ETV Bharat / state

Guwahati girl suicide case : মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ সাক্ষ্য গ্ৰহণ

author img

By

Published : Jan 4, 2022, 8:25 PM IST

School girl suicide case in Guwahati
মডাৰ্ণ ইংলিছ স্কুলৰ ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ সাক্ষ্য গ্ৰহণ

মহানগৰীৰ ওদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ আত্মহত্যাৰ ঘটনাৰ (School girl suicide case in Guwahati) সন্দৰ্ভত মঙলবাৰে গ্ৰহণ কৰা হয় সাক্ষ্য ৷ কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰিমঝিম কোঁৱৰৰ ১৩ নম্বৰ কোঠাত সাক্ষ্য গ্ৰহণ কৰা হয় ৷

গুৱাহাটী, 4 জানুৱাৰী : এতিয়াও মাৰ যোৱা নাই মহানগৰীৰ ওদালবাক্ৰাৰ মডাৰ্ণ ইংলিছ স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়ন কৰা এগৰাকী ছাত্ৰীৰ আত্মহত্যা ঘটনাৰ উত্তেজনা (Guwahati girl suicide case) ৷ এই আত্মহত্যা ঘটনাৰ সন্দৰ্ভত মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰিমঝিম কোঁৱৰ(District Magistrate Rimjhim Konwar)ৰ ১৩ নম্বৰ কোঠাত সাক্ষ্য গ্ৰহণ কৰা হয় । মৰ্ডাণ স্কুলৰ ছাত্ৰী গৰাকীৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত প্ৰায় ৭০ জন লোকে সাক্ষ্য প্ৰদান কৰা হয় ।

দণ্ডাধীশ ৰিমঝিম কোঁৱৰে সাক্ষীসকলৰ জৱান বন্দী লিপিবদ্ধ কৰে । মৰ্ডাণ স্কুলৰ অধ্যক্ষৰ জোনালী দাস মানসিক নিৰ্যাতন সহিব নোৱাৰি এই চৰম পথ বাছি লোৱা বুলি পৰিয়ালৰ লোকে আৰু সাক্ষীসকলে দণ্ডাধীশৰ আগত সাক্ষ্য প্ৰদান কৰে । লগতে Instragram ত ছাত্ৰী গৰাকীক পঞ্চম মহলাৰ জপিয়াবলৈ এজন বন্ধুৱে উচটনি দিছিল বুলি সাক্ষীসকলে দণ্ডাধীশৰ আগত সাক্ষ্য প্ৰদান কৰে ।

শীঘ্ৰে অধ্যক্ষা জোনালী দাস আৰু ছাত্ৰী গৰাকীৰ বন্ধুজনক তদন্তৰ আওতালৈ অনাৰ বাবে ছাত্ৰী গৰাকীৰ পৰিয়ালে দণ্ডাধীশৰ আগত দাবী কৰে ।

উল্লেখ্য যে, বিদ্যালয় ক্ৰীড়া সমাৰোহ চলি থকাৰ মাজতে 25 ডিচেম্বৰত দিনৰ প্ৰায় ১১.৪০ বজাত বিদ্যালয়খনৰ পঞ্চম মহলাৰ পৰা জপিয়াইছিল ছাত্ৰীগৰাকীয়ে । আঘাতপ্ৰাপ্ত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বিদ্যালয় কৰ্তৃপক্ষই হায়ত হাস্পতালত ভৰ্তি কৰা হৈছিল, যদিও পৰৱৰ্তী সময়ত মৃত্যু হয় ছাত্ৰীগৰাকীৰ ৷

জানিব পৰা মতে, বিদ্যালয়খনৰে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰীগৰাকীৰ । যাৰ বাবে অধ্যক্ষা জোনালী দাসে ছাত্ৰীগৰাকীক কটু কথা শুনাইছিল । ফলত এমাহে মানসিক ভাৱে ভাগি পৰিছিল ছাত্ৰী গৰাকী ।

তদুপৰি ছাত্ৰীগৰাকীক অধ্যক্ষাগৰাকীয়ে সকীয়নি দিয়া বুলি অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পিছতে ছুইচাইড নোট লিখি ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ পঞ্চম মহলালৈ গৈ জপিয়াছিল (Suicide note of Guwahati school girl) ।

লগতে পঢ়ক : Guwahati school girl suicide case : ন্যায় বিচাৰি সদৌ দেউৰী মহিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.