Agricultural Project at Gorukhuti : গুজৰাটৰ পৰা অসমলৈ অনা হৈছে 108 জনী গীৰ গাই

author img

By

Published : Nov 25, 2021, 10:17 AM IST

gir-cow-reach-assam-from-gujarat

দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিত কৃষি বিপ্লৱ(Agricultural Project at Gorukhuti) । দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে এই কৃষি বিপ্লৱ । সেই অনুসৰি, গুজৰাটৰ ভাওনগৰ জিলাৰ পৰা অসমলৈ অনা হৈছে 108 জনী গীৰ গাই ৷ ইতিমধ্যে 3 লাখ লিটাৰ দুগ্ধ উৎপাদনৰ লক্ষ্য হিচাপে লৈছে গৰুখুঁটিয়ে ।

ৰঙিয়া, 25 নৱেম্বৰ : গুজৰাটৰ পৰা অসমলৈ অনা হৈছে 108 জনী গীৰ গাই ৷ ছিপাঝাৰৰ গৰুখুঁটি কৃষি প্ৰকল্পৰ বাবে মালবাহী ৰে’লেৰে ৰঙিয়ালৈ অনা হৈছে গাইকেইজনী ৷ মুখ্যমন্ত্ৰীৰ সপোনৰ কৃষি প্ৰকল্পক বাস্তৱ ৰূপ দিয়াৰ বাবে এই প্ৰস্তুতি চলোৱা হৈছে ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই সদৰী কৰা মতে, গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পত প্ৰয়োগ কৰা হ’ব এই দুগ্ধ উৎপাদন(Agricultural Project at Gorukhuti) প্ৰকল্প । দুগ্ধ উৎপাদনৰ বাবে গুজৰাটৰ ভাওনগৰ জিলাৰ পৰা উন্নতজাতৰ 108 জনী গীৰ গাই অনা হৈছে (Gujarats Gir Cow reached Assam) ।

গুজৰাটৰ পৰা অসমলৈ অনা হৈছে 108 জনী গীৰ গাই

গীৰ গাই পোহপালন কৰাৰ উদ্দেশ্যে ইতিমধ্যে ছিপাঝাৰ অঞ্চলৰ 15 জন যুৱকক প্ৰশিক্ষণ দিয়া হৈছে । একোজনী গীৰ গায়ে প্ৰতিদিনে 14 ৰ পৰা 16 লিটাৰ গাখীৰ দিব বুলি প্ৰকল্পটোৰ সৈতে জড়িত এগৰাকী বিষয়াই জানিবলৈ দিয়ে । গাখীৰৰ চাহিদা কিছু পৰিমাণে হ’লেও পূৰণ কৰাৰ লগতে বহু সংখ্যক নিবনুৱাক সংস্থাপন দিয়াৰ উদ্দেশ্যে এই দুগ্ধ প্ৰকল্পৰ ব্যৱস্থা কৰা হৈছে । গৰুখুঁটিৰ দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ কৰা হৈছে এই কৃষি বিপ্লৱ ।

গৰুখুঁটিয়ে ইতিমধ্যে লক্ষ্য হিচাপে লৈছে 3 লাখ লিটাৰ গাখীৰ উৎপাদনৰ । দুগ্ধ উৎপাদনৰ প্ৰকল্পৰ উপৰিও গৰুখুঁটিত মাহ, সৰিয়হ, গোমধান আৰু বিভিন্ন শাক-পাচলি উৎপাদনৰ কামো আৰম্ভ কৰা হৈছে ৷

লগতে পঢ়ক : Lumding eviction : উচ্ছেদিতক খাদ্য যোগানৰ আহ্বান সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.