ETV Bharat / state

World Photography Day 2023 : গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন; ধনীৰাম কলিতালৈ ফটো সাংবাদিকতা বঁটা

author img

By

Published : Aug 19, 2023, 7:22 PM IST

অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয় ৷ অনুষ্ঠানত এইবৰ্ষৰ ফটো সাংবাদিকতা বঁটা অসমীয়া প্ৰতিদিন কাকতৰ জেষ্ঠ্য ফটো সাংবাদিক ধনীৰাম কলিতাক প্ৰদান কৰা হয় ৷

World Photography Day Observed in Guwahati
বিশ্ব আলোকচিত্ৰ দিৱস

গুৱাহাটী প্ৰেছ ক্লাবত বিশ্ব আলোকচিত্ৰ দিৱস

গুৱাহাটী, 19 আগষ্ট : "সংবাদ মাধ্যমত ফটো সাংবাদিক সকলৰ এটা বিশেষ স্থান আছে ৷ ফটো সাংবাদিকসকলে সমাজলৈ নিজ শিল্পকৰ্মৰ জৰিয়তে বৰঙণি আগবঢ়াই আহিছে ৷" এই মন্তব্য বিশিষ্ট শিক্ষাবিদ ড৹ অমৰজ্যোতি চৌধুৰীৰ ৷ বিশ্ব আলোকচিত্ৰ দিৱসত মুখ্য অতিথি হিচাবে উপস্থিত থাকি তেওঁ এই মন্তব্য কৰে ৷ ভাষণ প্ৰসংগত তেওঁ প্ৰেক্ষাগৃহবোৰত ফটো সাংবাদিকৰ বাবে বিশেষ স্থানৰ ব্যৱস্থা নথকাকলৈ উদ্বেগ প্ৰকাশ কৰে ৷

অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত শনিবাৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে এখন ফটোৱে এটা গল্প, কাহিনী আৰু ইতিহাস কয় ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট কন্ঠশিল্পী তৰালি শৰ্মাই ফটো সাংবাদিক সকলে এখন সমাজক প্ৰতিনিধিত্ব কৰে বুলি কয় ৷

অনুষ্ঠানত সন্থাই প্ৰতিবছৰে আগবঢ়োৱা ফটো সাংবাদিকতা বঁটা এইবৰ্ষত অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ ফটো সাংবাদিক ধনীৰাম কলিতাক প্ৰদান কৰা হয় ৷ এই বঁটাত আছে গামোচা, জাপি, চেলেং চাদৰ, প্ৰশস্তি পত্ৰ আৰু নগদ 10 হাজাৰ টকা ৷

সাংবাদিক পল্লৱী বৰাই আঁত ধৰা অনুষ্ঠানটোত প্ৰাগ নিউজৰ সম্পাদক প্ৰশান্ত ৰাজগুৰু, অসমীয়া প্ৰতিদিনৰ মুখ্য সহকাৰী সম্পাদক অচ্যুত পাটোৱাৰী, নিয়মীয়া বাৰ্তাৰ কাৰ্যবাহী সম্পাদক অমল দাস, জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ ফুকন, অসমীয়া খবৰ কাকাতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিত দাস, আছুৰ উপ-সভাপতি বিপুল ৰাভা, ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰীয়ে উপস্থিত থাকি নিজৰ ব্যক্তব্য ৰাখে ৷ অনুষ্ঠানত সন্থাৰ সভাপতি চিন্ময় ৰয়, সম্পাদক ৰেব বৰাকে ধৰি সদস্য সকল উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভণিতে 14 গৰাকী ফটো সাংবাদিকৰ 130 খন ফটো প্ৰদৰ্শন কৰা হয় ৷

লগতে পঢ়ক : Anti tobacco campaign in Assam: মৰিগাঁৱত ধঁপাত বিৰোধী অভিযানত জিলা আয়ুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.