হাফলঙত জাতিৰ পিতাৰ মমৰ মূৰ্তি উন্মোচন ৰাজ্যপালৰ

author img

By

Published : Oct 2, 2022, 2:22 PM IST

Mahatma Gandhis wax statue unveile dat Halflong

হাফলঙত দেওবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ মমৰ মূৰ্তি উন্মোচন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে (Mahatma Gandhi wax statue at Haflong) । মহাত্মা গান্ধীৰ জন্মজয়ন্তীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সচিবালয়ৰ সন্মুখত মূৰ্তিটো উন্মোচন কৰা হয় ।

ডিমা হাছাও, ২ অক্টোবৰ: পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত দেওবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ মমৰ মূৰ্তি উন্মোচন কৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে (Governor Prof Jagdish Mukhi)। মহাত্মা গান্ধীৰ জন্মজয়ন্তীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ (North Cachar Hills Autonomous Council)সচিবালয়ৰ সন্মুখত মূৰ্তিটো উন্মোচন কৰি ৰাজ্যপাল মুখীয়ে কয়, ‘‘অহিংসাৰ পূজাৰী আছিল বাপুজী । অহিংসাৰ জৰিয়তেই সকলো সমস্যাৰ সমাধান সম্ভৱ’’ । সকলোকে বাপুজীৰ পথ অনুসৰণ কৰাৰ আহ্বান জনায় ৰাজ্যপাল জগদীশ মুখীয়ে ।

উল্লেখ্য় যে, দুদিনীয়া ভ্ৰমণসূচীৰে হাফলঙত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ চাৰ্কিট হাউছত জিলা প্ৰশাসনৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ, আৰক্ষী প্ৰশাসনৰ উপস্থিতিত পাহৰীয়া জিলাখনত চলি থকা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ বুজ লয় ৰাজ্যপালগৰাকীয়ে । ইয়াৰ পিছতে বিভিন্ন ধৰ্মীয় সংগঠন, জাতি-জনগোষ্ঠীৰ সংগঠন, সামাজিক সংগঠন আৰু ছাত্ৰ সংগঠনৰ লগতে বৈঠকত মিলিত হৈ জিলাখনৰ জ্বলন্ত সমস্যাসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰে ৰাজ্যপালগৰাকীয়ে ।

হাফলঙত জাতিৰ পিতাৰ মমৰ মূৰ্তি উন্মোচন ৰাজ্যপালৰ

ইপিনে, হাফলং চাৰ্কিট হাউছত ৰাজ্যপাল অধ্যাপক মুখীয়ে এখন সংবাদমেল সম্বোধন কৰি জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ প্ৰশংসা কৰে । তেওঁ সংবাদমেলত ডিমা হাছাও জিলাৰ মাজেৰে নিৰ্মানৰত শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰ (Silchar এaurastra east west corridor) নিৰ্মাণকাৰ্য শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ(Transport minister Nitin Gadkari) লগতে আলোচনা কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:অৱশেষত উদ্ধাৰ হ’ল ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.