ETV Bharat / state

2020 বৰ্ষত অসমৰ ৰাজনীতিৰ উল্লেখনীয় ঘটনাক্ৰম

author img

By

Published : Dec 30, 2020, 9:36 PM IST

Updated : Dec 31, 2020, 4:02 PM IST

চাওতে চাওতে আমাৰ পৰা বিদায় মাগিবৰ হ’ল 2020 বৰ্ষৰ ৷ সকলোৱেই এই বছৰটোক কালিকা লগা বৰ্ষ হিচাপে অভিহীত কৰিছে ৷ কিয়নো ক’ভিড-19 মহামাৰীয়ে এই বৰ্ষটোত বিশ্বৰ প্ৰতিটো প্ৰান্ততে অভিৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে ৷ মৃত্যুৰ উপত্যকাত পৰিণত হ’ল বহু দেশৰ বহু অঞ্চল ৷ এইবোৰৰ মাজতে বহু কেইটা ভাল আৰু বহুকেইটা দুখজনক ঘটনা সংঘটিত হ’ল ৷ অসমৰ ৰাজনীতিৰ জগততো 2020 বৰ্ষত বহু পৰিৱৰ্তন সাধন হ’ল ৷ বছৰৰ শেষ সময়ত তাৰেই এক খতিয়ান লৈ আমি আগবঢ়াইছো এই প্ৰতিবেদন...

assam politics
2020 বৰ্ষত অসমৰ ৰাজনীতিৰ উল্লেখনীয় ঘটনাক্ৰম

অসমৰ ৰাজনীতি 2020 :

2020 বৰ্ষত অসমৰ ৰাজনীতিৰ উল্লেখনীয় ঘটনাক্ৰম

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন :

অসমত 2020 বৰ্ষৰ আৰম্ভণি হৈছিল নগাৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনেৰে ৷ কেন্দ্ৰ চৰকাৰে গৃহীত কৰা আইনখনৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ ওলাই আহিছিল ৰাজপথলৈ ৷ কোনোপধ্যেই সংশোধিত নাগৰিকত্ব আইন মানি ল’বলৈ প্ৰস্তুত নাছিল অসমৰ ৰাইজ ৷ এই আন্দোলনত প্ৰাণ হেৰুৱাই পাঁচজনকৈ প্ৰতিবাদকাৰীয়ে ৷ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীও শ্ৰেণীকোঠা এৰি আন্দোলনত জঁপিয়াই পৰে ৷ কিন্তু কৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বা চৰকাৰৰ কঠোৰ দমন নীতিৰ বাবে স্তিমিত হৈ পৰে আন্দোলন ৷ কাৰাগাৰত বন্দী হৈ ৰয় অখিল গগৈ ৷ কিন্তু সমগ্ৰ বছৰটোত বিশেষকৈ ডিচেম্বৰ মাহত পুনৰ এই আন্দোলনৰ উকমুকনি ঘটে আৰু ধীৰ গতিত আন্দোলন অব্যাহত থাকে ৷

assam politics
নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

তৃতীয় বড়ো শান্তি চুক্তি :

2020 বৰ্ষৰ আৰম্ভণিতে এক পৰিৱৰ্তন সাধন হয় বড়োভূমিত ৷ এসময়ত উদ্যত মাৰণাস্ত্ৰ হাতত লৈ জাতিৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি যোৱা এন ডি এফ বিৰ শীৰ্ষ নেতাসহ সকলো সদস্য মূলসূঁতি লৈ ঘূৰি আহে ৷ ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আলোচনা মৰ্মে স্বাক্ষৰিত হয় তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ চুক্তি ৷ বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাচতে বড়ো ভূমিৰ নাম পূৰ্বৰ বিটিএডি গুচি বিটিআৰ হয় ৷ তৃতীয় বড়ো শান্তি চুক্তি উল্লেখনীয় হৈ ৰ’ব এই বাবেই যে, এন ডি এফ বিৰ দৰে এটা সন্ত্ৰাসবাদী গোটক শান্তিৰ পথলৈ অনাত সফল হৈছিল এই চুক্তি ৷

assam politics
তৃতীয় বড়ো শান্তি চুক্তি

নতুন আঞ্চলিক ৰাজনৈতিক শক্তিৰ উত্থান :

