ETV Bharat / state

AICC President Election 2022: AICC সভাপতি পদৰ বাবে ৰাজীৱ ভৱনত সৰ্বমুঠ 97 শতাংশ ভোটদান

author img

By

Published : Oct 17, 2022, 6:08 PM IST

Updated : Oct 17, 2022, 8:56 PM IST

Voting for AICC President post at Rajiv Bhawan in Guwahati
AICC সভাপতি পদৰ বাবে ৰাজীৱ ভৱনত সৰ্বমুঠ ৯৭ শতাংশ ভোটদান

সমাপ্ত হ'ল AICC সভাপতি পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (AICC President Election 2022)। দেশৰ বিভিন্ন ঠাইৰ লগতে অসমৰ গুৱাহাটীৰ ৰাজীৱ ভৱনতো সোমবাৰে বিয়লি ৪ বজাত সমাপ্ত হয় নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

গুৱাহাটী, 17 অক্টোবৰ: সমাপ্ত হ'ল AICC সভাপতি পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Voting process for AICC Presidential election ended)। দেশৰ বিভিন্ন ঠাইৰ লগতে অসমৰ গুৱাহাটীৰ ৰাজীৱ ভৱনতো সোমবাৰে বিয়লি 4 বজাত সমাপ্ত হয় AICC সভাপতি পদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । বেলট বক্স লৈ ৰাজীৱ ভৱনৰ পৰা ওলাই গ'ল নিৰ্বাচনী বিষয়া । 8 বাজি 30 মিনিটত বিমানৰ জৰিয়তে বেলট বক্স লৈ যোৱা হ’ব দিল্লীলৈ ।

ৰাজীৱ ভৱনত ভোটদান হ'ল সৰ্বমুঠ 97 শতাংশ (Voting for AICC President post at Rajiv Bhawan) । অসমৰ 281 জন ভোটাৰে সাব্যস্ত কৰিলে ভোটদান । অকন বৰাই মিজোৰামত আৰু ৰেকিবুদ্দিন আহমেদে শ্বিলংত ভোট দিয়াৰ বিপৰীতে 279 জনে ভোট দিলে অসমত । বলিন কুলী আৰু নজৰুল ইছলামে স্বাস্থ্যৰ অৱস্থা বেয়া বাবে ভোট দিব নোৱাৰিলে । সোমবাৰে পুৱা 10 বজাৰ পৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ আৰম্ভ হয় ।

অসমৰ কংগ্ৰেছৰ সদস্য প্ৰতিনিধিসকলে গুৱাহাটীৰ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে নিৰ্বাচনৰ বাবে ভোটদান সাব্যস্ত কৰে । অসমৰ 289 গৰাকী সদস্য প্ৰতিনিধিৰ ভোটাধিকাৰ আছিল । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি বাছনিৰ বাবে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি দলটোৰ এগৰাকী নেতা নিৰ্বাচনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ প্ৰতিনিধিসকলে সোমবাৰে পুৱা ৰাজীৱ ভৱনত উপস্থিত হয় (AICC President Election 2022) ।

উল্লেখযোগ্য যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি পদৰ বাবে দেশজুৰি সাংগঠনিক নিৰ্বাচন আজি অনুষ্ঠিত হৈছে আৰু সেই অনুসৰি অসমতো প্ৰদেশ কংগ্ৰেছৰ 281গৰাকী সদস্য প্ৰতিনিধিয়ে দলটোৰ মুৰব্বী নিৰ্বাচনৰ বাবে আজি ভোটদান কৰিব । বিয়লি 4-00 বজালৈকে গুৱাহাটীৰ ৰাজীৱ ভৱনত ভোটদান অনুষ্ঠিত হয় । সভাপতি নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ অন্তর্গত প্ৰতিটো ব্লক কংগ্ৰেছৰ পৰা এজনকৈ প্ৰতিনিধি বাছনি কৰা হৈছেল । বুথ পৰ্যায়ত সদস্য ভৰ্তিৰ পিছত তেওঁলোকৰ মাজৰ পৰা ব্লক পর্যায়ত এজন কংগ্ৰেছ কৰ্মীক দিয়া হৈছে ভোটাধিকাৰ ।

