ETV Bharat / state

Lumding eviction : উচ্ছেদিতক খাদ্য যোগানৰ আহ্বান সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

author img

By

Published : Nov 24, 2021, 8:18 PM IST

Arup Kumar Mahanta demanded Hojai administration to provide food to evicted people
হোজাইৰ উচ্ছেদিতক খাদ্য যোগান ধৰিবলৈ আহ্বান সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ কৰা লোকসকলে সম্প্ৰতি হোজাইৰ বিভিন্ন স্থানত অস্থায়ী শিবিৰ পাতি আশ্ৰয় লৈছে । কিন্তু এতিয়া খাদ্য, খোৱাপানীৰ অভাৱকে ধৰি বিভিন্ন সমস্যাত ভুগিছে এই লোকসকলে । সেয়েহে, এই উচ্ছেদিত লোকসকলক প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই(Facilities for evicted people in Hojai) ।

চামগুৰি, ২৪ নৱেম্বৰ : হোজাই জিলাৰ বিভিন্ন স্থানত অস্থায়ীভাৱে বাস কৰি থকা লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত পৰিয়ালসমূহক খাদ্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ আহ্বান জনালে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই(Facilities for evicted people in Hojai)। লগতে বিজেপি নেতা শিলাদিত্য দেৱক ক্ষমা খুজিবলৈও দাবী জনায় । বুধবাৰে নগাঁৱত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই প্ৰেছ বিবৃতিযোগে এই দাবী উত্থাপন কৰে ।

ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে, লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখল কৰি থকা লোকসকলক হোজাই জিলা প্ৰশাসনে যোৱা ৮ নৱেম্বৰৰ পূৰ্বে বনাঞ্চল এৰাৰ জাননী দিছিল । ইয়াৰ পাচত পৰিয়ালসমূহে শান্তিপূৰ্ণভাৱে উক্ত স্থান ত্যাগ কৰে আৰু হোজাই জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানত এই লোকসকলে অস্থায়ী শিবিৰ স্থাপন কৰি বাস কৰি আছে(Relocated evicted families in Hojai) ।

বনাঞ্চলখনৰ কেতবোৰ স্থানত প্ৰশাসনে অৱশ্যে উচ্ছেদ অভিযানো চলায়(eviction in Lumding reserve forest) । এতিয়া উচ্ছেদিত লোকসকলে আশ্ৰয় লোৱা এই অস্থায়ী শিবিৰসমূহত খাদ্য আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লগতে চিকিৎসকৰ দল প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই ।

হোজাইৰ উচ্ছেদিতক খাদ্য যোগান ধৰিবলৈ আহ্বান সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ

কিয়নো, এই লোকসকলে এতিয়া প্ৰয়োজনীয় সামগ্ৰীৰ অভাৱত বিভিন্ন সমস্যাত ভূগিছে(Problems of evicted families in Hojai ) । লগতে তাৎক্ষণিকভাৱে এই লোকসকলৰ স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনায় সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নেতাগৰাকীয়ে । তাৰোপৰি মহন্তই হোজাই বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্যক লৈও তীব্ৰ সমালোচনা কৰে(BJP MLA Siladitya Deb controversial comment) ।

অসমৰ কোন খন থানাই বনাঞ্চলত বাস কৰা কিমানজন সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিলে, কিমান জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিলে আৰু কিমান জন অপৰাধীক গ্ৰেপ্তাৰ কৰিলে তাৰ বিতং তথ্য ৰাজহুৱা কৰিবলৈও দাবী জনায় অৰূপ কুমাৰ মহন্তই(Assam organisation against Siladitya Deb) । অন্যথা এনে মন্তব্যৰ বাবে লামডিঙৰ উচ্ছেদিত লোক অৰ্থাৎ দেশৰ নাগৰিক তথা অন্নদাতা কৃষকৰ ওচৰত শিলাদিত্য দেৱক ক্ষমা খুজিবলৈ দাবী উত্থাপন কৰে অৰূপ কুমাৰ মহন্তই ।

লগতে পঢ়ক : Lumding Eviction : লামডিঙৰ 400 টা উচ্ছেদিত পৰিয়ালক চাংমাজি ৰিজাৰ্ভলৈ স্থানান্তৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.