2019 বৰ্ষৰ শেহ ভাগৰ পৰা 2020 বৰ্ষৰ আৰম্ভণি লৈকে অসম অশান্ত হৈ পৰিছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ৷ এই আন্দোলনে ৰাজ্যৰ ৰাজনীতিলৈ এক পৰিৱৰ্তন আনে ৷ ৰাষ্ট্ৰীয় দল তথা চৰকাৰৰ বিৰোধিতাৰে ৰাজ্যত উত্থান ঘটে কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ ৷ সাংবাদিকতাৰ পৰা সংসদীয় ৰাজনীতিলৈ আহি ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱা অজিত ভূঞাৰ লগতে, খিলঞ্জীয়া সুৰক্ষা মঞ্চ, অসম সংগ্ৰামী মঞ্চ, আছু, অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষকমুক্তি সংগ্ৰাম সমিতি সকলোৱেই চিন্তা কৰিলে বিকল্প ৰাজনীতিৰ বাবে ৷ যাৰ পৰিপ্ৰেক্ষিতত অসমত মূৰ দাঙি উঠে কেইবাটাও আঞ্চলিক শক্তিয়ে ৷

আঞ্চলিক গণ মৰ্চা : ৰাজ্যসভাৰ সাংসদ তথা অসমৰ এগৰাকী অগ্ৰহণী সাংবাদিক অজিত ভূঞাৰ নেতৃত্বত গঠিত হ’ল আঞ্চলিক গণ মৰ্চা ৷ 19 জুনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় এই মৰ্চাৰ ৷ অসমৰ সকলো আঞ্চলিক আৰু জাতীয় শক্তিক একগোট কৰি শাক্তিশালী কৰাতোৱেই এই মৰ্চাৰ মূল উদ্দেশ্য বুলি প্ৰকাশ কৰে মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞাই ৷

assam politics
অসম জাতীয় পৰিষদ গঠন

অসম জাতীয় পৰিষদ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ছাঁত গঢ় লোৱা অন্যতম ৰাজনৈতিক দল হৈছে অসম জাতীয় পৰিষদ ৷ সদৌ অসম ছাত্ৰসন্থাৰ ঔৰসত গঠন হৈছে এই দলটো ৷ দলটোৰ প্ৰধান আহ্বায়ক আৰু সম্পাদক পদত আছে প্ৰাক্তন অগপ বিধায়ক জগদীশ ভূঞা ৷ আছুৰ মুখ্য সম্পাদকৰ পদৰ পৰা তথা আছুৰ পৰা পদত্যাগ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰা লুৰিণজ্যোতি গগৈক অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷ আনহাতে, দলীয় অন্তঃকন্দলৰ বাবে অগপ ত্যাগ কৰা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাক দলটোৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হৈছে ৷ ইতিমধ্যে 2021ৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি সাজু হৈছে নৱ গঠিত আঞ্চলিক দলটো ৷

assam politics
ৰাইজৰ দলৰ উত্থান

ৰাইজৰ দল : নগাৰিকত্ব আইন বিৰোধী আন্দোলনে অসমত এক নতুন ৰাজনৈতিক ধাৰাৰ অৱতাৰণা কৰিলে ৷ মূৰ দাঙি উঠিল বহুকেইটা নতুন ৰাজনৈতিক দলে ৷ ইয়াৰ ভিতৰত অন্যতম ৰাইজৰ দল ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত জন্ম লাভ কৰে ৰাইজৰ দলে ৷ সমগ্ৰ বছৰটো অখিল গগৈৰ মুক্তিৰ বাবে দাবী উত্থাপন কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ তাৰ মাজতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক স্বৈৰাচাৰী আৰু অসম বিৰোধী আখ্যা দি এই চৰকাৰ ওফৰাবৰ বাবে ৰাইজৰ দল নামেৰে এক নতুন ৰাজনৈতিক শক্তি জন্ম দিয়া হয় ৷ ইতিমধ্যে কাৰাগাৰৰ পৰা জামিন লাভ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰৰ লগতে সংগঠনটোৰ সভাপতি ভাস্কো ডি শইকীয়াই পদবী তথা সংগঠনৰ পৰা অব্যাহতি লৈ প্ৰত্যক্ষ ৰাজনীতিত নামি পৰে ৷ ৰাইজৰ দলক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে দুয়োগৰাকী যুঁজত নামি পৰে ৷ কাৰাগাৰৰ ভিতৰত থাকিলেও 21 ৰ নিৰ্বাচনত অখিল গগৈক প্ৰাৰ্থী ৰূপে থিয় কৰোৱাৰ সিদ্ধান্ত লৈছে ৰাইজৰ দলে ৷

