ETV Bharat / state

ৰঙিয়াত দুৰ্বৃত্তই কাঢ়ি নিলে ৯০ হাজাৰ টকা

author img

By

Published : Oct 22, 2019, 10:01 PM IST

90 thousand money loot in rangia

ৰঙিয়াৰ দ্বাৰকুছিৰ সমীপৰ বৰখাটাত সংঘটিত এই ঘটনা ৷ তামুলপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ ৷ এই পৰ্যন্ত অপৰাধীক আটক কৰিব পৰা নাই আৰক্ষীয়ে ৷

ৰঙিয়া, 22 অক্টোবৰ: ৰঙিয়াৰ দ্বাৰকুছিৰ সমীপৰ বৰখাটাত পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে ৯০ হাজাৰ টকা। ধন লৈ দুৰ্বৃত্তই তামুলপুৰ অভিমুখে উধাও হয়। কেকেৰীকুছিৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰিংচাৰ ৰামচিয়াৰীয়ে মঙলবাৰে দুপৰীয়া ৰঙিয়া ষ্টেট বেংকৰ পৰা এক লাখ টকা উলিয়ায়। টকাখিনি উলিয়াই টেম্পোৰে ঘৰলৈ বুলি গৈ বৰখাটাত গাড়ীৰ পৰা নমাৰ লগে লগে ৰঙিয়াৰ দিশৰ পৰা যোৱা দুজন পালচাৰ আৰোহীৰ এজনে পিছফালৰ পকেটৰ পৰা ধনখিনি লৈ উধাও হয়। আকস্মিকভাৱে হোৱা ঘটনাত হতভম্ব হৈ পৰে যদিও পিছত লোকজনে তামুলপুৰ আৰক্ষী থানাত গোচৰ তৰে ।

পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই কাঢ়ি নিলে ৯০ হাজাৰকৈ টকা

ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে তামুলপুৰ থানাই । তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ‌ৰঙিয়া ষ্টেট বেংকলৈ আহি যাৱতীয় তথ্য পাতি সংগ্ৰহ আৰম্ভ কৰিছে । লোকজনক ৰঙিয়াৰ বেংকৰ পৰাই দুৰ্বৃত্তই অনুসৰণ কৰিছিল নেকি সেই বিষয়েও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

Intro:পালছাৰ বাইকত অহা দুৰ্বৃত্তই থপিয়াই নিলে ৯০,০০০ টকা।Body:ৰঙিয়াৰ দ্বাৰকুছিৰ সমীপৰ বৰখাটাত পালছাৰ বাইকত অহা দুই দুৰ্বৃত্বই কাঢ়ি নিলে ৯০ হাজাৰকৈ টকা। টকা লৈ দুৰ্বৃত্বই তামুলপুৰ অভিমুখে উধাও হয় ।কেকেৰীকুছিৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰিংচাৰ ৰামচিয়াৰীয়ে আজি দুপৰীয়া ৰঙিয়া ষ্টেট বেংকৰ পৰা এক লাখ টকা উলিয়াই । টকাখিনি উলিয়াই টেম্পোৰে ঘৰলৈ বুলি গৈ বৰখাটাত গাড়ীৰ পৰা নমাৰ লগে লগে ৰঙিয়াৰ দিশৰ পৰা যোৱা দুজন পালচাৰ আৰোহীৰ এজনে পিছফালৰ পকেটৰ পৰা ধনখিনি লৈ উধাও হয়। আকস্মিক ভাৱে হোৱা ঘটনাত হতবম্ব হৈ পৰে যদিও পিছত লোকজনে তামুলপুৰ আৰক্ষী থানাত গোচৰ তৰে। ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে তামুলপুৰ থানাই ‌।তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ‌ৰঙিয়া ষ্টেট বেংকলৈ আহি যাৱতীয় তথ্য পাতি সংগ্ৰহ আৰম্ভ কৰিছে । লোকজনক ৰঙিয়াৰ বেংকৰ পৰাই দুৰ্বৃত্বই অনুসৰণ কৰিছিল নেকি সেই বিসয়েও আৰক্ষীয়ে অনুসন্ধান অৱ্যাহত ৰাখিছে
বাইট : ভুক্তভোগী ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.