ETV Bharat / state

Mission Basundhara 2.0: মিছন বসুন্ধৰা-২.0ত ব্যাপক বিসংগতিৰ অভিযোগ জনজাতীয় সংগঠনৰ

author img

By

Published : Dec 29, 2022, 7:16 PM IST

ৰাজ্য চৰকাৰে আৰম্ভ কৰা মিছন বসুন্ধৰা 2.0ত ব্যাপক বিসংগতি আৰু আসোঁৱাহ ৰৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ট্ৰাইবেল সংঘকে ধৰি বহুকেইটা জনজাতীয় সংগঠনে ৷ এই আসোঁৱাহ সমূহ দূৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি সংবাদমেল সম্বোধন জনজাতীয় সংগঠনকেইটাৰ ৷ মিছন বসুন্ধৰা 2.0 ৰাইজৰ বাবে সহজ-সৰল কৰি তোলাৰ দাবী চৰকাৰক ৷

মিছন বসুন্ধৰা-২.0ত ব্যাপক বিসংগতিৰ অভিযোগ জনজাতীয় সংগঠনৰ
Etv BharatMission Basundhara 2.0

মিছন বসুন্ধৰা-২.0ত ব্যাপক বিসংগতিৰ অভিযোগ জনজাতীয় সংগঠনৰ

গুৱাহাটী,২৯ ডিচেম্বৰঃ মিছন বসুন্ধৰা 2.0ত(Mission Basundhara 2.0) ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ট্ৰাইবেল সংঘকে ধৰি কেইবাটাও জনজাতীয় সংগঠনে । মিছন বসুন্ধৰা-2.0 সহজ-সৰল কৰাৰ দাবী ট্ৰাইবেল সংঘকে ধৰি বহু কেইটা সংগঠনৰ ৷

বৃহস্পতিবাৰে সদৌ অসম ট্ৰাইবেল সংঘৰ(All Assam Tribal Sangha) উদ্যোগত গুৱাহাটীত জনজাতীয় সংগঠন, জনজাতীয় সাহিত্য সভা আৰু জনজাতীয় স্বায়ত্বশাসিত পৰিষদ সমূহৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মিছন বসুন্ধৰা-2.0ৰ বিভিন্ন দিশ সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।

বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্প‍াদক আদিত্য খাখলাৰীয়ে(Tribal Sangha secretary Aditya Khaklari) বসুন্ধৰা-2.0ৰ বিভিন্ন বিসংগতি দাঙি ধৰি ইয়াৰ সমাধানৰ দাবী জনায় । তেওঁ কয়, ‘‘অসম চৰকাৰে খিলঞ্জীয়া ভূমিপুত্ৰ(Indigenous people of Assam) লোকসকলৰ ভূমি সমস্যা নিষ্পত্তিৰ বাবে আৰম্ভ কৰা মিছন বসুন্ধৰা 2.0ৰ জৰিয়তে জনজাতীয় লোকক বংশানুক্ৰমে ভোগদখল কৰি থকা ভূমিৰ 50 বিঘালৈকে পট্টন দিয়া কথাটো বাস্তৱিকতে হৈ উঠা নাই । মিছন বসুন্ধৰা-2.0 প্ৰক্ৰিয়াটোত প্ৰশাসনে মাত্ৰ 1 বিঘা ভেটি মাটি আৰু 7 বিঘা খেতি মাটিৰহে আবেদন গ্ৰহণ কৰিছে । মিছন বসুন্ধৰা-2.0 ত কেইবাটাও সেৱা উপলব্ধ নহয় ।’’

‘পানী তল’ মাটিৰ শ্ৰেণী অন্য শ্ৰেণীলৈ পৰিবৰ্তন কৰা, ‘গ্ৰাম সভা পট্টা’ সমূহক ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা, জনজাতিৰ দখলত থকা দেৱোত্তৰ আৰু সত্ৰ ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰা, পিতৃপুৰুষৰ দিনৰে পৰা 75 বছৰ ভোগ দখল কৰি থকা প্ৰমাণপত্ৰ কোনে প্ৰদান কৰিব তাক স্থিৰ কৰাৰ বাবে দীব উত্থাপন কৰাৰ লগতে ট্ৰাইবেল সংঘৰ সম্পাদকগৰাকীয়ে কয় যে, ভি জি আৰ আৰু পি জি আৰ ভূমিত মাত্ৰ 1 বিঘাৰ বাবেহে আবেদন গ্ৰহণ কৰিছে । আনহাতে বহু জিলাত শ শ জনজাতীয় গাঁৱত এতিয়াও কেডেষ্ট্ৰেল জৰীপ নোহোৱাৰো অভিযোগ উত্থাপন কৰে ।

31 মার্চৰ ভিতৰত জৰীপ সম্পূৰ্ণ হোৱাৰ নিশ্চয়তা নাই । বহু জনজাতীয় কৃষকে ৰায়ত হিচাপে ভোগ দখল কৰি আছে যদিও তেওঁলোকৰ ৰায়তী খতিয়ান নাই । গতিকে তেওঁলোকৰ নামত মাটি পট্টা পোৱাটো অনিশ্চিত হৈ পৰিছে । 1999 চনৰ বন্দবস্তী মতে ভোগ দখলত থকা লোকসকলে কৰ আদায় কৰা ৰচিদৰ অভাৱত আবেদন কৰিব পৰা নাই ।