দল ত্যাগ আৰু যোগদান :

ৰাজনীতি আৰু দবা খেল একেই ৷ কোন কেতিয়া উঠে, কোন কেতিয়া পৰে তাৰ নিশ্চয়তা নাথাকে ৷ প্ৰত্যাহ্বানো হঠাৎ আহি পৰে ৰাজনীতিত ৷ বহু সময়ত এনেকুৱা হয় যে একো একো জন বাঘা বাঘা নেতাও বাধ্য হয় বিকল্প সিদ্ধান্ত গ্ৰহণৰ বাবে ৷ এটা ৰাজ নৈতিক দল ত্যাগ কৰি আন এটা ৰাজনৈতিক দললৈ যোৱাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া ৰাজনীতিত থাকেই ৷ 2020 বৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় ৷ ৰাজ্যৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাৰ পৰা বুঠ পৰ্যায়ৰ সদস্যলৈকে বিভিন্ন দলত দেখা গ’ল এই দল বাগৰা প্ৰক্ৰিয়া ৷

assam politics
পবিন্দ্ৰ ডেকা

পবিন্দ্ৰ ডেকাৰ অগপ ত্যাগ : আঞ্চলিকতাবাদৰ ধ্বজাবাহক, অগপৰ প্ৰতিষ্ঠা কালৰে নেতা পবিন্দ্ৰ ডেকাই অগপ ত্যাগ কৰাতো ৰাজ্যৰ ৰাজনীতিৰ বাবে এক উল্লেখনীয় ঘটনা ৷ 21 ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মিত্ৰদল বিজেপিৰ সৈতে অসম গণ পৰিষদৰ আসনৰ বুজাবুজি চলি আছে ৷ অগপৰ দখলত থকা কেইবাটাও সমষ্টিত নিজা প্ৰাৰ্থী দিব খুজিছে বিজেপিয়ে ৷ তেনে এটা সমষ্টি হৈছে পবিন্দ্ৰ ডেকা নেতৃত্বাধীন পাটাছাৰকুছি সমষ্টি ৷ বৰ্তমানেও এই সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে জ্যেষ্ঠ অগপ নেতা গৰাকীয়ে ৷ কিন্তু এইবাৰ পবিন্দ্ৰ ডেকাৰ যেন প্ৰাৰ্থীত্ব লাভৰ আশা ক্ষীণ কৰিব খুজিছে বিজেপিয়ে ৷ অগপ নেতৃত্বইও এই ক্ষেত্ৰত এক প্ৰকাৰ নীৰৱতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ কাৰণ বিৰোধিতা কৰিলে হয়তো বিজেপিৰ সৈতে থকা থকা মিত্ৰতাৰ অৱসান ঘটিব পাৰে ৷ নেতৃত্বৰ এইধৰণৰ কাৰ্যত ক্ষোভিত হৈ দল ত্যাগ কৰে বিধায়ক পবিন্দ্ৰ ডেকাই ৷ পদত্যাগৰ এদিন পাচতে নৱ গঠিত অসম জাতীয় পৰিষদত যোগদান কৰি কাৰ্যকৰী সভাপতিৰ দায়িত্ব লাভ কৰে বিধায়ক গৰাকীয়ে ৷

