ETV Bharat / state

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী আই চি ইউত চিকিৎসাধীন

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:47 PM IST

Veteran journalist Dhirendra Nath Chakraborty
প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আই চি ইউত চিকিৎসাধীন

প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসুস্থ । দেওবাৰে সন্ধিয়া ৬ বজাত GNRC ত ভৰ্তি কৰোৱা হয় বৰ্ষীয়ান সাংবাদিকজনক । বৰ্তমান তেওঁ আই চি ইউত চিকিৎসাধীন ৷

গুৱাহাটী, 27 নৱেম্বৰ: সন্ত্ৰাসবাদৰ বিৰুদ্ধে ওৰেটো জীৱন অনমনীয় স্থিতিৰে যুঁজি অহা প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী অসুস্থ । জীৱনৰ বাটত 9 টা দশক অতিক্ৰম কৰা সাংবাদিকগৰাকীক শাৰীৰিক অসুস্থতাৰ বাবে দেওবাৰে গধূলি প্ৰায় 6 বজাত গুৱাহাটীৰ GNRC ত ভৰ্তি কৰোৱা হয় । বৰ্তমান GNRC হাস্পতালৰ ICU ত চিকিৎসাধীন হৈ আছে তেওঁ ।

চিকিৎসকে তেওঁ টাইফয়েডত আক্ৰান্ত হোৱা বুলি পৰিয়ালৰ লোকক জনাইছে । ইফালে দেওবাৰতকৈ আজি তেওঁৰ স্বাস্থ্যৰ অৱস্থা উন্নত বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকৰ লগত কথা-বতৰা পাতিছে বুলি জানিবলৈ দিয়ে পুত্ৰ সমৰজিৎ চক্ৰৱৰ্তীয়ে ।

উল্লেখ্য যে, প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে দৈনিক অসম, দৈনিক জনমভূমি আৰু আজিৰ বাতৰি কাকতকে ধৰি কেইবাখনো কাকতৰ সম্পাদনা কৰিছিল । তেওঁ জীৱনৰ সৰহভাগ সময়ত আলফাক ক্ষুৰধাৰ সমালোচনা কৰি আহিছে । আলফা আটাইতকৈ শক্তিশালী হৈ থকা সময়তো তেওঁ ৰাজহুৱাকৈ আলফাৰ বিৰোধিতা কৰিছিল ৷ যাৰ বাবে আলফা সংগঠন তথা পৰেশ বৰুৱাৰ পৰা তেওঁ একাধিকবাৰ প্ৰাণ নাশৰ ভাবুকি লাভ কৰিছিল ৷

প্ৰাণ নাশৰ ভাবুকি লাভ কৰাৰ পিচতো থমকি ৰোৱা নাছিল তেওঁৰ কলম ৷ নিৰ্ভীকভাৱে আলফাৰ বিৰুদ্ধে বাতৰি, প্ৰৱন্ধ আদি লিখি গৈছিল ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে ৷ কিন্তু বৰ্তমান শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ হাতত তুলি ল’ব পৰা নাই কলমটো ৷ কিন্তু সকলোৱে আশা কৰিছে যে অচিৰেই সুস্থ হৈ পুনৰ নিৰ্ভীকভাৱে সমাজৰ হকে লেখি যাব তেওঁ ৷

ইয়াৰোপৰি তেওঁ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপেও কৰ্মৰত আছিল । অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা আজীৱন অৱদানৰ বাবে তেওঁক সন্মানিতও কৰা হৈছিল । 2019 চনত, অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা 70 সংখ্যক গণৰাজ্য দিৱসত সন্মান জনায় ৷ প্ৰবীণ সাংবাদিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে পৰিয়ালৰ লগতে তেওঁৰ গুণমুগ্ধসকলে ৷

লগতে পঢ়ক: বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰিল বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.