ETV Bharat / state

HIV positive Case in Assam: উদ্বেগজনক, অসমত এইচ আই ভিত আক্ৰান্ত 25 সহস্ৰাধিক

author img

By

Published : Dec 2, 2022, 8:40 AM IST

World AIDS Day celebrated in GMCH
উদ্বেগজনক, অসমত এইচ আই ভিত আক্ৰান্ত 25 সহস্ৰাধিক

অসমত অতি উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা (HIV positive case in Assam) ৷ বিশ্ব এইডচ দিৱসৰ দিনটোতে পোহৰলৈ আহিছে এই তথ্য ৷ এই পৰ্যন্ত কামৰূপ মহানগৰত এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 7 হাজাৰৰ ঘৰ ৷

গুৱাহাটী, 2 ডিচেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় বিশ্ব এইডচ দিৱস (Rapidly increasing HIV patients in Assam)। মানুহৰ মাজত এইডছ সম্পৰ্কে সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে । এইবাৰ "সমতা" বিষয়বস্তু হিচাপে লৈ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত ৰাজ্যিকভাৱে পালন কৰা হয় বিশ্ব এইডছ দিৱস । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে পালন কৰা বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ এই অনুষ্ঠানতে এইডছৰ সজাগতা সন্দৰ্ভত বক্তব্য আগবঢ়ায় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে (Minister Kashab Mahanta on HIV)।

মানৱ সমাজৰ পৰা কেনেকৈ এইডচ নিৰ্মূল কৰিব পাৰি তথা এইক্ষেত্ৰত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত সভাত আলোচনা কৰা হয় । য’ত পোহৰলৈ আহিছে কিছু উদ্বেগজনক তথ্য ৷ ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য অনুসৰি ২০২১বৰ্ষ পৰ্যন্ত অসমত এইচ আই ভিত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ২৫,০৭৩ জন । ইয়াৰে ৪৫ শতাংশ মহিলা আৰু ৩ শতাংশ শিশু। আনহাতে এন্টি ৰেট্ৰ'ভায়ৰেল থেৰাপী লৈ থাকিব লগীয়া হৈছে ১০,৭৬৫ গৰাকী লোকে ।

উল্লেখ্য যে, সমগ্ৰ দেশত বৰ্তমান এইচ আই ভি সংক্ৰমণৰ হাৰ ০.২১ শতাংশ আৰু অসমত ০.০৯ শতাংশ। কামৰূপ মহানগৰত সৰ্বাধিক ৭,৬১০গৰাকী লোক আক্ৰান্ত হৈছে এইচ আই ভিত । ইয়াৰ লগতে কাছাৰ জিলাত আক্ৰান্ত ৫,২০০ গৰাকী, নগাঁৱত আক্ৰান্ত ১,৬০২ গৰাকী আৰু ডিব্ৰুগড়ত আক্ৰান্ত ১,৪০২ গৰাকী ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানতে এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফলতাৰে কাম কৰা চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান তথা ব্যক্তি, শিক্ষানুষ্ঠান, চিকিৎসালয়ক পুৰস্কৃত কৰা হয় । আনহাতে এইডছ দিৱসৰ লগত সংগতি ৰাখি ভ্ৰাম্যমাণ ব্লাড বেংকৰ লগতে এটা ৰক্তদান শিবিৰো মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আনহাতে এইডছৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ লক্ষ্যৰে প্ৰস্তুত কৰা এখন তথ্যচিত্ৰও অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় ।

সেইদৰে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিয়ে প্ৰকাশ কৰা 'Jigyasha Know about HIV' আৰু অসম ৰাজ্যিক ৰক্ত সংৰচণ পৰিষদে প্ৰকাশ কৰা 'Handbook on blood centre practices in Assam' নামৰ হাতপুথি দুখনো উন্মোচন কৰা হয় এই অনুষ্ঠানত । ইফালে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ ব্যৱস্থাপনাত দহটা Opioid Substitution Therapy কেন্দ্ৰৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে (World AIDS Day celebrates in GMCH auditorium) ।

অনুষ্ঠানত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ প্ৰকল্প সঞ্চালিকা পমী বৰুৱা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব জুৰী দলে, অসম চিকিৎসা সেৱা নিগম লিমিটেডৰ অতিৰিক্ত পৰিচালন সঞ্চালক প্ৰণতি মজুমদাৰ, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিত তালুকদাৰ, কাৰাগাৰ মহাপৰিদৰ্শক বৰ্ণালী শৰ্মা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, জনপ্ৰিয় গায়িকা নাহিদ আফ্ৰিনৰ লগতে জ্যেষ্ঠ চিকিৎসক আৰু শিক্ষাৰ্থীসকলে অংশ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: World AIDS Day 2022: AIDS আৰু HIVৰ মাজত পাৰ্থক্য কি ? জানো আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.