assam politics
অজন্তা নেওক বিজেপিলৈ

অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাৰ দল ত্যাগ : কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী অজন্তা নেওগে বছৰটোৰ শেহৰ ফালে পদত্যাগ কৰে দলটোৰ পৰা ৷ ইতিমধ্যে বিজেপিত যোগ দিছে গোলাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়িকা গৰাকীয়ে ৷ অজন্তা নেওগৰ বিজেপি গমনে কংগ্ৰেছ শিবিৰত মোক্ষম আঘাত হানে ৷ আনহাতে, অজন্তা নেওগৰ লগতে দল ত্যাগ কৰিছে বৰাকৰ বিধায়ক ৰাজদ্বীপ গোৱালাইও ৷ দুয়োগৰাকীয়ে একেলগেই যোগ দিছে বিজেপিত ৷

assam politics
ৰাজদ্বীপ গোৱালা

দুলু আহমেদৰ কংগ্ৰেছ ত্যাগ : 2020 বৰ্ষতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে হাজো সমষ্টিৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ দুলু আহমেদে ৷ প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চ’ৰাত চলি থকা কন্দলৰ মাজতে দুলু আহমেদে দল ত্যাগ কৰে ৷ বৰ্তমানলৈকে দুলু আহমেদে আন দলত যোগ দিয়া নাই যদিও, শীঘ্ৰে অসম জাতীয় পৰিষদত যোগদান কৰিব বুলি বহু কেইটা সূত্ৰই প্ৰকাশ কৰিছে ৷

assam politics
দুলু আহমেদ

কংগ্ৰেছ এৰিলে কমল মেধিয়ে : অখিল গগৈৰ একালৰ সতীৰ্থ কমল মেধিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি ত্যাগ কৰি যোগ দিছিল কংগ্ৰেছত ৷ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰাৰ মাজতে 2020ৰ শেহৰ ফালে কংগ্ৰেছ ত্যাগ কৰে কমল মেধিয়ে ৷ কংগ্ৰেছ ত্যাগ কৰি পুনৰ কমল মেধি ঘূৰি আহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঔৰসত জন্ম লাভ কৰা ৰাইজৰ দললৈ ৷ বৰ্তমান ৰাইজৰ দলৰ হৈ প্ৰচাৰ অভিযানত নামি পৰিছে কমল মেধি ৷

assam politics
কমল কুমাৰ মেধি

বিপিএফ এৰি বিজেপি লৈ বিশ্বজিৎ দৈমাৰী : জ্যেষ্ঠ বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীয়ে বিটিচি নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত যোগ দিয়ে বিজেপিত ৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে একেলগ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকা বিশ্বজিৎ দৈমাৰীয়ে যে এনেকৈ হাগ্ৰামাক ঠগিব সেয়া হয়তো বহুতেই কল্পনা কৰা নাছিল ৷ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে জনোৱা মতে, হাগ্ৰামা মহিলাৰীৰ মইমতালি আৰু বিপিএফৰ বাকী নেতৃত্বৰ কৰ্মকাণ্ডত অসন্তুষ্ট তেওঁ ৷ আনহাতে বিপিএফত থাকিলে তেওঁৰ ৰাজনৈতিক জীৱনো সুনিশ্চিত নহয় বুলি সংবাদ মেলত প্ৰকাশ কৰে বিশ্বজিৎ দৈমাৰীয়ে ৷ যাৰ বাবে, দুদিন আগলৈকে একেলগে উঠা বহা কৰা হাগ্ৰামাক এৰি বিজেপিৰ শৰণাপন্ন হয় বিশ্বজিৎ দৈমাৰী ৷

assam politics
বিশ্বজিৎ দৈমাৰী

ইমানুৱেল মুছাহাৰী বিজেপি লৈ : কেৱল বিশ্বজিৎ দৈমাৰীয়েই নহয়, বিটিচি নিৰ্বাচনৰ পূৰ্বে বিপিএফ শিৱিৰক আন এক আঘাত হানে বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপিত যোগদানে ৷ তামুলপুৰ সমষ্টিৰ বিপিএফৰ বিধায়ক গৰাকীয়ে বিপিএফ ত্যাগ কৰি যোগ দিয়ে বিজেপিত ৷ অৱশ্যে বিজেপিত যোগ দিয়াৰ বহু পূৰ্বৰে পৰা ইয়াৰ কুচকাৱাজ চলাইছিল বিধায়ক গৰাকীয়ে ৷

