ETV Bharat / state

Voters Party International: অসম বিধানসভাৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ ভোটাৰশ্বিপ'ৰ প্ৰস্তাৱ প্ৰেৰণৰ আহ্বান

author img

By

Published : May 13, 2023, 11:12 AM IST

Voters Party International protest in Guwahati
ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল

বিভিন্ন দাবীৰ সমৰ্থনত এমহীয়া অৱস্থান ধৰ্মঘট ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেলৰ (Protest in Guwahati)। মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট অব্যাহত ।

ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেল

গুৱাহাটী, ১৩ মে': মহাত্মা গান্ধীৰ আধৰুৱা সপোন "অৰ্থনৈতিক স্বাধীনতা"ক বাস্তৱত ৰূপ দিয়াকে ধৰি বিভিন্ন দাবীত ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেলে শনিবাৰেও গুৱাহাটী মহানগৰীৰ চচলত অৱস্থান ধৰ্মঘট অব্যাহত ৰাখে (Voters Party International protest in Guwahati)। "ন' ভোটাৰশ্বিপ',ন' ৰেষ্ট" আদৰ্শৰে আন্দোলন আৰম্ভ কৰা ভোটাৰ্চ পাৰ্টি ইণ্টাৰনেচনেলৰ এমহীয়া অৱস্থান ধৰ্মঘট' শনিবাৰে সপ্তম দিনত প্ৰৱেশৰ পিচতো খবৰ লোৱাৰ আহৰি নাই চৰকাৰী কৰ্তৃপক্ষৰ ।

প্ৰতিবাদকাৰী সকলে বিশেষকৈ "বান সমস্যা ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰক","নিত্য ব্যৱহার্য সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধিৰ অত্যাচাৰ বন্ধ কৰক","নাগৰিকক মাহে ৮,৪৩৫ টকাকৈ ভোটাৰশ্বিপ দিয়ক" আৰু "ভোটাৰশ্বিপ আমাৰ সংবিধানিক অধিকাৰ "আদি দাবীৰে চচলৰ পৰিবেশ উত্তাল কৰে । এই সাতদিনীয়া প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰী সকলে চচলৰ চৌহদত কৃষ্ণচূড়া, নিম আৰু বকুল গছৰ পুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে ।

শুকুৰবাৰে ঢেকীয়াজুলি ব্লক আৰু ৰঙাপাৰ ব্লকৰ প্ৰায় দুই শতাধিক নাগৰিকে অংশগ্ৰহণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভোটাৰ্চ পাৰ্টিৰ ৰাজ্যিক মুখপাত্র পবিত্র বড়োই কয় যে বান-খহনীয়াত সকলো হেৰুওৱা সমাজখনক সাংবিধানিকভাৱে ন্যায্য প্রাপ্য দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা সন্তোষজনক নহয় । বানে সংহাৰী ৰূপ ধাৰণ নকৰাৰ আগতেই ৰাজ্য চৰকাৰে সতৰ্কতামূলক ব্যবস্থা লওক । প্ৰতিবাদকাৰীসকলে নাগৰিকৰ জীৱন আৰু সম্পত্তি, গ্ৰাম্য অৰ্থনীতি আৰু পশুধন সুৰক্ষাৰ স্বাৰ্থত এপ্ৰিলৰ পৰা ছেপ্তেম্বৰলৈ বান প্রভান্বিত অঞ্চলৰ নাগৰিকক মাহে ৮০০০ টকাকৈ "ভোটাৰশ্বিপ" প্ৰদান কৰক যাতে তেওঁলোকে আগতীয়াকৈ নিৰাপদ স্থানত অৱস্থান ল'ব পাৰে ।

নাগৰিকৰ সাংবিধানিক প্রাপ্যত আপোচ কৰা নহ'ব, বুলি উল্লেখ কৰি ৰাজ্যিক সভাপতি ললিত পেগুৱে কয় যে, নাগৰিকৰ জীৱন ধাৰণাৰ মান উন্নত কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য । চৰকাৰে সকলোকে কাম বা চাকৰি দিব নোৱাৰে, কিন্তু ভোটাৰশ্বিপ দিব পাৰে । ইয়াৰ দ্বাৰা এখনি সুস্থিৰ সমাজ গঢ় দিব পাৰে বুলি ভোটাৰ্চ পাৰ্টিৰ ৰাজ্যিক মুখপাত্র পবিত্র বড়োই কয় ।

লগতে পঢ়ক:Auditorium at Rangia: ৰঙিয়াত শীঘ্ৰে নিৰ্মাণ হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.