ETV Bharat / state

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ এ ইলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Aug 18, 2022, 7:24 PM IST

চাবাহাৰ বন্দৰ ভ্ৰমণৰ লগতে ইৰাণৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰিব সোণোৱালে (Sarbananda Sonowal will attend bilateral meeting with Iranian ministers)। চাবাহাৰ হৈ আন্তঃৰাষ্ট্ৰীয় উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰৰ উন্নত ব্যৱহাৰৰ জৰিয়তে ভাৰতৰ বাবে বাণিজ্যৰ নতুন সুযোগ-সম্ভাৱনাৰ পথ প্ৰশস্ত হ'ব।

Union minister Sarbananda Sonowal on three day official visit to Iran and UAE
তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ এ ইলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ১৮ আগষ্ট: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ এ ইলৈ ৰাওনা হৈছে (Union minister Sarbananda Sonowal three day official visit to Iran and UAE)। এই ভ্ৰমণকালত সোণোৱালে ইৰাণৰ চাবাহাৰৰ শ্বহীদ বেহেস্তী বন্দৰ আৰু ইউ এ ইৰ জেবেল আলী বন্দৰ মূখ্যতঃ পৰিদৰ্শন কৰিব।

চাবাহাৰ বন্দৰ হৈছে ভাৰতৰ প্ৰথম বিদেশী বন্দৰ প্ৰকল্প। চাবাহাৰ বন্দৰ প্ৰকল্পৰ বিকাশৰ সৈতে ভাৰতৰ সন্মান আৰু বাণিজ্যৰ বহু গুৰুত্বপূৰ্ণ দিশ জড়িত হৈ আছে। ক'ভিড-১৯ মহামাৰীৰ ফলত ভাৰত আৰু ইৰাণৰ মাজত কম সংখ্যক পাৰস্পৰিক ভ্ৰমণ অনুষ্ঠিত হৈছিল । সেয়েহে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পৰ্যায়ৰ এই গুৰুত্বপূৰ্ণ ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক আৰু সামুদ্ৰিক সম্পর্কক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে ইউৰোপ, ৰাছিয়া আৰু চি আই এছ দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰৱেশদ্বাৰ হিচাপে চাবাহাৰৰ গুৰুত্বক ত্বৰান্বিত কৰিব।

সৰ্বানন্দ সোণোৱালে ইৰাণ চৰকাৰৰ পথ আৰু নগৰ উন্নয়ন আৰু স্বাস্থ্য আৰু চিকিৎসা শিক্ষা মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব (Sarbananda Sonowal will attend bilateral meeting with Iranian ministers) । এই ভ্ৰমণকালত ভাৰত চৰকাৰ আৰু ইৰাণ চৰকাৰৰ মাজত সীমাহীন ভ্ৰমণত নাবিকৰ দক্ষতাৰ প্ৰমাণপত্ৰৰ পাৰস্পৰিক স্বীকৃতি সম্পৰ্কীয় বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে । তদুপৰি এই ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেহৰানস্থিত চি আই এছ দেশসমূহৰ ৰাষ্ট্ৰদূতসকলক সাক্ষাৎ কৰিব।

সোণোৱালে লগতে ইউ এ ইৰ জেবেল আলী বন্দৰো ভ্ৰমণ কৰিব আৰু এই ভ্ৰমণকালত প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও বৈঠকত মিলিত হ'ব । ইউ এ ইত জাহাজ তথা মালবাহী কোম্পানীৰ মুৰব্বীসকলৰ সৈতে ঘূৰণীয়া মেজমেলত তেওঁ অংশ গ্ৰহণ কৰিব । ভাৰত চৰকাৰৰ এগৰাকী আগশাৰীৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ভ্ৰমণ কাৰ্যসূচী মধ্য এছিয়াৰ দেশৰ সৈতে ভাৰতৰ পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত অতি গুৰুত্বপূৰ্ণ আৰু সময়োচিত বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক: চাইকেলেৰে ভাৰত ভ্ৰমণ কৰি মৰাণ পালেহি পশ্চিমবংগৰ মাধাই পাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.