assam politics
বিজেত যোগদান ইমানুৱেল মুছাহাৰীৰ

ৰাজনীতি লৈ তাৰকাৰ আগমণ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰৱলতা ইমান বেছি আছিল যে, কেৱল দল-সংগঠনকে নহয় সাধাৰণ ৰাইজ, ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ শিল্পী সমাজকো ই প্ৰভাৱিত কৰিছিল ৷ ৰাজপথলৈ আহি আন্দোলনত জপিয়াই পৰিছিল শিল্পীসকল ৷ গণ শিল্পী সূৰ্য দাস, মানস ৰবীন, জুবিন গাৰ্গ, বৰষা ৰাণী বিষয়া, প্ৰস্তুতি পৰাশৰ, ৰবি শৰ্মা, বিপিন চাওদাং আদি সকলোৱেই নামি পৰিছিল এই আন্দোলনত ৷ আনকি পূৰ্বেই বিজেপিত যোগ দিয়া যতীন বৰাইও অসম চলচ্চিত্ৰ বিত্তীয় নিগমৰ অধ্যক্ষ পদ ত্যাগ কৰি যোগ দিছিল আন্দোলনত ৷

assam politics
একাংশ শিল্পীৰ বিজেপিত যোগদান

প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল ৷ কিন্তু যেতিয়া আন্দোলনৰ গতি স্তিমিত হ’ল তেতিয়া ঘটিল পট পৰিৱৰ্তন ৷ কোনেও হয়তো কল্পনা কৰা নাছিল যে, আন্দোলনত উবুৰি খাই পৰা এই সকল শিল্পীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ হঠাৎ বিজেপিৰ এখন বিশাল সভাত দলে-বলে আহি একাংশ শিল্পীয়ে পিন্ধিলে গেৰুৱা বসন ৷ নিজৰ গেৰুৱা সাজযোৰ বিচাৰি বিজেপিৰ শৰণাপন্ন হ’ল যতীন বৰাও ৷ একাংশ শিল্পীয়ে যোগ দিলে কংগ্ৰেছত আৰু দুই-এগৰাকী অগপলৈও গ’ল ৷ কিন্তু বিজেপিত যোগ দিয়া সকলৰ সংখ্যা অধিক আছিল ৷ আমি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন কৰা শিল্পী বুলি কৈছোঁ যদিও অৱশ্যে সেই আন্দোলনত জড়িত সকলোৱেই ৰাজনীতি লৈ অহা নাছিল ৷ সূৰ্য দাস, মানস ৰবীন, জুবিন গাৰ্গ আদি একাংশ এতিয়াও নিজৰ স্থিতিত অটল আছে ৷

প্ৰমোদ বড়োৰ সক্ৰিয় ৰাজনীতিত পদাৰ্পণ :

তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী আছিল তদানীন্তন নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি প্ৰমোদ বড়ো ৷ এই চুক্তি স্বাক্ষৰৰ কিছু দিন পাচতে এবছুৰ পৰা পদত্যাগ কৰে প্ৰমোদ বড়োৱে ৷ ছাত্ৰ ৰাজনীতিৰ পৰা অৱসৰ লৈ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে বড়ো ছাত্ৰ নেতা গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত তেওঁ ইউ পি পি এলত যোগদান কৰি সভাপতিৰ দায়িত্ব লয় ৷ বিটিচি নিৰ্বাচনত জয় লাভ কৰি বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ সৈতে মিলি পৰিষদ গঠন কৰে ইউ পি পি এল দলে ৷ বিটিচিৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী হিচাপে শপত লয় প্ৰমোদ বড়োৱে ৷ তেওঁ হৈছে বিটিচিৰ দ্বিতীয় গৰাকী মুখ্য কাৰ্যবাহী ৷

assam politics
প্ৰমোদ বড়ো

নিৰ্বাচনী ৰাজনীতি লৈ লুৰিণ জ্যোতি গগৈ :

2020 বৰ্ষত ছাত্ৰ ৰাজনীতি ত্যাগ কৰি প্ৰত্যক্ষ ৰাজনীতি লৈ আহে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ নগাৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা লুৰিণজ্যোতি গগৈয়ে দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনতে সংগঠনটোৰ সম্পাদকৰ পদৰ পৰা পদত্যাগ ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত আছুৰ নেতৃত্বত গঠন হোৱা অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে ৷

assam politics
লুৰিণ জ্যোতি গগৈ

2020 বৰ্ষত অসমৰ ৰাজনীতিৰ কাক কাক হেৰুৱালো আমি :

