ETV Bharat / state

জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Oct 2, 2022, 9:33 PM IST

Etv BharatGandhi Jayanti 2022
জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

গান্ধীজীৰ আত্মনিৰ্ভৰ ভাৰতৰ সপোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পূৰণ হোৱাৰ দিশত আগবাঢ়িছে (Gandhi Jayanti 2022) ৷ ভাৰতবৰ্ষক এখন ৰাম ৰাজ্যৰ ৰূপত চাবলৈ বিচৰা মহাত্মাৰ সপোন প্ৰধানমন্ত্ৰী মোডীৰ দিনত সাকাৰ হ’বলৈ ধৰিছে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

গুৱাহাটী, ২ অক্টোবৰ : আজি গান্ধী জয়ন্তী (Gandhi Jayanti 2022) উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘‘ভোকেল ফৰ লোকেল’’ শ্ল’গানৰ প্ৰতীক হিচাপে গান্ধীজীৰ পৰম আদৰৰ খাদী বস্ত্ৰ বিতৰণ কৰে ।

এই বৰ্ষৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলি থকা সেৱা পখৱাড়া অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰৰ লোকে অংশগ্ৰহণ কৰি বৃক্ষৰোপণ, ৰক্তদান, স্বাস্থ্যসেৱা শিবিৰ আদিৰ জৰিয়তে ভাৰতক সমৃদ্ধিশালী কৰি তুলিবলৈ চেষ্টা কৰিছে । ইয়াৰ ফলত এখন নতুন উন্নত ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে আটায়ে অনুপ্ৰেৰণা লাভ কৰিছে (Sarbananda Pays Tributes to Father of The Nation) ।

অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আজি গান্ধী জয়ন্তীৰ (Birth Anniversary of Mahatma Gandhi) শুভ ক্ষণত সমূহ মানৱ জাতিৰ লগতে আমিও পৰম ভক্তিৰে গান্ধীজীৰ প্ৰতি গভীৰ প্ৰাৰ্থনা আৰু শ্ৰদ্ধাঞ্জলি আগবঢ়ালো । আমি সকলোৱে দেশৰ প্ৰতি সমৰ্পিত আৰু দায়বদ্ধ হৈ ভাৰতক অধিক শক্তিশালী কৰিবলৈ বাপুজীৰ পৰা আশীৰ্বাদ বিচাৰিছো’’ ।

লগতে পঢ়ক : হাফলঙত জাতিৰ পিতাৰ মমৰ মূৰ্তি উন্মোচন ৰাজ্যপালৰ

লগতে তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী মোডীজীৰ গতিশীল নেতৃত্বত আমি এই মহান উদ্দেশ্যত আত্মনিৱেশ কৰিব লাগিব । এই ক্ষেত্ৰত ইতিমধ্যে ৰক্তদান, বৃক্ষৰোপণ আদি কাৰ্যসূচীত অংশগ্ৰহণ কৰি সেৱা পখৱাড়া অভিযান সুতীব্ৰ কৰি তোলা দেশবাসীৰ লগত আমিও লগ হ’ব লাগিব । বাপুজীয়ে সদায় মানুহক আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰাণিত কৰিছিল’’ ।

আনকি, ‘‘প্ৰধানমন্ত্ৰী মোডীয়েও সদায় আমাৰ দেশৰ সম্পদ-সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি ভাৰতক এখন আত্মনিৰ্ভৰশীল দেশ ৰূপে গঢ়ি তুলিবলৈ বিচাৰে । সেয়েহে নিজৰ দেশৰ লগতে বিশ্বজুৰি এক ইতিবাচক পৰিৱেশ গঢ়ি তুলিবলৈ আমি একেলগে কাম কৰিব লাগিব’’ বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে তেওঁ ‘স্বচ্ছতাই সেৱা’ আহ্বান অনুসৰি সকলোৱে দেশ আৰু মানৱ জাতিৰ সেৱা কৰিব লাগিব বুলিও সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘‘মোডীজীৰ দায়বদ্ধ তথা নিষ্ঠাবান প্ৰচেষ্টাৰ বলতে দেশখনক ৰামৰাজ্যৰ ৰূপত চাবলৈ বিচৰা বাপুজীৰ সপোনে বাস্তৱ ৰূপ পাবলৈ ধৰিছে । তেখেতৰ এই সৎ প্ৰচেষ্টাৰ সমগ্ৰ ৰাইজ সাক্ষী হৈ পৰিছে । সেয়েহে ম‌ই এখন শক্তিশালী, স্বতন্ত্ৰ আৰু গৌৰৱময় ভাৰত গঠনৰ এই মহান কাৰ্যত সকলোকে যোগদান কৰিবলৈ আহ্বান জনাইছো’’ ।

ইফালে মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগনৰ উদ্যানত থকা গান্ধীজীৰ প্ৰতিমূৰ্তিত অতিৰিক্ত উপায়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই মাল্যাৰ্পন কৰি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰে ‌(Gandhi Jayanti celebrate in Hojai)। লগতে নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰপি আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ আন কৰ্মচাৰীসকলেও গান্ধীজীৰ চৰণত পুষ্পাঞ্জলি অৰ্পন কৰে । ইয়াৰ পিছতে অতিৰিক্ত উপায়ুক্তই গান্ধীজীৰ জীৱন আৰু আদৰ্শৰ বিষয়ে চমুকৈ বক্তব্য দাঙি ধৰে ৷

লগতে পঢ়ক : মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী মণ্ডপত উদযাপন গান্ধী জয়ন্তী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.