এই অত্যন্ত প্ৰয়োজনীয় বিষয়সমূহ মিছন বসুন্ধৰা-২.0ত সেৱা হিচাপে অন্তর্ভূক্ত নহ'লে মিছন বসুন্ধৰা সম্পূৰ্ণৰূপে সফল নহ'ব ৷ যি কথা সংবাদমেলত সদৰী কৰে অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্প‍াদক আদিত্য খাখলাৰীয়ে ৷ এইক্ষেত্ৰত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰে । বৃহস্পতিবাৰৰ বৈঠকত 11টাকৈ দাবী উত্থাপন কৰা হয় । দাবীসমূহ হৈছে-

1. মিছন বসুন্ধৰা 2.0 ৰ জৰিয়তে জনজাতীয় লোকক বংশানুক্ৰমে ভোগদখল কৰি থকা ভূমিৰ 50 বিঘালৈকে পট্টা দিয়াৰ ব্যৱস্থা কৰা । এইক্ষেত্ৰত পিতৃ পুৰুষৰ দিনৰে পৰা ৭৫ বছৰ ভোগ দখল কৰি থকাৰ অৰ্হতা 25 বছৰলৈ হ্ৰাস কৰাৰ লগতে গাঁও প্ৰধানে প্ৰদান কৰা চাৰ্টিফিকেট খনকে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা ৷

2. 'জল ডুবা’ বা পানী তল মাটিৰ শ্ৰেণী অন্য শ্ৰেণীলৈ পৰিবৰ্তন কৰি ম্যাদি পট্টা দিয়াৰ ব্যৱস্থা কৰা । 'গ্ৰাম সভা পট্টা’সমূহকো ম্যাদী পট্টালৈ ৰূপান্তৰ কৰা ৷

3. জনজাতিৰ দখলত থকা দেবোত্তৰ তথা সত্ৰ ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰা ৷

4. ভি.জি.আৰ আৰু পি.জি.আৰ ভূমিত মাত্ৰ 1 বিঘাৰ সলনি জনজাতীয়ে যিমান পৰিমাণৰ মাটি ভোগ দখল কৰি আছে সিমান পৰিমাণৰ মাটিৰ পট্টা দিয়া ৷

5. যিবোৰ জনজাতীয় গাঁৱত এতিয়াও কেডেষ্ট্ৰেল জৰীপ হোৱা নাই তেনে গাঁওবোৰ শীঘ্ৰে জৰীপ কৰা আৰু 31 মার্চ 2023ৰ ভিতৰতে মিছন বসুন্ধৰাত আবেদনৰ সুযোগ দিয়া ৷

6. ৰায়তী খতিয়ান নেথাকিলেও জনজাতীয় কৃষকে ৰায়ত হিচাপে ভোগ দখল কৰি থকা মাটিৰ ম্যাদি পট্টা দিয়াৰ ব্যৱস্থা কৰা ৷

7. 1999 চনৰ বন্দবস্তী মতে ভোগ দখলত থকা লোকসকলক কৰ আদায় কৰা ৰচিদ অবিহনে আবেদন কৰিব পৰা ব্যৱস্থা কৰি দিয়া ৷

8. বন অধিকাৰ স্বীকৃতি আইন 2006 কার্যকৰী কৰি অনুসূচীত জনজাতিৰ বনবাসীক ভূমিস্বত্ব প্ৰদান কৰা ৷

9. ৰাজ্যৰ বিভিন্ন ঠাইত উচ্ছেদিত জনজাতি পৰিয়ালসকলক উপযুক্ত সংস্থাপন দিয়া ৷

10. বি.টি.আৰ অঞ্চলতো মিছন বসুন্ধৰাৰ দৰে আইন তৈয়াৰ কৰি জনজাতিক ভূমি অধিকাৰ প্ৰদান কৰা ৷

11. মিছন ভূমিপুত্ৰৰ জৰিয়তে জনজাতীৰ প্ৰমাণপত্ৰ পোৱাত 3 মাহতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছে । আনহাতে আবেদন অগ্ৰাহ্য কৰাৰ জাননীও তিনি মাহৰ পিছতহে আহে । নগাঁও জিলাত আবেদনৰ মাচুল 350 টকা পৰ্যন্ত উপায়ুক্তৰ কাৰ্যালয় সহায়কে সংগ্ৰহ কৰা পৰিলক্ষিত হৈছে । এই আসোঁৱাহসমূহৰ লগতে মিছন বসুন্ধৰা 2.0ত দেখা দিয়া সমস্যা দূৰ কৰিবৰ বাবে জনজাতি সংগঠন আৰু স্বায়ত্বশাসিত পৰিষদ সমূহৰ সৈতে মুখ্যমন্ত্ৰী পর্যায়ত শীঘ্ৰে এক আলোচনা অনুষ্ঠিত কৰা ৷

লগতে পঢ়ক: Wine shops in Assam : ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰৰ সুৰা ! ৭০০ খন নতুন সুৰাৰ বিপণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.