প্ৰণৱ কুমাৰ গগৈৰ দেহাৱসান : 2020 বৰ্ষটো বৰ সুখদায়ক নহ’ল ৷ কিয়নো মহামাৰী ক’ভিড-19 এ সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰে ৷ 2020 বৰ্ষৰ আৰম্ভণিতে অসমে হেৰুৱাই ৰাজ্যৰ এগৰাকী বৰ্ষীয়ান তথা প্ৰভাৱশালী ৰাজনীতিবিদ প্ৰণৱ কুমাৰ গগৈক ৷ 2020 চনৰ 3 ফেব্ৰুৱাৰীত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয় বিধায়ক তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ ৷ মৃত্যুৰ সময়লৈকে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল প্ৰণৱ কুমাৰ গগৈয়ে ৷

assam politics
প্ৰণৱ কুমাৰ গগৈ

তৰুণ গগৈৰ মহাপ্ৰয়াণ : অসমৰ ৰাজনৈতিক জগতৰ বাবে 2020 বৰ্ষৰ এক অপূৰণীয় ক্ষতি হিচাপে পৰিগণিত হৈছে তৰুণ গগৈৰ দেহাৱসান ৷ 23 নৱেম্বৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় একে লেথাৰিয়ে তিনিবাৰ কৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অধিকাৰ কৰা তৰুণ গগৈয়ে ৷ তৰুণ গগৈৰ মৃত্যুত শোকৰ বন্যা বয় ৰাজ্যজুৰি ৷ আগষ্ট মাহৰ পৰা ক’ভিড-19ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল তৰুণ গগৈ ৷ মাজতে আংশিকভাৱে সুস্থ হৈছিল যদিও পুনৰ তেওঁৰ স্বাস্থ্যৰ অৱস্থা বেয়ালৈ যায় ৷ চিকিৎসকে পাৰ্যমানে চেষ্টা কৰিছিল যদিও 23 নৱেম্বৰত চিকিৎসকৰ সকলো চেষ্টা বিফল কৰি, অগণন গুণমুগ্ধক শোক সাগৰত পেলাই ইহ সংসাৰৰ পৰা চিৰ বিদায় মাগে তৰুণ গগৈয়ে ৷

assam politics
তৰুণ গগৈ

পৰিষদীয় নিৰ্বাচন :

ক’ভিড-19ৰ পৰিস্থিতিৰ মাজতে অসমত দুখনকৈ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হয় ৷ এই নিৰ্বাচন অনুষ্ঠিত হোৱা পৰিষদ দুখন হৈছে বড়ো আঞ্চলিক পৰিষদ আৰু তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷

বিটিচি পৰিষদীয় নিৰ্বাচন : বহু প্ৰতিক্ষীত বিটিচি নিৰ্বাচন অনুষ্ঠিত হয় ডিচেম্বৰ মাহত ৷ এপ্ৰিল মাহতে এই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ভিড-19ৰ পৰিপ্ৰেক্ষিতত প্ৰায় 8 মাহ পিছুৱাব লগীয়া হয় ৷ অতি ৰোমাঞ্চকৰ আছিল বিটিচি নিৰ্বাচন ৷ বিপিএফ, ইউপিপিএলৰ লগতে এইবাৰ নিৰ্বাচনী যুঁজৰ অন্যতম শক্তি আছিল বিজেপি ৷ মুঠ 40 খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিপিএফে 17 খন, ইউপিপিএলে 12 খন আৰু বিজেপিয়ে 9 খন আসন লাভ কৰে ৷ গণ সুৰক্ষা পাৰ্টী আৰু কংগ্ৰেছে এখনকৈ আসন লাভ কৰে যদিও কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে বিজেপিত যোগ দিয়াত বিজেপিৰ সংখ্যা হয় গৈ 10 ৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচতে ইউপিপিএল, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীয়ে মিত্ৰযোট গঠন কৰি বিটিচিৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ আনে ৷ আনহাতে, এককভাৱে সৰ্বাধিক আসন লাভ কৰা বিপিএফ দলে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপে ৷ আদালতে আস্থা ভোটৰ দ্বাৰা বিটিচিৰ পৰিষদ গঠনৰ নিৰ্দেশ দিয়ে ৷ মৌখিক ভোটত প্ৰমোদ বড়োৰ মিত্ৰজোটে 23 টা ভোট লাভ কৰাৰ বিপৰীতে হাগ্ৰামা মহিলাৰীয়ে 17 টা ভোট লাভ কৰে ৷ যাৰ ফলত প্ৰমোদ বড়োৰ হাততে ন্যস্ত থাকে বিটিচিৰ শাসনৰ দয়িত্বভাৰ ৷

