ETV Bharat / state

কি হ'ল অসম চুক্তিৰ ৬ নং দফা আয়োগৰ প্ৰতিবেদন : প্ৰশ্ন উপমন্যু হাজৰিকাৰ

author img

By

Published : Jun 13, 2020, 10:46 PM IST

Assam accord
Assam accord

যদি বাস্তৱিক ৰূপত অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰে তেন্তে ১৯৫১ চনৰ পাছত অহা প্ৰব্ৰজনকাৰীয়ে যি নাগৰিকত্ব লাভ কৰিলে(অসম চুক্তি আৰু CAA ৰ দ্বাৰা) তেওঁলোকে ১৯৫১ চনৰ পূৰ্বে বাস কৰা নাগৰিকৰ লগত ভূমি,চাকৰি,বেপাৰ বাণিজ্য,চৰকাৰী সুবিধা ,সম্পদ ইত্যাদিৰ ওপৰত সমঅধিকাৰ নাপায়।

গুৱাহাটী, ১৩ জুন : অসমত খিলঞ্জীয়াৰ দুৰ্দশা প্ৰত্যক্ষ ৰূপত প্ৰতিবিম্বিত কৰিছে অসম চুক্তিৰ ৬নং দফা আয়োগ আৰু প্ৰতিবেদনৰ অৱজ্ঞাৰ ঘটনাই । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত হাজৰিকাই কয় যে প্ৰতিবেদন দিয়া ৩ মাহ হৈ গ'ল কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো উমঘামেই নাই । এই ক্ষেত্ৰত আয়োগ গঠনটো কেৱল CAA প্ৰতিবাদক প্ৰতিৰোধ কৰিবলৈকে হে এটা যে ষড়যন্ত্ৰ সেয়া তথাকথিত খিলঞ্জীয়া চৰকাৰে স্পষ্ট ৰূপত প্ৰমাণ কৰিলে।

সাংবিধানিক ৰক্ষাকৱচৰ বাবে প্ৰথম খন আয়োগ গঠন কৰিছিল CAB আন্দোলনৰ সময়ত ২০১৮-১৯ চনত আৰু দ্বিতীয়খন আয়োগ গঠন কৰিলে CAA প্ৰণয়ন কৰাৰ পূৰ্বে আন্দোলন নস্যাৎ কৰিবলৈ। যদি বাস্তৱিক ৰূপত অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰে তেন্তে ১৯৫১ চনৰ পাছত অহা প্ৰব্ৰজনকাৰীয়ে যি নাগৰিকত্ব লাভ কৰিলে(অসম চুক্তি আৰু CAA ৰ দ্বাৰা) তেওঁলোকে ১৯৫১ চনৰ পূৰ্বে বাস কৰা নাগৰিকৰ লগত ভূমি,চাকৰি,বেপাৰ বাণিজ্য,চৰকাৰী সুবিধা ,সম্পদ ইত্যাদিৰ ওপৰত সমঅধিকাৰ নাপায়।

কি হ'ল অসম চুক্তিৰ ৬ নং দফা আয়োগৰ প্ৰতিবেদন

তেওঁ আৰু কয় যে, CAA প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কোনো আয়োগ গঠন নকৰাকৈ পোনপটীয়াকৈ চৰকাৰে আইন প্ৰণয়ন কৰিলে , ৬নং দফা ৰূপায়ন কৰিবলৈকো সংসদ আৰু বিধানসভাই সেই একে ধৰণেই আইন প্ৰণয়ন কৰিব পাৰিলেহেঁ‌তেন । তাকে নকৰি আয়োগ এখন গঠন কৰি প্ৰতিবেদন অৱজ্ঞা কৰাটোৱেই প্ৰমাণ কৰে সমগ্ৰ প্ৰক্ৰিয়াটো এখন নাটক । উল্লেখযোগ্য যে, তিনিজনকৈ আছুৰ শীর্ষ নেতা আয়োগৰ সদস্য আছিল ৷ কিন্তু প্ৰতিবেদন ৰাজহুৱা কৰা বা ৰূপায়ন কৰাক লৈ তেওঁলোকৰ কোনো প্ৰতিক্ৰিয়া নাই । আছুৱে এতিয়া পুনৰ CAA বিৰোধী আন্দোলন আৰম্ভ কৰাৰ আহ্বান জনাই আছে ।

কিন্তু ৬নং দফা ৰূপায়ণৰ বাবে আন্দোলনতো দূৰৰ কথা একো মাত মতা নাই। আছুৱে বিদেশী খেদাৰ দায়িত্ব ঠিকেই ল'লে । ক্ষমতা লোভী স্বাৰ্থপৰ নেতা উৎপন্ন কৰাৰ দায়িত্ব ঠিকে ল'লে । কিন্তু NRC ৰ বিফলতাৰ দায়িত্ব স্বীকাৰ নকৰিলে । সকলো খিলঞ্জীয়া নেতাৰ, ৰাজনৈতিক দলতেই হওক বা সংগঠনতেই হওক দৃষ্টি মাথোঁ ২০২১ চনৰ নিৰ্বাচন ! যাতে তেওঁলোকে সমষ্টি এটা লৈ নিৰ্বাচিত হৈ মন্ত্ৰী, মুখ্যমন্ত্ৰী হৈ চৰকাৰ গঠন কৰিব পাৰে । সেইকাৰণে বাংলাদেশী ভোটাৰ খিনিক অসন্তুষ্ট কৰিব নোখোজে।

অসম আন্দোলনৰ পৰা আজিলৈকে সকলো খিলঞ্জীয়া নেতাই খিলঞ্জীয়াৰ ভোটেৰে নিৰ্বাচিত হৈ বাংলাদেশীৰ ফালে হাত মেলে । কিয়নো তেওঁলোকে ভাবে যে বাংলাদেশীৰ সমৰ্থন নহ'লে মন্ত্ৰী, মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। যদি প্ৰকৃততে অসম চুক্তিৰ ৬নং দফা ৰূপায়ন কৰা হয় তেন্তে NRC ৰ বিফলতা আৰু CAA ৰ দ্বাৰা প্ৰদান কৰা নাগৰিকৰ বোজা সম্পূৰ্ণ ৰূপে প্ৰতিৰোধ কৰিব পাৰিব আৰু অসমখনক চুবুৰীয়া ৰাজ্য অৰুণাচল,মেঘালয়, মিজোৰাম,নাগালেণ্ডৰ দৰে থলুৱা লোকৰ বাবে সুৰক্ষিত কৰিব পাৰিব।

লগতে পঢ়ক :

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.