মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী মণ্ডপত উদযাপন গান্ধী জয়ন্তী

author img

By

Published : Oct 2, 2022, 5:10 PM IST

Gandhi Jayanti celebrate in Guwahati

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত উদযাপন কৰা হয় জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী (Gandhi Jayanti celebrate in Guwahati) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী অশোক সিংঘাল, মেয়ৰ মৃগেণ শৰণীয়াৰ লগতে কেবাগৰাকীও চৰাকী বিষয়া কৰ্মচাৰী ৷

গুৱাহাটী, ২ অক্টোবৰ : আজি গান্ধী জয়ন্তী (Gandhi Jayanti 2022) ৷ দেশ তথা ৰাজ্যজুৰি স্মৰণ কৰা হৈছে জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীক ৷ সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীটো আজি অৰ্থাৎ দেওবাৰে গান্ধী জয়ন্তী উদযাপন কৰা হয় (Gandhi Jayanti celebrate in Guwahati) ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত উদযাপন কৰা হয় জাতিৰ পিতা মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী (Birth Anniversary of Mahatma Gandhi) ৷ এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত উপস্থিত হৈ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে গান্ধী মণ্ডপত পুনৰ নিৰ্মাণ কৰা সংগ্ৰহালয়টো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘আজিৰ পবিত্ৰ দিনটোত শান্তি আৰু অহিংসাৰ পূজাৰি মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি সমগ্ৰ অসমবাসীৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছো । বহু দিনৰ পৰা গুৱাহাটীৰ শৰণীয়া পাহাৰৰ গান্ধী মণ্ডপটি এলাগী হৈ পৰি আছিল । কেৱল গান্ধী জয়ন্তীৰ দিনটোত দৰ্শনাৰ্থী আহিব পৰা ব্যৱস্থা কৰা হৈছিল । কিন্তু এতিয়া সকলো সময়তে আহিব পৰাকৈ সুবিধা কৰা হৈছে’’ ৷

লগতে পঢ়ক : হাফলঙত জাতিৰ পিতাৰ মমৰ মূৰ্তি উন্মোচন ৰাজ্যপালৰ

লগতে তেওঁ আজি এটা প্ৰাপ্তিৰ দিন বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ৷ উল্লেখ্য যে, শনিবাৰে অসমৰ প্ৰথম হলগ্ৰাফি লাইট এণ্ড চাউণ্ড শ্ব’ গান্ধী মণ্ডপত উদ্বোধন কৰা হয় (Assam's first holography light and sound show inaugurated at Gandhi Mandap)। লাইট এণ্ড চাউণ্ড শ্বত অসমৰ বুৰঞ্জী, স্বাধীনতা আন্দোলনত অসমৰ সাহসী ভূমিকা আদি সকলোবোৰ দিশবোৰ সুন্দৰকৈ বৰ্ণনা কৰিবলৈ সক্ষম হৈছে ।

মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গান্ধী মণ্ডপত উদযাপন গান্ধী জয়ন্তী

তদুপৰি গান্ধী মণ্ডপৰ ভিতৰত টি ভি শ্বৰ ব্যৱস্থা কৰা হৈছে । গান্ধীমণ্ডপত 3D শ্ব কৰাৰ পৰিকল্পনা কৰাৰ লগতে ভিউ পইন্ট, পাৰ্কিংঙৰ ব্যৱস্থা, সৰু ল’ৰা-ছোৱালীৰ বাবে খেলা সামগ্ৰীও ৰখা হ’ব । যাতে দৰ্শনাৰ্থীয়ে গান্ধীমণ্ডপলৈ আহি দিনটো উপভোগ কৰিব পাৰে ।

আনহাতে, এনেধৰণৰ পৰিকল্পনা গীতা মন্দিৰতো কৰা হৈছে ৷ অহা এবছৰৰ ভিতৰত তাৰ কাম সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । দেওবাৰে মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ আগবঢ়ায় ৷

উক্ত অনুষ্ঠানটোত মুখ্যমন্ত্ৰৰীগৰাকীৰ লগতে উপস্থিত থাকে সাংসদ কুইন ওজা, মন্ত্ৰী অশোক সিংঘাল, মেয়ৰ মৃগেণ শৰণীয়াকে ধৰি কেইবাগৰাকী চৰাকী বিষয়া কৰ্মচাৰী ।

লগতে পঢ়ক : গান্ধী জয়ন্তী উপলক্ষে চন্দ্ৰপুৰত মাৰাথন প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.