AICC সভাপতি পদৰ বাবে ৰাজীৱ ভৱনত সৰ্বমুঠ 97 শতাংশ ভোটদান

উল্লেখ্য যে, সভাপতিৰ দৌৰত আছে মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge)আৰু শশী থাৰুৰ (Shashi Tharoor)। ইতিমধ্যে দুয়োগৰাকীয়ে প্ৰাৰ্থীয়ে গুৱাহাটীলৈ আহি প্ৰচাৰ অভিযান চলাই গৈছে । অসমত নিৰ্বাচনৰ বাবে দিল্লীৰ প্ৰাক্তন অধ্যক্ষ হাৰুন ইউচুক ৰিটাৰ্নিং অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে । নিৰ্বাচনত সাংসদ, বিধায়কৰ পৰা সাধাৰণ কৰ্মীলৈ সকলোৰে আছে ভোটাধিকাৰ । অর্থাৎ ব্লক কংগ্ৰেছ কমিটীৰ পৰা যাকেই প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰা হৈছে সেইজনেই সভাপতি নিৰ্বাচনত ভোটদান কৰিব ।

অহা 19 অক্টোবৰত ভোটগণনা আৰু ফলাফল ঘোষণা কৰা হ’ব । ভোটগণনা দিল্লীত অনুষ্ঠিত হ’ব । মনকৰিবলগীয়া যে বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি কমলাক্ষ দে পুৰাকায়স্থ ভোটদান কৰাৰ পৰা বঞ্চিত হয় । ইয়াকে লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দুই ভিন্ন মত প্ৰকাশ কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটি আৰু বুথ পৰ্য্যায়ৰ মাজত যোগাযোগৰ ক্ষেত্ৰত হোৱা ভুলৰ বাবে এয়া হৈছে বুলি দেৱব্ৰত শইকীয়াই প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, যোৱা 2000 চনত কংগ্ৰেছৰ অন্তিমটো সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল । সেইবাৰ ছোনিয়া গান্ধীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী জিতেন্দ্ৰ প্ৰসাদক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি সভাপতি হিচাবে নিৰ্বাচিত হৈছিল । সেই নিৰ্বাচনত ছোনিয়া গান্ধীয়ে মুঠ 97 শতাংশ ভোট লাভ কৰিছিল । তাৰ সুদীর্ঘ 22 বছৰ পাচত এইবাৰ পুনৰ কংগ্ৰেছৰ সভাপতি পদৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে মল্লিকার্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত । কংগ্ৰেছৰ ইতিহাসত একমাত্ৰ ছোনিয়া গান্ধীয়ে হ’ল দীঘলীয়া সময়ৰ বাবে সভাপতিৰ আসন অলংকৃত কৰা নেত্ৰী ।

ৰাজীৱ গান্ধীৰ মৃত্যুৰ পাচত কংগ্ৰেছ দলে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব ল’বলৈ অনুৰোধ কৰিছিল যদিও সেই সময়ত তেওঁ দলৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল । 1997 চনত ছোনিয়া গান্ধীয়ে ৰাজনীতিলৈ অহাৰ সিদ্ধান্ত লয় আৰু 1998 চনত তেওঁ দলৰ সভানেত্ৰী মনোনীত হয় । তেতিয়াৰে পৰা একেৰাহে তেওঁ 2017 চনলৈ দলটোৰ সভাপতি হৈ থাকে । শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰাৰ পাচত দলে তেওঁৰ স্থানত ৰাহুল গান্ধীক দলৰ সভাপতি মনোনীত কৰে 2017 চনত ।

2019 চনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি 2019 চনত ৰাহুল গান্ধীয়ে সভাপতি পদৰ পৰা পদত্যাগ কৰাত দলে পুনৰ ছোনিয়া গান্ধীকেই দলৰ অন্তৱৰ্তীকালীন সভাপতিৰ দায়িত্ব দি দলীয় নিৰ্বাচন অনুষ্ঠিত কৰে আৰু সেই মৰ্মে আজি দলটোৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় ।

লগতে পঢ়ক: AICC President Election 2022 : গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ব কংগ্ৰেছৰ সভাপতি পদ !

Last Updated :Oct 17, 2022, 8:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.