ETV Bharat / state

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে ৰাজনৈতিকভাৱে আহোমক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ; টাইপা

author img

By

Published : Jul 10, 2023, 6:00 PM IST

TYPA Press Meet against Constituency Delimitation
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত সংবাদমেল

গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদৰ নেতৃবৰ্গই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে ৰাজনৈতিক ভাৱে আহোমক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰে বুলি মন্তব্য কৰিছে টাইপাৰ সভাপতি চাও বিজয় ৰাজকোঁৱৰে ৷

টাই আহোম যুৱ পৰিষদৰ সংবাদমেল

গুৱাহাটী, 10 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে ৰাজনৈতিক ভাৱে আহোমক নিঃশেষ কৰিবলৈ উঠি পৰি লাগিছে চৰকাৰ ৷ এনে খচৰা মানি লোৱা নহ’ব ৷ এই মন্তব্য টাই আহোম যুৱ পৰিষদ, অসমৰ সভাপতি চাও বিজয় ৰাজকোঁৱৰৰ ৷

2001 চনৰ লোকপিয়ল মতে নহয়; 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দাবী কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদৰ নেতৃবৰ্গই ৷ সংগঠনটোৰ সভাপতি বিজয়ম ৰাজকোঁৱৰে সংবাদমেলত কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ জৰিয়তে অসমীয়া লোকৰ ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে নে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ভাৱে মানদণ্ড নিম্নগামী কৰিব বিচাৰিছে ৷ অ-খিলঞ্জীয়া লোকক গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ স্বাৰ্থত বিজেপি চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে খিলজ্ঞীয়া বিৰোধী স্থিতি লৈ আহিছে বুলি মন্তব্য কৰে নেতাজনে ৷

লগতে 2001 চনৰ লোকপিয়ল অনুসৰি প্ৰস্তুত কৰা খচৰাৰ বিৰোধীতা কৰি 2011 চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সংবাদমেলযোগে দাবী জনায় সংগঠনটোৱে ৷ তদুপৰি এন আৰ চিৰ শুদ্ধতা প্ৰতিষ্ঠা নহোৱাকৈ প্ৰস্তুত কৰা খচৰাৰ বিৰোধীতা কৰি যাম বুলিও মন্তব্য কৰে সংগঠনটোৰ সভাপতি গৰাকীয়ে ৷

তেওঁ সংবাদমেলত খিলঞ্জীয়া অধ্যুষিত সমষ্টি লাহোৱাল আৰু আমগুৰি সমষ্টি কৰ্তনৰ বিৰোধিতা কৰি এই দুটা সমষ্টি কৰ্তন নকৰিবলৈ দাবী জনায় ৷ লগতে 6 জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত সৰৱ হৈ টাইপাৰ সভাপতিগৰাকীয়ে কয় যে, প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ নামত প্ৰতাৰণা কৰি আহিছে ৷ এই প্ৰতাৰণাত স্তব্ধ হৈ পৰিছে আহোম সকল ৷ প্ৰথমে জনজাতিৰ মৰ্যদা প্ৰদান কৰক তাৰ পিছত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰক বুলি দাবী জনায় তেওঁ ৷ আনহাতে সংবাদমেলত শদিয়াৰ পৰা গুৱাহাটীলৈ পৃথক আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈও দাবী জনায় সংগঠটোৰ নেতৃবৰ্গই ৷

লগতে পঢ়ক: TMC Candidates in Rajya Sabha Polls : সুস্মিতাৰ আশা ভংগ; তৃণমূলে নিদিলে ৰাজ্যসভাৰ টিকট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.