বিপিএফ - বিজেপিৰ সংঘাত : বিটিচি পৰিষদীয় নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি আৰু বিপিএফৰ মাজত সংঘাত সৃষ্টি হোৱা দেখা যায় ৷ বিজেপিৰ প্ৰভাৱশালী নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সংঘাতে ব্যাপক ৰূপ লয় ৷ এই সংঘাত ইমানেই বৃদ্ধি পায় যে, দুয়োজনে দুয়োজনকে কেতবোৰ আপত্তিজনক মন্তব্যৰে ককৰ্থনা কৰে ৷ ইয়াৰ মাজতে বৰ্তমানেও বিধান সভাত মিত্ৰতা অব্যাহত থকা দল দুটাৰ এই মিত্ৰতা অক্ষুন্ন থাকে নে নাই সেয়া সন্দিহানত ৷ দুয়োটা দলৰ ৰাজনৈতিক যুঁজখনে পৰৱৰ্তী সময়ত মাত্ৰ দুজন ব্যক্তিৰ মাজৰ মৌখিক বিবাদলৈ পৰিণত হৈছিল ৷ সভা-সমিতি সমূহত কেৱল হাগ্ৰামা মহিলাৰীক হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাক হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় ৷

assam politics
বিটিচি পৰিষদ গঠন

তিৱা পৰিষদীয় নিৰ্বাচন : বিটিচি নিৰ্বাচনৰ পাচতে অনুষ্ঠিত হয় তিৱা পৰিষদীয় সমষ্টিৰ নিৰ্বাচন ৷ মুঠ 36 খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপিয়ে 33 খন আসন জয় কৰি একক সংখ্যা গৰিষ্ঠতা লাভ কৰে ৷ ইয়াৰ বিপৰীতে অসম গণ পৰিষদে দুখন আৰু কংগ্ৰেছে মাত্ৰ এখন আসন লাভ কৰে ৷ কংগ্ৰেছ প্ৰায় ধূলিস্যাৎ হয় নিৰ্বাচনত ৷

এইদৰে 2020 বৰ্ষত অসমৰ ৰাজনৈতিক জগতৰ বহুকেইটা ঘটনাই চৰ্চা লাভ কৰে ৷ 21ত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন ৷ তাৰ বাবে এই বছৰটো আছিল প্ৰস্তুতিৰ বছৰ ৷ প্ৰতিটো দল সংগঠনে নিজ নিজ ৰণ কৌশল তৈয়াৰ কৰি ৰাইজৰ মাত সোমাবলৈ চেষ্টা কৰিছে ৷ বিজেপিয়ে লক্ষ্য লৈছে 100+ ৰ ৷ বিজেপিক ৰোধিবলৈ ইতিমধ্যে মিত্ৰতালৈ অহাৰ আলচ চলিছে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত ৷ নতুন দল কেইটাইও ৰাইজৰ মনত আস্থা আৰু বিশ্বাস জন্মোৱাৰ চেষ্টা চলাইছে ৷ সময় বাগৰি গৈ থাকিব, ৰাজনীতিও এনে দৰেই চলি থাকিব ৷

লগতে পঢ়ক : 2020-ত আমাৰ মাজৰ পৰা বিদায় লোৱা ভাৰতৰ ৰাজনীতিৰ পুৰোধা ব্যক্তিত্ব

Last Updated :Dec 31, 2020, 4:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.