ETV Bharat / state

২৮ টা সমষ্টিত যুঁজ দিব ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে

author img

By

Published : Mar 25, 2021, 7:03 PM IST

ৰজিত শর্মাক ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ অখিল ভাৰতীয় সমিতিৰ সচিবৰ দায়িত্ব অৰ্পণ
ৰজিত শর্মাক ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ অখিল ভাৰতীয় সমিতিৰ সচিবৰ দায়িত্ব অৰ্পণ

ৰজিত শর্মাক ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল দলৰ অখিল ভাৰতীয় সমিতিৰ সচিবৰ দায়িত্ব অৰ্পণ । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকা আন ৰাজনৈতিক দলসমূহ তীব্ৰ সমালোচনা কৰে দলটোৰ অখিল ভাৰতীয় সভানেত্রী ববিতা শর্মা গােয়েলে । বিমানবন্দৰ, বেংক আদি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰে সভানেত্ৰীগৰাকীয়ে ।

গুৱাহাটী,২৫ মার্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে এক সংবাদমেল সম্বােধন কৰে । সংবাদমেলতে দলটোৰ অখিল ভাৰতীয় সভানেত্রী ববিতা শর্মা গােয়েলে ৰজিত শর্মাক দলৰ অখিল ভাৰতীয় সমিতিৰ সচিব হিচাপে ঘােষণা কৰে ।

নির্বাচনী প্রচাৰৰ সময়ত বিভিন্ন দলে ৫-১০ লাখ নিবনুৱাক নিযুক্তি দিব বুলি দিয়া প্রতিশ্রুতিৰ সমালোচনা কৰে । ৰে'ল ষ্টেছন, বিমানবন্দৰ, বেংক, কয়লাখনি পুঁজিপতিসকলৰ হাতত গতাই দিয়াৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য কৰে । তেওঁ কয় যে, কৃষি আইন আনি লাহেকৈ কৃষি বিভাগাে ব্যক্তিগত খণ্ডক গতাই দিব ।

তেওঁ কয় যে, বিভাগবোৰ চৰকাৰে নাইকিয়া কৰিলে । এতিয়া যুৱ প্রজন্মক এই পুঁজিপতিসকলৰ ঘৰত নিযুক্তি দিব নেকি বুলি তেওঁ প্ৰশ্ন কৰে । সম্প্ৰতি বিভিন্ন ৰাজনৈতিক দলে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি সন্দৰ্ভত নেত্ৰীগৰাকীয়ে তীব্ৰ কটাক্ষ কৰি ভোটাৰ ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে, এইবাৰ বিধানসভা নিৰ্বাচনত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে মুঠ ২৮ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । বৃহস্পতিবাৰৰ এই সংবাদমেলত দলটোৰ নেতা ৰঞ্জিত শর্মা, সূৰজ কুমাৰ গােয়েল, শিৱ নাৰায়ণ শর্মা, ক্রান্তিবীৰ চনিকা, নবীন কুমাৰ উপস্থিত আছিল ।

লগতে পঢ়ক: অন্তিম দিনৰ প্ৰচাৰত ব্যস্ত মিত্ৰজোঁটৰ প্ৰাৰ্থী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.