ETV Bharat / state

Work on garbage disposal project: গুৱাহাটীত আৰম্ভ কোটি টকীয়া জাৱৰ নিষ্কাষণ প্ৰকল্পৰ কাম

author img

By

Published : Apr 29, 2023, 10:39 PM IST

জাৱৰ মুক্ত হ’ব গুৱাহাটী মহানগৰী (Garbage free Guwahati) ৷ ইতিমধ্যে গুৱাহাটীৰ জাৱৰ নিষ্কাষণৰ বাবে পৌৰ নিগমে শেহতীয়াকৈ গ্ৰহণ কৰিছে কেবাটাও অভিলাষী প্ৰকল্পৰ কাম ৷ শনিবাৰে এক সংবাদ আয়োজন কৰি এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালে ৷

Work on garbage disposal project
জাৱৰ মুক্ত হ’ব গুৱাহাটী মহানগৰী

জাৱৰ মুক্ত হ’ব গুৱাহাটী মহানগৰী

গুৱাহাটী, 29 এপ্ৰিল : গুৱাহাটী পৌৰ নিগমে শেহতীয়াকৈ গুৱাহাটীৰ জাৱৰ নিষ্কাষণৰ বাবে গ্ৰহণ কৰিছে কেবাটাও অভিলাষী প্ৰকল্প । ইয়াৰে এটা প্ৰকল্প ইতিমধ্যে হৈছে জাৱৰ জমা কৰা বৰাগাঁৱৰ বেলৰতলৰ ডাপিং গ্ৰাউণ্ডত এই প্ৰকল্পটো আৰম্ভ কৰিছে (Work on garbage disposal project)। বাকী জাৱৰ নিষ্কাষণৰ প্ৰকল্পসমূহৰ কাম পৌৰ নিগমে চলিত বছৰৰ পৰা আৰম্ভ কৰিব । গুৱাহাটীৰ উজান বজাৰত থকা গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই কথা সদৰী কৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই (GMC Mayor Mrigen Sarania) ৷

তেওঁ কয় যে, গুৱাহাটী পৌৰ নিগমে গুৱাহাটীৰ জাৱৰ বিজ্ঞানসন্মতভাৱে আৰু প্ৰণালীবদ্ধভাৱে নিষ্কাষণ কৰাৰ বাবে অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে । দীপৰ বিলৰ প্ৰতি ভাবুকি কঢ়িয়ায় অনা পশ্চিম বৰাগাঁৱৰ ডাপিং গ্ৰাউণ্ডটো 2021 চনত বন্ধ কৰা হৈছে । 120 বিঘা মাটিত থকা এই ডাপিং গ্ৰাউণ্ডটো Zigma global environ solution pvt. নামৰ কোম্পানীটোক সম্পূৰ্ণ জাৱৰ মুক্ত কৰাৰ বাবে দায়িত্ব দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে (Boragaon Dumping Ground) ৷

ইফালে কোম্পানীটোক সম্পূৰ্ণ জাৱৰ মুক্ত কৰাৰ বাবে তিনি বছৰৰ সময় দিয়া হৈছে । তাৰ বাবে ধাৰ্য কৰা হৈছে 170 কোটি টকা । ইতিমধ্যে প্ৰকল্পটোৰ বহু কামেই আগুৱাই গৈছে বুলিও তেওঁ মন্তব্য কৰে ৷ তেওঁ লগতে কয় যে, গুৱাহাটীত দৈনিক জাৱৰ উৎপন্ন হয় 663 মেট্টিক টন ।‌ ইয়াৰে 400-500 মেট্ৰিক টন জাৱৰ ডাপিং গ্ৰাউণ্ডলৈ যায় । বেলৰ তলত ডেৰ লাখ মেট্টিক টন জাৱৰ জমা হৈছে ।

তেওঁ আৰু কয় যে, গুৱাহাটীৰ বেলৰ তলত জাৱৰ জমা কৰাৰ কাম 2022 চনৰ পৰা আৰম্ভ কৰা হৈছিল । বেলৰ তলত জাৱৰ নিষ্কাসনৰ প্ৰক্ৰিয়া দুটা প্ৰকল্পৰে কৰা হৈছে । এই প্ৰকল্পৰ বাবে 30 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে । ইফালে বেলৰ তলৰ ডাপিং গ্ৰাউণ্ডটোৰ কাষেৰে যোৱা পামহী নদীৰ কাষেৰে এটা মথাউৰি নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ উক্ত সংবাদমেলত উল্লেখ কৰে ।

ইয়াৰে 60 শতাংশ কাম ইতিমধ্যে সম্পন্ন হৈছে । তালৈ দৈনিক 200 খন ডাম্পাৰ যায় বুলিও তেওঁ উল্লেখ কৰে । ইফালে বৰাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বেলৰ তললৈ 8 কোটি টকাৰ এটা ৰাস্তা নিৰ্মাণ কৰা হৈছে । 400 মেট্টিক টন জাৱৰ তাত নিষ্কাসন কৰি থকা হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

ইপিনে এই সংবাদমেলতে উপস্থিত থাকি পৌৰ নিগমৰ আয়ুক্ত এম এন দাহালে কয় যে, আদাবাৰী, মঠঘৰীয়া, ফাঁচীবজাৰৰ পুৰণি জেলৰ কাষত 225 টন জাৱৰ জমা কৰা আৰু কেঁচা আৰু শুকান জাৱৰ ভাগ ভাগ কৰা স্থান নিৰ্মাণ কৰা হ’ব । আদাবাৰীত বায়’ মিথানেল প্ৰকল্প কৰা হ’ব । এবছৰৰ ভিতৰতে ইয়াৰে কাম আৰম্ভ হ’ব ।

আকৌ গুৱাহাটীত পৌৰ নিগমে 3.5 কোটি টকা ব্যয় সাপেক্ষে মল নিষ্কাষণৰ এক প্ৰকল্প ৰূপায়ণ কৰিব বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে, এই সংবাদমেলত গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ মনোজ কুমাৰ নাথো উপস্থিত থাকে ৷

লগতে পঢ়ক : Highest rate of anemia: এনিমিয়াত আক্ৰান্ত মহিলাৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.