ETV Bharat / state

জালুকবাৰীত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

author img

By

Published : Oct 5, 2020, 9:21 PM IST

wood-loaded-truck-seized
জালুকবাৰীত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

দীৰ্ঘদিন ধৰি বদৰুদ্দিন আলী নামৰ এজন অসাধু ব্যৱসায়ীয়ে চলাই আহিছিলে চোৰাং কাঠৰ ব্যৱসায় । এনে অসাধু ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ পৰা চালানবিহীনভাৱে গুৱাহাটী মাজেৰে কাঠসমূহ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে।

গুৱাহাটী, 5 অক্টোবৰ: মহানগৰীৰ জালুকবাৰী ৰেডিচন ব্লুৰ সমীপত এখন কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ট্ৰাকখনৰ নং AS 25 DC 9101 । চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা চোৰাং কাঠ কঢ়িয়াই আনিছিল ট্ৰাকখনে। ঘটনাৰ খবৰ লাভ কৰি জালুকবাৰী আৰক্ষীয়ে অভযান চলাই জব্দ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰাকখন। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক ।

wood-loaded-truck-seized
জালুকবাৰীত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি বদৰুদ্দিন আলী নামৰ এজন অসাধু ব্যৱসায়ীয়ে চলাই আহিছিলে চোৰাং কাঠৰ ব্যৱসায় । এনে অসাধু ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ পৰা চালানবিহীনভাৱে গুৱাহাটী মাজেৰে কাঠসমূহ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰে। জালুকবাৰী আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিত অভিযান চলাই ট্ৰাকখন জব্দ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: হাথৰছ পীড়িতাই ন্যায় নোপোৱালৈকে চেণ্ডেল নিপিন্ধাৰ সংকল্প অটো চালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.