ETV Bharat / state

উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু অৰ্থনৈতিক পুনৰুত্থান সম্ভৱ হৈছে: সৰ্বানন্দ সোণোৱাল

author img

By

Published : Jun 8, 2022, 9:46 PM IST

অৰুণাচলৰ ইটানগৰস্থিত আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শনৰ পিছত সংবাদমেল সম্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal visited Itanagar)। এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ যাত্ৰাত নৰেন্দ্ৰ মোডীৰ সৈতে চামিল হ'বলৈ অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান । উত্তৰ-পূৱত যাতায়াত-যোগাযোগ ব্যৱস্থাৰ অভূতপূৰ্ব উন্নয়নে অঞ্চলটোক ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে কাম কৰিবলৈ শক্তি প্ৰদান কৰিছে । অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নত যাতায়াত-যোগাযোগ ব্যৱস্থাই পৰ্যটনৰ বিশাল সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে ।

Sarbananda Sonowal visited Itanagar
আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ৮ জুন : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ-পূৱ ভাৰতৰ উন্নতিৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে দেখুওৱা সদিচ্ছা, দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিৰ ফলতে অঞ্চলটোত স্থায়ী শান্তি আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে ।

ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে সমগ্ৰ উত্তৰ-পূৱৰ লগতে অৰুণাচল প্ৰদেশেও অগ্ৰণী ভূমিকা লোৱাত গুৰুত্ব আৰোপ কৰে সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচলৰ ইটানগৰস্থিত আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (আৰএআৰআই) পৰিদৰ্শন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে (Union minister Sarbananda Sonowal in Itanagar)।

Sarbananda Sonowal visited Itanagar
নাহৰ লগুন ৰে'ল ষ্টেচন দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উচ্চপদস্থ বিষয়াবৰ্গ আৰু স্থানীয় নাগৰিকসকলৰ সৈতে প্ৰতিষ্ঠানখনৰ প্ৰাংগণত এক স্বচ্ছতা অনুষ্ঠানতো অংশগ্ৰহণ কৰে (Sarbananda Sonowal visited Itanagar)। ২০১৪ চনত শাসনলৈ অহাৰ পিছত মোডী চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী নীতিৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে, দেশবাসীৰ অতিকৈ প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' নীতিৰ দ্বাৰা প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ দিশত অহৰহ কাম কৰি আছে ।

Sarbananda Sonowal visited Itanagar
ইটানগৰস্থিত আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শনৰ

অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ অধীনত ২.২০ লাখৰো অধিক গ্ৰাম্য পৰিয়ালে নলৰ পানীৰ সংযোগ লাভ কৰিছে । একেদৰে অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩৪,৫০০ তকৈও অধিক ঘৰ সম্পূৰ্ণ হৈছে । ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ-পূৱৰ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, বিগত আঠটা বছৰত মোডীৰ বলিষ্ঠ নেতৃত্বত উত্তৰ-পূৱত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট সুচল আৰু উন্নত হৈছে ।

লগতে পঢ়ক : 15 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত ৰে’ল চলাচলৰ সম্ভাৱনা

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আন্তঃৰাজ্যিক আৰু আন্তঃ-আঞ্চলিক সংযোগ গঢ়ি তোলাত দিয়া গুৰুত্বই ল'জিষ্টিক আৰু পৰিবহণৰ ক্ষেত্ৰত সংযোগ বৃদ্ধি কৰিছে । অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত প্ৰথম বাণিজ্যিক বিমান চলাচল সমগ্ৰ অঞ্চলটোৰ বাবে এক বৃহৎ পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে ।

Sarbananda Sonowal visited Itanagar
চাফাই অভিযান

দিল্লীলৈ পোনপটীয়া ৰে'ল চলাচলৰ দ্বাৰা নাহৰ লগুন ৰে'ল ষ্টেচন দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হৈছে । ব্ৰহ্মপুত্ৰৰ ওপৰত দীর্ঘদিন ধৰি স্থবিৰ হৈ থকা বগীবিল দলং আৰু ধলা-শদিয়া দলঙৰ দৰে বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্প বাস্তৱায়িত হৈছে, ইম্ফল-জিৰিবাম লাইনত বিশ্বৰ আটাইতকৈ ওখ গিৰ্ডাৰ ৰে'ল দলং (World tallest Girder rail bridge built) নিৰ্মাণৰ কাম চলি আছে ৷

অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৱত বিভিন্ন পথৰ নিৰ্মাণ হৈছে, অঞ্চলটোৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক সম্ভাৱনা বৃদ্ধিৰ বাবে জলপথ পৰিবহণ পুনৰ বৃদ্ধি কৰা হৈছে বুলি তেওঁ কয় । তদুপৰি তেওঁ কয় যে, অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৱ ভাৰতত পৰ্যটনৰ বিশাল সম্ভাৱনা নিহিত হৈ আছে ।

Sarbananda Sonowal visited Itanagar
আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰি আছে । অঞ্চলটোত ঔষধি উদ্ভিদৰ সমৃদ্ধ বৈচিত্ৰই আয়ুষ খণ্ডত বিশাল সম্ভাৱনা কঢ়িয়াই অনাত সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.