ETV Bharat / state

ডিজিপিক প্ৰত্যুত্তৰ; ডিৰাক-জয়সাগৰৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 1:18 PM IST

ডিৰাক আৰু জয়সাগৰৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ ৷ ডিজিপি জিপি সিঙৰ বক্তব্যৰ প্ৰত্যুত্তৰ পৰেশ বৰুৱাৰ !

ULFA(I) claims responsibility for Joysagar blast
জয়সাগৰৰ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা(স্বা)ৰ

গুৱাহাটী, ১০ ডিচেম্বৰ : আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰত্যুত্তৰ দিবলৈকে আলফা স্বাধীনে শেহতীয়াকৈ দুটাকৈ বিস্ফোৰণ ঘটাইছে ৷ এই দাবী কৰিছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে । কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলি সেনা চাউনী আৰু শনিবাৰে শিৱসাগৰৰ জয়সাগৰৰ CRPF কেম্পৰ সমীপত হোৱা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে । এই সন্দৰ্ভত দেওবাৰে পুৱা এক বিবৃতি প্ৰেৰণ কৰে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ।

এই বিবৃতিযোগে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক প্ৰধানত লক্ষ্য কৰি লয় সংগঠনটোৱে । আলফা স্বাধীনে কয় যে দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োৱা বক্তব্যৰ প্ৰতিক্ৰিয়া মাথোঁ । বিবৃতিটোত আলফা স্বাধীনে কয়, ‘সংযুক্ত মুক্তি বাহিনী, অসম(স্বা) সংগঠনৰ দ্বাৰা যোৱা ইংৰাজী ২২ নৱেম্বৰ ২০২৩ তাৰিখৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলীস্থিত ভাৰতীয় সেনা বাহিনীৰ ১৯ নং গ্ৰেনেডিয়াৰ শিবিৰৰ সন্মুখত আৰু কালি সন্ধিয়া শিৱসাগৰৰ জয়সাগৰস্থিত CRPF ৰ ১৪৯ নং বেটালিয়নৰ দ্বিতীয়টো শিবিৰত দুটাকৈ সামৰিক অভিযান চলোৱা হয়’’ ৷

লগতে পঢ়ক : গেলামালৰ দোকানলৈ গ্ৰেণেড নিক্ষেপ দুষ্কৃতিকাৰীৰ, CCTV কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

লগতে তেওঁ কয়, “অসম আৰক্ষীৰ সৈতে আমাৰ কোনো বৈৰী ভাব নাই ৷ যিহেতু তেখেত সকলো অসমী জননীৰ সতি-সন্ততি ৷ সেই সুবাদতেই তেখেত সকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু স্নেহ আছে ৷ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই জি পি সিঙৰ দৰে অহংভাৱ প্ৰকাশ কৰি বিভাগটোৰ ব্যক্তিগতকৰণ কৰা নাছিল’’ ৷

“কিন্তু জি পি সিঙে অসম আৰক্ষীক তেওঁৰ পৈত্তিক সম্পত্তি দৰে ব্যৱহাৰ কৰি যি দাম্ভিকতাৰ পৰিচয় দিছে ৷ সিয়ে অসম আৰক্ষীত কৰ্মৰত বিষয়া/সদস্যসকলৰ আত্মাভিমানত আঘাত দিছে ৷ লগতে তেওঁৰ এই দাম্ভিকতা অসমৰ থলগিৰিৰ বাবেও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷” বিবৃতিটো উল্লেখ কৰে ৰুমেল অসমে ৷

“সেয়েহে উক্ত দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োৱা দাম্ভিকতা বক্তব্যৰ প্ৰতিক্ৰিয়া মাথোঁ ৷ ইয়াৰ দ্বাৰা জি পি সিঙে উপলব্ধি কৰা প্ৰয়োজন যে সংযুক্ত মুক্তি বাহিনী, অসম(স্বা)” সংগঠনৰ সদস্যই যিকোনো স্থানতেই সামৰি অভিযান ৰূপায়ণ কৰিব পাৰে আৰু অসম আৰক্ষীক তেওঁৰ ব্যক্তিগত সম্পত্তিৰূপে ব্যৱহাৰ কৰি থাকিলে এনে অভিযান আগলৈও চলি থাকিব ৷” বিবৃতিটো উল্লেখ আছে ৷

মন কৰিবলগীয়া যে, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে পৰেশ বৰুৱা আৰু আলফা প্ৰসংগত যোৱা কিছুদিন ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য তথা আহ্বান জনাই আহিছে । আলফাৰ ম্যানমাৰৰ শিবিৰত থলগিৰি লোকৰ মৃত্যু প্ৰসংগত কঠোৰ সমালোচনা কৰাৰ লগতে আলফালৈ যোৱা যুৱকসকলৰ প্ৰতিও ঘৰলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনাই আহিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

লগতে পঢ়ক : জয়সাগৰৰ চি আৰ পি এফ শিবিৰৰ কাষত ৰহস্যজনক বিস্ফোৰণৰ শব্দ, আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.