৰ্ধনা জনায় । অনুষ্ঠানটোত প্ৰাক্তন শিক্ষক মমত কলিতাৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে হৰিজন সকলক বাধ্যতামূলক শিক্ষাৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰে । অনুষ্ঠানটোত শিক্ষক মমত কলিতাই উপস্থিত ৰাইজক কয় যে জীৱনত উন্নতিৰ জখলাডাল শিক্ষাই প্ৰদান কৰে । গতিকে প্ৰতিটো শিশুকেই আৰম্ভণিৰে পৰা বাধ্যতামূলকভাৱে শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব লাগে ।

এই অনুষ্ঠান দুটাত অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিটিৰ সভাপতি জুবেৰ আনম, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আছিফুৰ ৰহমান, ৰঙিয়া বিধান সভা যুৱ কংগ্ৰেছৰ সভাপতি নাৰায়ণ দত্ত, ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামাল হুছেইনৰ লগতে দলটোৰ বহুকেইগৰাকী সদস্য উপস্থিত থাকে । ভিতৰুৱা অঞ্চলটোৰ সাধাৰণ ৰাইজৰ সুবিধাৰ্থে এনেধৰণৰ বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰাৰ বাবে গাঁওবাসীয়ে যুৱ কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : Assam Trinamool Youth Congress: এবিভিপিত শিক্ষকৰ যোগদানৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.