গাঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৰঙিয়াৰ এখন গাঁৱৰ ৰাইজ

author img

By

Published : Sep 17, 2022, 9:04 PM IST

Poor Road in Rangia

চৰকাৰলৈ বাট নাচাই পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে এখন গাঁৱৰ ৰাইজ (Villagers came out to construct poor road) ৷ হাতে হাতে কোৰ, চাঙি আৰু বস্তা লৈ উলাই আহিছে ৰঙিয়াৰ চেনীমাৰা-বিহাপাৰাৰ একাংশ ৰাইজ । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে পথ নিৰ্মাণ কাৰ্যত । লক্ষ্য মাত্ৰ এটাই, যিকোনো প্ৰকাৰে পথচোৱা যাতায়তৰ উপযোগী কৰি তুলিব লাগে ৷

ৰঙিয়া, 17 ছেপ্টেম্বৰ: চৰকাৰলৈ বাট নাচাই পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিছে এখন গাঁৱৰ ৰাইজ (Villagers came out to construct poor road) ৷ হাতে হাতে কোৰ, চাঙি আৰু বস্তা লৈ উলাই আহিছে ৰঙিয়াৰ চেনীমাৰা-বিহাপাৰাৰ একাংশ ৰাইজ । শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে পথ নিৰ্মাণ কাৰ্যত (Everyone participates in road construction)। লক্ষ্য মাত্ৰ এটাই যিকোনো প্ৰকাৰে পথচোৱা যাতায়তৰ উপযোগী কৰি তুলিব লাগে ৷

গৃহিনীসকলোকো দেখা গ’ল শ্ৰমদান কাৰ্যসূচীত । মুঠৰ ওপৰত অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ গাঠিৰ ধন ভাঙি প্ৰায় ১ কিলোমিটাৰ পথ নিৰ্মাণত লাগি পৰিছে । মন কৰিবলগীয়া যে, দুগৰাকী স্থানীয় লোকে দান দিছিল পথচোৱাৰ বাবে মাটি ৷ সেই মাটিত অঞ্চলটোৰ ৰাইজে গাঠিৰ ধন খৰচ কৰি নতুনকৈ পথটো নিৰ্মাণ কৰিবলৈ দিনে-নিশাই অহৰহ চেষ্টা কৰি চলাই আছে ।

গাঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিবলৈ ওলাই আহিল ৰঙিয়াৰ এখন গাঁৱৰ ৰাইজ

গাঁওখনৰ ৰাইজৰ উদ্দেশ্য এটাই, পথটো যিকোনো প্ৰকাৰে সম্পূৰ্ণ কৰি কোনোমতে যাতায়তৰ উপযোগী কৰি তুলিব লাগে, যাতে পথচোৱা সাময়িকভাৱে হলেও চলাচলৰ বাবে উপযোগী হৈ উঠে ।

উল্লেখযোগ্য যে, চৈধ্য বছৰ পূৰ্বে ৰঙিয়াৰ চেনীমাৰা-বিহাপাৰা সংযোগী পথটো বৰলীয়া নৈৰ বানে সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলাইছিল (Flood completely cut off the road)। ৰাইজৰ বহু আবেদন-নিবেদনৰ পিছতো পছচোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো কাণ সাৰ নিদিলে বিভাগীয় কতৃপক্ষ কিম্বা স্থানীয় জনপ্ৰতিনিধিয়ে ৷ আজিকোপতি পথচোৱাৰ ওপৰত দৃষ্টি নপৰিল এজনো জনপ্ৰতিনিধিৰ ।

দেশৰ স্বাধীনতাৰ ৭৬ বছৰৰ পিছতো অনগ্ৰসৰ এই অঞ্চলটোৰ এই গুৰুত্বপূৰ্ণ পথটো পুনঃনিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰি নিদিয়াত অঞ্চলবাসীয়ে সদায় ভুগ কৰি আহিছে যমৰ-যাতনা ।

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধ লোকসকলে বোকা-পানী গছকি পথচোৱাৰে অতি কষ্টেৰে অহা-যোৱা কৰি আহিছে । ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ বাহনো যাব নোৱৰাত আন এক গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মুখীন হ’বলগা হয় ৰাইজ ।

ৰাইজৰ অভিযোগ, পথচোৱা মেৰামতিৰ বাবে বাৰম্বাৰ বিভাগীয় কতৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক আবেদন নিবেদন কৰি অহাৰ পিছতো কোনো গুৰুত্ব নিদিলে ৷ উপায়বিহীন হৈ স্থানীয় দুগৰাকী লোকে পথটোৰ বাবে নিজৰ পথাৰৰ মাটি দান কৰে গাঁওবাসী ৰাইজক । ইয়াৰ পাছতে ভিতৰুৱা তথা পিছপৰা অঞ্চলটোৰ ৰাইজে নতুনকৈ সেই মাটিত নতুনকৈ আৰম্ভ কৰিছে গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ কাম ।

অৱস্যে এই পথটো এক উদাহৰণ হে মাথো ৷ ৰাজ্যত এতিয়াও এনে বহু পথ আছে যি আজিও হৈ আছে ব্যৱহাৰৰ অনুপযুক্ত ৷ যি সময়ত চৰকাৰখনে ৰাজ্যৰ উন্নয়ণৰ ঢাক-ঢোল বজাই উন্নতি হৈ অহা বুলি হৈ চৈ কৰি আহিছে, তেনে সময়ত এনে জৰাজীৰ্ণ পথে সকলোকে পুনৰ এবাৰ ভাৱিবলৈ বাধ্য কৰিছে, সঁচাকৈয়ে আমি দেখিছোনে উন্নয়নৰ মুখ ৷

লগতে পঢ়ক: বোকাময় পথত বাগৰি বাগৰি প্ৰতিবাদ সাব্যস্ত কৰিলে যুৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.